টিউচনৰ পৰা উভতাৰ সময়তে কিশোৰীৰ সৈতে জঘন্য কাণ্ডঃ পৰিয়ালৰ লোককো আক্ৰমণৰ চেষ্টা
উত্তৰ প্ৰদেশৰ গোৰখপুৰত টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কেইগৰাকীমান দুৰ্বৃত্তই পথাৰলৈ টানি নি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। গোৰখপুৰৰ গুলৰিহা অঞ্চলত সংঘটিত হৈছে এই দলবদ্ধ ধৰ্ষণৰ ঘটনা।
ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনাই জোকাৰিছে দেশ। কলকাতা কাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে চাঞ্চল্য অব্যাহত আছে যদিও ইয়াৰ পিছতো দেশত সংঘটিত বহু ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনা। টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কেইগৰাকীমান দুৰ্বৃত্তই পথাৰলৈ টানি নি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। গোৰখপুৰৰ গুলৰিহা অঞ্চলত সংঘটিত হৈছে এই দলবদ্ধ ধৰ্ষণৰ ঘটনা।
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে অভিযোগ কৰা মতে কিশোৰীগৰাকী প্ৰতিদিনে পুৱা ৭:০০ বজাত বিদ্যালয়লৈ যায় আৰু বিদ্যালয়ৰ পিছত টিউচনৰ বাবে যায়। টিউচনৰ পিছত সন্ধিয়া ৬:০০ বজাত ঘৰলৈ উভতি আহে কিশোৰীগৰাকী। মাতৃৰ অভিযোগ মতে কিছুদিন ধৰি অঞ্চলটোৰ একাংশ যুৱকে কিশোৰীগৰাকীক পিছা কৰি আছিল।
এইকেইদিনত যুৱককেইজনৰ পৰা কোনোমতে নিজকে ৰক্ষা কৰি আহিছিল কিশোৰীগৰাকীয়ে। অৱশ্যে তাৰ মাজতে যুৱককেইজনে এদিন তেওঁক নিৰ্যাতনৰ চেষ্টা চলাইছিল। এনে অৱস্থাত কিশোৰীগৰাকীৰ মাতৃয়ে অভিযুক্ত যুৱককেইজনৰ ঘৰলৈ গৈ এই বিষয়ত আপত্তি প্ৰকাশ কৰিছিল যদিও যুৱককেইজনৰ পৰিয়ালে এই অভিযোগ মানি ল’বলৈ অস্বীকাৰ কৰিছিল।
আনহাতে বৃ্হস্পতিবাৰে কিশোৰীগৰাকী টিউচনৰ পৰা উভতি অহাৰ সময়ত যুৱককেইজনে আগভেটি ধৰে। কিশোৰীগৰাকীয়ে তেওঁলোকক বাধা দিয়াৰ চেষ্টা চলায় যদিও যুৱককেইজনে তেওঁক কাষৰ পথাৰ এখনলৈ টানি নি এজন এজনকৈ ধৰ্ষণ কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত কিশোৰীগৰাকীক ভাবুকি দি সেই স্থানৰ পৰা পলায়ন কৰে যুৱককেইজনে।
ইফালে কিশোৰীগৰাকী উভতি অহাত পলম হোৱা দেখি চিন্তাত পৰে পৰিয়াল। বিচাৰ খোচাৰ কৰি থকাৰ সময়তে পৰিয়ালৰ লোকে পথৰ কাষত ক্ৰন্দনৰত অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক। ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰে। এই ঘটনাৰ বিষয়ে জানিব পাৰি কিশোৰীগৰাকীৰ মাতৃয়ে অভিযুক্তৰ ঘৰলৈ যায় আৰু অভিযুক্তৰ পৰিয়ালে তেওঁকো লাঠিৰে আক্ৰমণৰ চেষ্টা চলায় বুলি অভিযোগ উঠিছে।
ইয়াৰ পিছতে মহিলাগৰাকী স্থানীয় গুলৰিহা থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিব বিচাৰে যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে। এনে পৰিস্থিতিত তেওঁলোকে গোৰখপুৰত উপস্থিত হৈ এছ এছ পি ডাঃ গৌৰৱ গ্ৰ’ভাৰৰ ওচৰত অভিযোগ দাখিল কৰে। বিষয়াগৰাকীৰ নিৰ্দেশনাত পিছত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে অভিযুক্ত নিখিল বিশ্বকৰ্মা আৰু তেওঁৰ বন্ধু কৃষ্ণ নাৰায়ণ সিঙৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ, পকচৌ আইনৰ লগতে অনুসূচীত জাতি-জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তদুপৰি অভিযুক্তৰ ভাতৃ ৰাজনাৰায়ণ সিং আৰু পিতৃ জগদীশ নাৰায়ণ সিঙৰ বিৰুদ্ধেও শাৰীৰিক আক্ৰমণৰ গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত আছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।