শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধন বিচৰাই হ’ল কাল! দ্বিতীয়া পত্নী আৰু পুত্ৰৰ সৈতে মিলি ভয়ংকৰ কাণ্ড ৰাম সিঙৰ…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এজন লোকে তৃতীয় পত্নীক হত্যা কৰে। ইমানেই নহয়, হত্যাৰ পাছত মৃতদেহ টুকুৰা-টুকুৰ কৰে আৰু জ্বলাবলৈ চেষ্টা কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত।

ধন বিচৰাই হ’ল কাল! দ্বিতীয়া পত্নী আৰু পুত্ৰৰ সৈতে মিলি ভয়ংকৰ কাণ্ড ৰাম সিঙৰ…
অভিযুক্ত-ভুক্তভোগী
Barasha Sarma
Barasha Sarma | Published: 19 Jan 2026 13:39 PM

শেহতীয়াকৈ সংঘটিত হোৱা এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এগৰাকী স্বামীয়ে নিজৰ তৃতীয় পত্নীক নৃশংসভাৱে হত্যা কৰে। ইমানেই নহয়, মৃতদেহটো টুকুৰা-টুকুৰ কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে। পাছত এই মৃতদেহটো পেলাই দিয়াৰ পৰিকল্পনা কৰে যদিও এই সমগ্ৰ কাণ্ডটো এতিয়া পোহৰলৈ আহিছে। জানিব পৰা মতে, এই কাণ্ডত লোকজনৰ দ্বিতীয় পত্নী আৰু পুত্ৰই সহায় কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী ৰাম সিং (৬৪) নামৰ ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, তেওঁৰ দ্বিতীয় পত্নী আৰু পুত্ৰ।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে,প্ৰায় এসপ্তাহ পূৰ্বে ৰাম সিং আৰু তেওঁৰ পুত্ৰই ৩২ বছৰীয়া পত্নীক হত্যা কৰিছিল। ইয়াৰ পাছত মৃতদেহটো টুকুৰা-টুকুৰ কৰি জ্বলাই দিছিল। কিন্তু সম্পূৰ্ণ জ্বলি নোযোৱাত বাকী থকা টুকুৰা কেইটা বস্তাত ভৰাই টেক্সি এখনত পঠিয়াই দিছিল। তাৰ পাছতে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

জানিব পৰা মতে, শনিবাৰ (১৭ জানুৱাৰী)য়ে গভীৰ নিশা ৰাম সিঙে টেক্সি এখন ভাড়া কৰি বস্তাটো পঠিয়াই দিছিল। পাছে পাছে ৰাম সিং গৈ আছিল। কিন্তু কিছুসময় পাছতে ৰাম সিং সেই স্থানৰ পৰা নোহোৱা হয়। ইফালে কিছুদূৰ যোৱাৰ পাছতে চালকজনে দেখা পাই যে, বস্তাটোৰ পৰা তেজ আৰু দুৰ্গন্ধ ওলাই আছে। যাৰ বাবে তেওঁ লগে লগে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে বস্তাটোৰ পৰা উদ্ধাৰ কৰে হাড়, মৃতদেহৰ কেইটামান টুকুৰা আৰু পুৰি যোৱা অৱশিষ্ট।

আৰক্ষীয়ে কি কয়?

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উল্লেখ কৰে যে, জেৰাৰ সময়ত ৰাম সিঙৰ দ্বিতীয় পত্নীয়ে হত্যাৰ কথা স্বীকাৰ কৰিছে। দ্বিতীয় পত্নীয়ে কয়, তেওঁ ৰাম সিঙৰ দ্বিতীয় পত্নী, আনহাতে ৰাম সিঙে তৃতীয় পত্নীৰ সৈতে এটা ভাড়াঘৰত বাস কৰিছিল। অভিযোগ অনুসৰি, তৃতীয় পত্নীয়ে অহৰহ ধন দাবী কৰি আহিছিল, যাৰ বাবে ৰাম সিঙে তেওঁক হত্যা কৰে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়়কঃ তৃতীয় পত্নীৰ সৈতে স্বামীৰ ভয়ংকৰ কাণ্ড! বস্তাৰ দুৰ্গন্ধই পোহৰলৈ আনিলে সকলো…