শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Manipur: মাৰ আৰু জেমি জনগোষ্ঠীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছতে সান্ধ্য আইন জাৰি, শিক্ষা প্ৰতিষ্ঠান আৰু দোকান-পোহাৰ বন্ধ!

মণিপুৰত হিংসাৰ জুই জ্বলিয়ে আছে। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ জেমি আৰু মাৰ নামৰ দুটা জনগোষ্ঠীৰ মাজত ভূমি বিবাদৰ ফলত উত্তেজনা বৃদ্ধি পাইছে। সম্প্ৰদায়ৰ পতাকা উত্তোলনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে কিছু অঞ্চলত জাৰি কৰা হৈছে কাৰ্ফিউ। শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে বিষয়াসকলে। সান্ধ্য আইনত অত্যাৱশ্যকীয় সেৱাৰ বাবে ৰেহাই দিয়া হৈছে।

Manipur: মাৰ আৰু জেমি জনগোষ্ঠীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছতে সান্ধ্য আইন জাৰি, শিক্ষা প্ৰতিষ্ঠান আৰু দোকান-পোহাৰ বন্ধ!
মাৰ আৰু জেমি জনগোষ্ঠীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত দিছে কাৰ্ফিউ
Barasha Misra
Barasha Misra | Updated On: 10 Apr 2025 11:38 AM

শেহতীয়াকৈ মণিপুৰত কিছুদিন পূৰ্বে চুদাচান্দপুৰ জিলাৰ একাংশ অঞ্চলত ভিন্ন জনজাতিৰ মাজত বিবাদ সৃষ্টি হৈছিল। এতিয়া আন দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে। যাৰ বাবে প্ৰশাসনে একাংশ অঞ্চলত সান্ধ্য আইন জাৰি কৰিছিল। এই বিতৰ্কৰ আঁৰৰ কাৰণ সম্প্ৰদায়ৰ পতাকা উত্তোলন বুলি জানিব পৰা গৈছে। উত্তেজনাময় পৰিৱেশৰ মাজতে মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। ইয়াৰ সমান্তৰালকৈ অঞ্চলটোত জাৰি কৰা হৈছিল সান্ধ্য আইন।

মঙলবাৰে চুৰাচান্দপুৰ মহকুমাৰ ভি মুনহোইহ আৰু ৰেংকাই গাঁৱৰ মাজত বিবাদিত এলেকাত সামূহিক পতাকা উত্তোলন কৰাৰ পাছত মাৰ আৰু জেমি জনজাতিৰ মাজত উত্তেজনা দেখা গৈছিল। সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চুৰাচান্দপুৰ জিলা দণ্ডাধীশ ধৰুণ কুমাৰে জিলাখনৰ দুখন গাঁৱৰ লগতে সমগ্ৰ কংৱাই, চামুলামলান আৰু সাংগাইকোটে মহকুমাত সান্ধ্য আইন জাৰি কৰিছে।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি জিলাখনৰ বাকী থকা অঞ্চলসমূহত ১৭ এপ্ৰিললৈকে পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ সান্ধ্য আইন শিথিল কৰা হ’ব যাতে মানুহে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ লগতে পৰিস্থিতি পৰিদৰ্শন কৰি অধিক সিদ্ধান্ত লোৱা হ’ব।

গাঁওবাসীলৈ প্ৰশাসনৰ আহ্বান

ৰেংগকাই গাঁৱৰ বিষয়া আৰু ভি মুনহোইহ, চুৰাচান্দপুৰৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে গাঁওবাসীৰ সৈতে এক বৈঠকত মিলিত হয়। এই সময়ছোৱাত প্ৰশাসনে গাঁওবাসীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ লগতে ছ’চিয়েল মিডিয়াতো উৰাবাতৰি প্ৰচাৰ নকৰে বুলিও কোৱা হৈছে।

বিবাদত এজনৰ মৃত্যু আৰু কেইবাজনো আহত

বিষয়াসকলে কয় যে, বৈঠকত দুয়োখন গাঁৱৰ মাজত ভূমি বিবাদৰ বিষয়টো কৰ্তৃপক্ষই সমাধান কৰিব বুলি সহমতত উপনীত হৈছিল। ইয়াৰ পূৰ্বে ১৮ মাৰ্চত চুৰাচান্দপুৰ চহৰত জেমি আৰু মাৰ জনগোষ্ঠীৰ মাজত সংঘৰ্ষত এজন লোকে মোবাইল টাৱাৰৰ পৰা জেমি সম্প্ৰদায়ৰ পতাকাখন আঁতৰাই মাটিত পেলাই দিয়াৰ ফলত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ইয়াৰ পিছতহে আৰম্ভ হৈছিল বিতৰ্ক। শেহতীয়া অশান্তিৰ সময়ত প্ৰতিজন বাসিন্দাক নিৰাপত্তা প্ৰদানৰ বাবে চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে।