দিল্লীসহ দেশৰ কেইবাখনো চহৰত কূটাঘাতৰ শংকা! গণৰাজ্য দিৱসৰ পূৰ্বে সতৰ্কবাণী চোৰাংচোৱা সংস্থাৰ
দিল্লীৰ লগতে দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰী কৰা হৈছে। খালিস্তানী আৰু বাংলাদেশী সন্ত্ৰাসবাদী গোটসমূহে ২৬ জানুৱাৰীৰ পূৰ্বে দিল্লীসহ দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহক লক্ষ্য কৰি ল’ব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে সকীয়াই দিছে।

গণতন্ত্ৰ দিৱসৰ পূৰ্বে চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী
দেশজুৰি এতিয়া গণৰাজ্য দিৱস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনী। পিছে এই বিশেষ দিনটোৰ প্ৰাকক্ষণত খালিস্তানী আৰু বাংলাদেশস্থিত সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহিব পৰা সম্ভাৱ্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ লগতে দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰী কৰা হৈছে। খালিস্তানী আৰু বাংলাদেশী সন্ত্ৰাসবাদী গোটসমূহে ২৬ জানুৱাৰীৰ পূৰ্বে দিল্লীসহ দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহক লক্ষ্য কৰি ল’ব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে সকীয়াই দিছে।
তথ্য অনুসৰি, পঞ্জাৱৰ গেংষ্টাৰসকলে বিদেশৰ পৰা পৰিচালিত খালিস্তানী আৰু চৰমপন্থী হেন্দলাৰসমূহৰ সৈতে ক্ৰমান্বয়ে সম্পৰ্ক বৃদ্ধি কৰিছে। চোৰাংচোৱা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ বাহিৰৰ পৰা সক্ৰিয় হৈ থকা চৰমপন্থী নেতাসকলে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা অস্থিৰ কৰিবলৈ থলুৱা অপৰাধী নেটৱৰ্কক ব্যৱহাৰ কৰিছে।
হাৰিয়ানা, দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত সক্ৰিয় অপৰাধীসকলে বিদেশৰ সন্ত্ৰাসবাদীৰ সৈতে নিজৰ সম্পৰ্ক দ্ৰুতগতিত সম্প্ৰসাৰিত কৰিছে বুলি সকীয়াই দিছে চোৰাংচোৱা সংস্থাসমূহে। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চোৰাংচোৱা সংস্থাৰ এনে খবৰে স্বাভাৱিকতেই নিৰাপত্তা সংস্থাসমূহৰ ব্যস্ততা বৃদ্ধি কৰিছে।
নিৰাপত্তা প্ৰস্তুতি আৰু মক ড্ৰিল
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ দিল্লী আৰক্ষীয়ে চাৰিটা বৃহৎ ‘মক ড্ৰিল’ সম্পন্ন কৰিছে। এই অনুশীলনৰ মূল উদ্দেশ্য আছিল সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত সংশ্লিষ্ট সংস্থাসমূহৰ সজাগতা বৃদ্ধি কৰা।
স্পৰ্শকাতৰ স্থানত কঠোৰ সতৰ্কতা
লালকিল্লা, আই এছ বি টি (ISBT) কাশ্মীৰী গেট, চান্দনী চক, খাৰী বাউলী, সদৰ বজাৰ আৰু মেট্ৰ’ ষ্টেচনৰ দৰে গুৰুত্বপূৰ্ণ স্থানত কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যথেষ্ট জনসমাগম ঘটা এই স্থানসমূহ নিৰাপত্তাৰ দিশৰ পৰা অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।
পেৰেডৰ বিশেষ আকৰ্ষণ
এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত কমেও ৩০খন সুশোভিত প্ৰতীকপট উলিওৱা হ’ব, যি ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ ছবিখন তুলি ধৰিব। এইবাৰৰ কুচকাৱাজৰ মূল বিষয়বস্তু হ’ল— ‘স্বতন্ত্ৰতাৰ মন্ত্ৰ – বন্দে মাতৰম’ আৰু ‘সমৃদ্ধিৰ মন্ত্ৰ – আত্মনিৰ্ভৰ ভাৰত’। উল্লেখ্য যে এইবাৰ ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণটোকো বিশেষভাৱে উদযাপন কৰা হ’ব।