বহু দূৰ ন্যায়ৰ পথ! ন্যায়ৰ অপেক্ষা কৰি কৰি চিৰদিনলৈ চকু মুদিলে মণিপুৰৰ জঘন্য কাণ্ডৰ বলি যুৱতীয়ে
২০২৩ চনত মণিপুৰ হিংসাৰ সময়ত এই যুৱতীগৰাকীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই পাশৱিক অত্যাচাৰৰ ফলত যুৱতীগৰাকীয়ে শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণৰূপে ভাগি পৰিছিল।
মণিপুৰৰ গোষ্ঠীগত হিংসাৰ এক অতি মৰ্মান্তিক আৰু বেদনাদায়ক খবৰে দেশবাসীক জোকাৰি গৈছে। ৰাজ্যখনত সৃষ্টি হোৱা ভয়ংকৰ হিংসাৰ মাজতে ২০২৩ চনৰ আৰম্ভণিতে সংঘটিত হোৱা এক জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনা। এই জঘন্য কাণ্ডৰ বলি হোৱা ১৮ বছৰীয়া এগৰাকী কুকি সম্প্ৰদায়ৰ যুৱতীগৰাকীয়ে অৱশেষত দুবছৰীয়া অবৰ্ণনীয় যন্ত্ৰণাৰ অন্তত গুৱাহাটীত চিৰদিনলৈ চকু মুদিছে। অভিযোগ অনুসৰি, এই ঘটনাৰ ৩ বছৰ পাছতো চিবিআই (CBI) বা আৰক্ষীয়ে কোনো অভিযুক্তকে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।
২০২৩ চনত মণিপুৰ হিংসাৰ সময়ত এই যুৱতীগৰাকীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। সেই পাশৱিক অত্যাচাৰৰ ফলত যুৱতীগৰাকীয়ে শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণৰূপে ভাগি পৰিছিল। দীৰ্ঘদিন ধৰি ইখনৰ পাছত সিখন হাস্পতালত মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত ১০ জানুৱাৰীত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
বলি হৈছিল চৰম নিৰ্যাতনৰ
ভুক্তভোগীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীক এখন বগা গাড়ীত উঠি অহা সশস্ত্ৰ দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি পাহাৰীয়া অঞ্চললৈ লৈ গৈছিল আৰু তাতে কেইবাজনো লোকে যুৱতীগৰাকীক চৰম যৌন নিৰ্যাতন চলাইছিল। ঘটনা সন্দৰ্ভত ইণ্ডিজিনাচ ট্ৰাইবেল লিডাৰ্ছ ফৰামে (ITLF) গুৰুতৰ অভিযোগ তুলিছিল।
সংস্থাটোৰ অভিযোগ মতে, যুৱতীগৰাকীক প্ৰথমে ‘মীৰা পাইবী’ নামৰ এটা মহিলাৰ গোটে অপহৰণ কৰিছিল আৰু পাছত তেওঁক এটা উগ্ৰপন্থী গোটৰ হাতত চমজাই দিছিল। তেওঁক মৰিয়াই হত্যা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁ কোনোমতে প্ৰাণৰক্ষা কৰিছিল।
তদন্তৰ স্থিতি
ঘটনাৰ পিছতে ২০২৩ চনৰে ২১ জুলাইত যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। অৱশ্যে পিছত এই গোচৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-লৈ হস্তান্তৰ কৰা হয়। কিন্তু ৩ বছৰ পাৰ হোৱাৰ পাছতো এতিয়ালৈকে কোনো এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আনকি তদন্তৰ কোনো অগ্ৰগতিৰ বিষয়েও সংস্থাটোৱে আনুষ্ঠানিকভাৱে জানিবলৈ দিয়া নাই।
মণিপুৰৰ হিংসাৰ বলি হোৱা হাজাৰ হাজাৰ লোকৰ দৰেই এই যুৱতীগৰাকীয়েও ন্যায়ৰ আশাত দিন কটাইছিল, কিন্তু ন্যায় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হ’ল। এই ঘটনাই ৰাজ্যখনৰ নিৰাপত্তা আৰু তদন্ত প্ৰক্ৰিয়াৰ ওপৰত পুনৰ এবাৰ এক গভীৰ প্ৰশ্ন থিয় কৰাইছে।