শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শোকাৱহ! বিদ্যালয়ৰ খেলপথাৰত ফুটবল খেলি থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু তিনি বছৰীয়া শিশুৰ

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটি ৩ বছৰীয়া শিশুৱে বিদ্যালয়ত সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে হাৰ্ট এটেকত আক্ৰান্ত হয়। তেওঁক লগে লগে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কিছু সময়ৰ পিছতে শিশুটিৰ মৃত্যু হয়। চিকিৎসকে শিশুটিৰ মৃত্যুৰ কাৰণ প্ৰকাশ কৰাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

শোকাৱহ! বিদ্যালয়ৰ খেলপথাৰত ফুটবল খেলি থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু তিনি বছৰীয়া শিশুৰ
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 15 Sep 2024 14:58 PM

বিগত কিছু বছৰৰ পৰা দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা। বিশেষকৈ ক’ভিডৰ পিছত এনে ঘটনা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেৱল বয়সষ্ঠ লোকসকলেই নহয়, বহু যুৱক যুৱতীও চিকাৰ হৈছে হাৰ্ট এটেকৰ। আশ্চৰ্যকৰভাৱে নিচেই কম বয়সীয়া শিশুও বিগত সময়ছোৱাত হাৰ্ট এটেকৰ বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে এনে এক ঘটনা। হাৰ্ট এটেকৰ ফলত প্ৰাণ হেৰুৱাইছে এটি তিনি বছৰীয়া কন্যা শিশুৱে। বিদ্যালয়ৰ খেলপথাৰত সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে হাৰ্ট এটেক আহে শিশুটিৰ আৰু পিছত চিকিৎসালয়ত শিশুটিৰ মৃত্যু ঘটে।

চিকিৎসকে শিশুটিৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত প্ৰকাশ কৰাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, তিনি বছৰীয়া কন্যা শিশুটিয়ে বিদ্যালয়ৰ খেলপথাৰত সমনীয়া ছাত্ৰ ছাত্ৰীসকলৰ সৈতে খেলিবলৈ গৈছিল। খেলি থাকোঁতে হঠাৎ বুকুত বিষ অনুভৱ কৰি অচেতন হৈ পৰে শিশুটি।

বিদ্যালয়খনৰ অধ্যক্ষই এই খবৰ লাভ কৰাৰ লগে লগে শিশুটিক সমীপৰ ফাতিমা হাস্পতাল নামৰ এখন চিকিৎসালয়লৈ লৈ যায়। ইফালে শিশুটিৰ পৰিয়ালৰ লোকে যেতিয়া তেওঁলোকৰ সন্তানক ফাতিমা হাস্পতালত ভৰ্তি কৰাৰ তথ্য লাভ কৰে, তেতিয়া পৰিয়ালৰ লোকসকলো খৰখেদাকৈ চিকিৎসালয়খনত উপস্থিত হয়। পিছে কিছু সময় পিছতে শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

এনে অৱস্থাত চিকিৎসকসকলৰ যথেষ্ট চেষ্টাৰ পিছতো শিশুটিৰ প্ৰাণ ৰক্ষা কৰা সম্ভৱ নহ’ল আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এনে হৃদয় বিদাৰক খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়ালৰ লোকসকল। সন্তানৰ অকাল মৃত্যুত পৰিয়ালৰ সকলো লোক স্তম্ভিত হৈ পৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, শিশুটি পূৰ্বৰে পৰা অসুস্থ হৈ আছিল।

কিন্তু তাৰ পিছতো পৰিয়ালৰ লোকসকলে বিদ্যালয়খনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সন্তানৰ অকাল মৃত্যুৰ পিছতে পৰিয়ালৰ লোকসকলে চিকিৎসকক তেওঁৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত সোধা-পোছা কৰে। যেতিয়া চিকিৎসকে শিশুটিৰ মৃত্যুৰ কাৰণ সম্পৰ্কে পৰিয়ালক প্ৰকাশ কৰে তেতিয়া সকলোৱে স্তম্ভিত হৈ পৰে আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ বিৰুদ্ধে স্থানীয় আৰক্ষীৰ ওচৰত অৱহেলাৰ অভিযোগ দাখিল কৰে।

ইফালে পৰিয়ালৰ এই অভিযোগ সন্দৰ্ভত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে শিশুটিৰ পৰিয়ালৰ লোসকলে উত্থাপন কৰা এনে অভিযোগ ভিত্তিহীন। তেওঁ কয় যে শিশুটিৰ স্বাস্থ্য পূৰ্বৰে পৰা ভাল নাছিল আৰু এনে কাৰণতে শিশুটি হাৰ্ট এটেকত আক্ৰান্ত হৈছিল।