ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা, মানকাচৰত বাংলাদেশী বিতাৰণত বাধা প্ৰদান বিজিবিৰ জোৱানৰ
অসমৰ মানকাচৰ জিলাৰ ঠাকুৰবাড়িত ভাৰত-বাংলাদেশ সীমান্তত মঙলবাৰে পুৱা ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু বাংলাদেশী ব'ৰ্ডাৰ গাৰ্ড (BGB) ৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উঠিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বিএছএফে শূন্যলৈ চাৰি ৰাউণ্ড গুলী চলোৱা বুলিও জানিব পৰা গৈছে ।

ভাৰত-বাংলাদেশৰ মাজত সম্পৰ্ক তিক্ত হৈ পৰাৰ মাজতেই এইবাৰ সীমান্তত দেখা গৈছে উত্তেজনা । নিতৌ কাঁইটীয়া তাঁৰৰ বেৰা পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰি আহিছে বাংলাদেশীয়ে । সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত কাঢ়া নজৰ ৰখাৰ মাজতো সীমা পাৰ হোৱাৰ মৰসাহ কৰি আহিছে বাংলাদেশী নাগৰিকে । প্ৰায় প্ৰতিদিনেই ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী আটক হোৱাৰ খবৰ পোহৰলৈ আহিছে । আটকাধীন বাংলাদেশীক পুনৰ বাংলাদেশলৈ বিতাৰণ কৰি আহিছে কৰ্তৃপক্ষই । কিন্তু মঙলবাৰে পুৱা এনে এক বিতাৰণৰ সময়তেই সংঘটিত হয় উত্তপ্ত পৰিস্থিতিৰ ।
বাংলাদেশী বিতাৰণত বাধা প্ৰদানৰ চেষ্টা বিজিবি জোৱানৰ
অসমৰ মানকাচৰ জিলাৰ ঠাকুৰবাড়িত ভাৰত-বাংলাদেশ সীমান্তত মঙলবাৰে পুৱা ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু বাংলাদেশী ব’ৰ্ডাৰ গাৰ্ড (BGB) ৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উঠিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বিএছএফে শূন্যলৈ চাৰি ৰাউণ্ড গুলী চলোৱা বুলিও জানিব পৰা গৈছে ।
মঙলবাৰে পুৱা ভাৰতীয় কৰ্তৃপক্ষই অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা ১৪ গৰাকী বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ বিতাৰণৰ বাবে যো-জা চলাইছিল । সেই সময়তে বাংলাদেশী ব’ৰ্ডাৰ গাৰ্ডে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জিৰো লাইনত এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰি বিতাৰণত বাধা দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ।
বিভাগীয় সূত্ৰ মতে, বিজিবি জোৱানে কেৱল বিএছএফ জোৱানক অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় সীমাও পাৰ হৈ আহে । বিজিবিৰ হস্তক্ষেপৰ সমৰ্থনত শ শ বাংলাদেশী সাধাৰণ নাগৰিকে জিৰো লাইনত একত্ৰিত হোৱাৰ লগে লগে পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে ।
এই উত্তেজনা যাতে সম্পূৰ্ণ সংঘৰ্ষলৈ পৰিণত নহয়, তাৰ বাবে বিএছএফৰ সৈন্যই শূন্যলৈ চাৰি ৰাউণ্ড গুলী বৰ্ষণ কৰে । ফলত বিজিবি জোৱান আৰু বাংলাদেশী নাগৰিকসকল পিছুৱাই যায় । পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে ।
পশ্চিমবংগৰ মেখেলীগঞ্জৰ ভাৰত-বাংলা সীমান্তত উত্তেজনা
সীমান্তৰ কাঁইটীয়া তাঁৰমুক্ত অঞ্চলত প্ৰৱেশত বাধা দিয়াৰ পিছতে বাংলাদেশী নাগৰিকে বিএছএফৰ জোৱানক আক্ৰমণৰ চেষ্টা চলায় । লাঠি লৈ সীমান্তত বিএছএফৰ লগত সংঘাতত লিপ্ত হয় একাংশ বাংলাদেশী । ফলত সীমান্তত সৃষ্টি হয় তীব্ৰ উত্তেজনা । সোমবাৰে কোচবিহাৰৰ মেখলীগঞ্জৰ দংগৰহাট অঞ্চলত সংঘটিত হয় এই ঘটনা ।
বাংলাদেশৰ গটিয়াভিটা দঙৰহাট সীমান্ত অঞ্চলৰ সিপাৰে । জানিব পৰা মতে, এজন বাংলাদেশী লোকে কাঁইটীয়া তাঁৰমুক্ত এলেকাৰ মাজেৰে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক বিএছএফে বাধা দিয়ে । সীমান্তত বসবাস কৰা বাংলাদেশীক ভাৰতত প্ৰৱেশত বাধা দিয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ বাংলাদেশী লোক । লগে লগে হাতত লাঠি লৈ বিএছএফ জোৱানৰ সৈতে সংঘাতত লিপ্ত হয় বাংলাদেশী । উত্তেজনা শাম কটাবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে বিএছএফ জোৱানে ।
যোৱা বছৰৰ আগষ্ট মাহৰ আৰম্ভণিতে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি বাংলাদেশ এৰি যোৱাৰ পিছত সীমান্তত কেইবাবাৰো উত্তেজনাৰ সৃষ্টি হোৱা দেখা গৈছে । বাংলাদেশীৰ ভাৰতত অনুপ্ৰৱেশৰ প্ৰচেষ্টা বৃদ্ধি পাইছে । অনুপ্ৰৱেশৰ চেষ্টা ৰোধ কৰিবলৈ চোৰাংচোৱাগিৰি আৰু অধিক বৃদ্ধি কৰা হৈছে । কাঁইটীয়া তাঁৰমুক্ত সীমান্ত অঞ্চলত বিশেষ গুৰুত্ব দিয়া হৈছে । ইয়াৰ পূৰ্বে বিএছএফে কাঁইটীয়া তাঁৰমুক্ত কেইবাঠাইতো কাঁইটীয়া তাঁৰ লগোৱাৰ চেষ্টা চলাইছিল, তেতিয়া বাংলাদেশৰ সীমান্তৰক্ষীয়ে বাধা দিয়া দেখা গৈছিল । এই সন্দৰ্ভত ভাৰতে বাংলাদেশলৈ তীব্ৰ বাৰ্তা প্ৰেৰণ কৰিছে ।