শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়ংকৰ পথ দুৰ্ঘটনা! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১০ জনকৈ লোকৰ, আহত বহু…

দুৰ্ঘটনাটো  ইমানেই ভয়াৱহ আছিল যে জুইৰ শিখাই বাছখনত আগুৰি ধৰাৰ ফলত ভিতৰত থকা ১০ জন লোকৰ  মৰ্মান্তিক মৃত্যু হয়। লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে হয়। আহত আটাইকেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

ভয়ংকৰ পথ দুৰ্ঘটনা! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১০ জনকৈ লোকৰ, আহত বহু…
কৰ্ণাটকত ভয়ংকৰ পথ দুৰ্ঘটনা
trishna-kalita
Trishna Kalita | Updated On: 25 Dec 2025 09:49 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু ব্যক্তিগত শ্লীপাৰ বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ। দুৰ্ঘটনাটো  ইমানেই ভয়াৱহ আছিল যে জুইৰ শিখাই বাছখনত আগুৰি ধৰাৰ ফলত ভিতৰত থকা ১০ জন লোকৰ  মৰ্মান্তিক মৃত্যু হয়। লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে হয়। আহত আটাইকেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

বুধবাৰে গভীৰ নিশা চিত্ৰদুৰ্গা জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-৪৮ৰ গোৰ্লাথু ক্ৰছৰ সমীপত ডিভাইডাৰ পাৰ হৈ এখন তীব্ৰবেগী ট্ৰাকে সন্মুখৰ পৰা আহি থকা এখন শ্লীপাৰ বাছত খুন্দা মাৰে। তাৰ পিছত পথৰ মাজতে বাছখন জ্বলি উঠে। জানিব পৰা মতে, ট্ৰাকখন হিৰিয়ুৰৰ পৰা বেংগালুৰুলৈ গৈ আছিল। আনহাতে বাছখন বেংগালুৰুৰ পৰা শিৱমোগ্গালৈ গৈ আছিল।

এই দুৰ্ঘটনাত বাছখনত থকা ১০ জন যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। আন কেইবাজনো আহত যাত্ৰীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ জ্যেষ্ঠ বিষয়া। হিৰিয়ুৰ গ্ৰাম্য আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। বাছখনত ১৫ গৰাকী মহিলা আৰু ১৪ গৰাকী পুৰুষ আছিল।

খবৰ অনুসৰি বাছখনৰ মুঠ ৩২ খন আসনত ২৯ জন যাত্ৰী আছিল। বাছৰ চালক, কণ্ডাক্টৰ আৰু একাংশ যাত্ৰী বাছৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে। দুৰ্ঘটনাত ট্ৰাক চালক কুলদীপৰো মৃত্যু হয়। বেংগালুৰুৰ বাসিন্দা গগন শ্ৰী-ৰশ্মী আৰু গোকৰ্ণা বাসিন্দা ৰক্ষিতা বাছখনত যাত্ৰা কৰিছিল। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সৃষ্টি হয়।