শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিদৰে পাৰিবাৰিক ব্যৱসায়ক সাফল্যৰ উচ্চ শিখৰলৈ তুলি নিলে লাৱণ্য নল্লীয়ে? ক’লে ‘Duologue NXT’ত…

এই ব্যৱসায় সন্দৰ্ভত তেওঁৰ কোনো বিশেষ ধাৰণা নাছিল। কেৱল পিতৃৰ পদাংক অনুসৰণ কৰিয়েই তেওঁ নামি পৰিছিল ব্যৱসায়িক ক্ষেত্ৰখনত। পিছে কোনো বিশেষ ধাৰণা নথকা এই যুৱতীগৰাকীয়েই এতিয়া পৰিয়ালটোৰ এই পৰম্পৰাগত ব্যৱসায়ৰ এক প্ৰধান হোতা হৈ পৰিছে। নাম তেওঁৰ লাৱণ্য নল্লী।

কিদৰে পাৰিবাৰিক ব্যৱসায়ক সাফল্যৰ উচ্চ শিখৰলৈ তুলি নিলে লাৱণ্য নল্লীয়ে? ক’লে ‘Duologue NXT’ত…
Duologue NXTত বৰুণ দাসৰ সৈতে লাৱণ্য নল্লী
monjit-dutta
Monjit Dutta | Updated On: 07 Oct 2025 13:07 PM

বিগত প্ৰায় ১০০ বছৰ ধৰি শাড়ীৰ ব্যৱসায়ত জড়িত হৈ আছে এটি পৰিয়াল। পুৰুষানুক্ৰমে চলি অহা এই ব্যৱসায়ত অৱশ্যে কেতিয়াও জড়িত হোৱা নাছিল পৰিয়ালটোৰ কোনো কন্যা সদস্য এই পৰম্পৰা ভংগ কৰিছিল পৰিয়ালৰ এগৰাকী যুৱতীয়ে মাত্ৰ ২১ বছৰ বয়সতে এই পাৰিবাৰিক ব্যৱসায়ত যোগ দিছিল যুৱতীগৰাকীয়ে। অৱশ্যে এই ব্যৱসায় সন্দৰ্ভত তেওঁৰ কোনো বিশেষ ধাৰণা নাছিল কেৱল পিতৃৰ পদাংক অনুসৰণ কৰিয়েই তেওঁ নামি পৰিছিল ব্যৱসায়িক ক্ষেত্ৰখনত

পিছে কোনো বিশেষ ধাৰণা নথকা এই যুৱতীগৰাকীয়েই এতিয়া পৰিয়ালটোৰ এই পৰম্পৰাগত ব্যৱসায়ৰ এক প্ৰধান হোতা হৈ পৰিছে নাম তেওঁৰ লাৱণ্য নল্লী প্ৰখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান নল্লী গ্ৰুপৰ ভাইচ চেয়াৰমেনৰ দায়িত্ব পালন কৰি লাৱণ্য নল্লীয়ে এতিয়া পৰিয়ালৰ এই পুৰুষানুক্ৰমিক শাৰী ব্যৱসায়ক আন এটা স্তৰলৈ তুলি নিছে।

সোমবাৰে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসৰ সৈতে Duolog NXT’ শীৰ্ষক শ্ব’ত অংশগ্ৰহণ কৰি লাৱণ্য নল্লীয়ে তেওঁৰ এই যাত্ৰা সন্দৰ্ভত বহু অভিজ্ঞতা প্ৰকাশ কৰে। কিদৰে এই পাৰিবাৰিক ব্যৱসায়ক তেওঁ লাহে লাহে আন এক স্তৰলৈ তুলি নিছে, এই ক্ষেত্ৰত তেওঁৰ সংগ্ৰাম কিমান কঠিন আছিলএই সকলো বিষয়ত তেওঁ নিজা অভিজ্ঞতা প্ৰকাশ কৰিছে Duolog NXT’ শ্ব’ত।

