শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজধানী দিল্লীত ভয়াৱহ কাণ্ডঃ কলেজলৈ যোৱাৰ সময়তে ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ তিনি দুৰ্বৃত্তৰ

এই আক্ৰমণ সংঘটিত কৰা মূল অভিযুক্তগৰাকীয়ে বিগত প্ৰায় এমাহ ধৰি ছাত্ৰীগৰাকীৰ পিছ লৈছিল বুলি জানিব পৰা গৈছে। দুই বন্ধুৰ সৈতে কালি এনে বৰ্বৰ কাণ্ড সংঘটিত কৰে যুৱকজনে। আক্ৰমণৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে তিনিওজন লোকে।

ৰাজধানী দিল্লীত ভয়াৱহ কাণ্ডঃ কলেজলৈ যোৱাৰ সময়তে ছাত্ৰীৰ ওপৰত এচিড আক্ৰমণ তিনি দুৰ্বৃত্তৰ
সম্প্ৰতি চিকিৎসাধীন ছাত্ৰীগৰাকীImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 27 Oct 2025 11:33 AM

এক ভয়ংকই এচিড আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে দেশৰ ৰাজধানী দিল্লী। দুৰ্বৃত্তৰ এচিড আক্ৰমণৰ বলি হৈছে এগৰাকী কলেজীয়া ছাত্ৰী। এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে ভুক্তভোগী ছাত্ৰীগৰাকী। কলেজলৈ গৈ থকাৰ সময়তে ছাত্ৰীগৰাকীৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলায় বাইক আৰোহী তিনি দুৰ্বৃত্তই আৰু আক্ৰমণ সংঘটিত কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত দুৰ্বৃত্ত কেইজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে।

প্ৰকাশিত খবৰ অনুসৰি, দেওবাৰে দিল্লীৰ অশোক বিহাৰ অঞ্চলৰ লক্ষ্মী বাই মহাবিদ্যালয়ৰ সমীপত এনে বৰ্বৰ আক্ৰমণৰ বলি হয় ২০ বৰ্ষীয় এগৰাকী ছাত্ৰী। এই আক্ৰমণ সংঘটিত কৰা মূল অভিযুক্তগৰাকীয়ে বিগত প্ৰায় এমাহ ধৰি ছাত্ৰীগৰাকীৰ পিছ লৈছিল বুলি জানিব পৰা গৈছে। দুই বন্ধুৰ সৈতে কালি এনে বৰ্বৰ কাণ্ড সংঘটিত কৰে যুৱকজনে।

কি হৈছিল ঘটনা

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকী পুৱা অতিৰিক্ত ক্লাছৰ বাবে কলেজলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। ছাত্ৰীগৰাকী কলেজ অভিমুখে গৈ থকাৰ সময়তে অভিযুক্ত আৰু তেওঁৰ সংগী দুজনে বাইকেৰে আহি সেই স্থানত উপস্থিত হয় আৰু ছাত্ৰীগৰাকীক ৰখাই এচিড নিক্ষেপ কৰে।

এই বৰ্বৰ কাণ্ডৰ মূল অভিযুক্তক জিতেন্দ্ৰ আৰু তেওঁক সংগ দিয়া আন দুই অভিযুক্তক ঈশান আৰু অৰমান বুলি চিনাক্ত কৰা হৈছে। ছাত্ৰীগৰাকীৰ বক্তব্য অনুসৰি বাইকেৰে অহা ঈশানে লগতে থকা অৰমানৰ হাতত এটা বটল তুলি দিয়ে আৰু ইয়াৰ পিছতে অৰমানে বটলটোৰ পৰা তেওঁৰ ওপৰত এচিড নিক্ষেপ কৰে।

এই অতৰ্কিত আক্ৰমণত ছাত্ৰীগৰাকীয়ে মুখখন ৰক্ষাৰ বাবে হাত দুখন ওপৰলৈ তুলি লয় আৰু ইয়াৰ ফলত তেওঁৰ দুয়োখন হাত জ্বলি যায়। আক্ৰমণৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে তিনিওজন লোকে। ঘটনাৰ পিছতে আহত ছাত্ৰীগৰাকীক দীপ চান্দ বন্ধু হাস্পতাললৈ লৈ যোৱা হয় আৰু আৰক্ষীকো এই বিষয়ে অৱগত কৰা হয়।

ভুক্তভোগীৰ বক্তব্য

সংবাদ মাধ্যমৰ আগত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, অভিযুক্তৰ সৈতে প্ৰায় এমাহ পূৰ্বে তেওঁৰ বিবাদ হৈছিল আৰু তাৰ পিছৰে পৰা তেওঁৰ পিছ লৈছিল। মূল অভিযুক্ত জিতেন্দ্ৰ বিবাহিত আৰু জীতেন্দ্ৰৰ পত্নীয়েও তেওঁক এনে কাম কৰিবলৈ উচটনি দিয়া বুলি ছাত্ৰীগৰাকীয়ে দাবী কৰিছে। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে লগতে তাৎক্ষণিকভাৱে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী তোলে।

চিচিটিভিৰ ফুটেজ পৰীক্ষা

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি স্থানীয়ভাৱে তথ্য সংগ্ৰহ কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে এচিড আক্ৰমণৰ সৈতে জড়িত ধাৰাকে ধৰি ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও আৰক্ষীয়ে কয়।