লাৱণ্য দক্ষিণ ভাৰতৰ এগৰাকী যুৱতী। সৰুৰে পৰাই তেওঁ নিজ পূৰ্বপুৰুষক পাৰিবাৰিক ব্যৱসায়ৰ সৈতে থকা ব্যস্ততা হোৱা দেখি আহিছে বিগত ৯টা দশকৰো অধিক সময় ধৰি ‘নল্লী’য়ে ভাৰতীয় ৰেচম শাৰীৰ জগতখনত এক সুকীয়া স্থান দখল কৰি আহিছে অৱশ্যে পৰিয়ালৰ কোনো যুৱতী এই ব্যৱসায়ৰ সৈতে জড়িত নাছিল।

পাৰিবাৰিক ব্যৱসায়ত যোগ দিয়াৰ এই সময়ছোৱাৰ কথা মনত পেলাই তেওঁ কয়, মই ২১ বছৰ বয়সত নল্লীত যোগদান কৰিছিলো। অৰ্থনীতি আৰু খুচুৰা ব্যৱসায়ৰ কোনো অভিজ্ঞতা নাছিল। মোক কাৰ্যতঃ সহ্য কৰা হৈছিল। মোক ভুল কৰাৰ সুযোগ দিয়া হৈছিল। সেই স্বাধীনতাই মোৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈ আহিছে।”

ই-কমাৰ্চ সন্দৰ্ভতো নল্লীয়ে গুৰুত্বপূৰ্ণ মত আগবঢ়ায় তেওঁ কয় কয়, “২০১৩ চনত যেতিয়া মই ই-কমাৰ্চৰ ওপৰত চকু দিছিলো, তেতিয়া বহু পৰম্পৰাগত খুচুৰা বিক্ৰেতাই ইয়াক ৰেহাইৰ কৌশল হিচাপে লক্ষ্য কৰিছিল। অৱশ্যে ভৱিষ্যতৰ গ্ৰাহকৰ আচৰণ সলনি হৈছে। আপুনি অনলাইন বা ইন-ষ্ট’ৰত বজাৰ কৰক, আপুনি একে আস্থা আৰু মানদণ্ডৰ সন্ধান কৰে। এটা সেৱাই তেতিয়াহে সফলতা লাভ কৰিব, যেতিয়া ব্ৰেণ্ডে সেই আস্থা অৰ্জন কৰিব।”

নল্লীৰ শাৰী আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ষ্টেটমেন্ট হ’ব পাৰে নেকি, সেই সন্দৰ্ভতো তেওঁক প্ৰশ্ন কৰা হৈছিল এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যোগ আৰু আয়ুৰ্বেদৰ দৰে শাৰীৰো বিশ্বব্যাপী গ্ৰহণযোগ্যতা আছে। এই সকলোবোৰ আমি ইয়াক কিদৰে বিশ্বৰ আগত পুনৰ পৰিচয় কৰাই দিওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে।”

ইফালে পুৰুষ নেতৃত্বাধীন এই পাৰিবাৰিক ব্যৱসায়ত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ তেওঁ সংগ্ৰাম কৰিবলগীয়া হৈছে নেকি, এই প্ৰশ্নও কৰা হৈছিল এই প্ৰশ্নৰ উত্তৰত সংযত অথচ দৃঢ় কণ্ঠত লাৱণ্য নল্লীয়ে কয়, “মই কেতিয়াও যুঁজি থকা যেন অনুভৱ কৰা নাছিলো। মই যি কৰিব বিচাৰিছিলো, সেয়াই কৰিলো। যদি কাৰোবাৰ সেই লৈ সমস্যা আছে, সেয়া তেওঁলোকৰ সমস্যা। মোৰ নহয়।”

দেওবাৰে (৬ অক্টোবৰ) নিশা ১০:৩০ বজাত টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসৰ সৈতে লাৱণ্য নল্লীৰ সাক্ষাৎকাৰৰ ‘Duolog NXT’ৰ এই সম্পূৰ্ণ খণ্ডটো চাব পাৰিব কেৱল News9 ইউটিউব চেনেল @Duologuewithbarundas আৰু News9 Plus এপত চাব পাৰিব এই সাক্ষাৎকাৰ। এই খণ্ডটোৱে দৰ্শকসকলক যে অনুপ্ৰাণিত কৰিব, সেয়া নিশ্চিত।