শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Railway: এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATA ই, কৰিলে চুক্তি স্বাক্ষৰ

TATA-Indian Rail: নতুন কোম্পানীটোৱে মেট্ৰ’, মধ্যমীয়াৰ পৰা তীব্ৰবেগী ৰে’লৰ ড্ৰাইভ, কনভাৰ্টাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় বৈদ্যুতিক উপাদান নিৰ্মাণ কৰিব। সকলো উৎপাদন ভাৰতত কৰা হ’ব বুলি জানিব পৰা গৈছে।

Railway: এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATA ই, কৰিলে চুক্তি স্বাক্ষৰ
এইবাৰ ভাৰতীয় ৰে'লৱেৰ বাবে কাম কৰিব TATA ই
Barasha Misra
Barasha Misra | Published: 11 Jul 2025 15:15 PM

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপীয় কোম্পানী স্কোডা গ্ৰুপৰ নতুন চুক্তি স্বাক্ষৰ। ভাৰতীয় ৰে’লৱেত ব্যৱহৃত প্ৰপালচন প্ৰযুক্তি আৰু যন্ত্ৰ নিৰ্মাণৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে, য’ত কোটি কোটি ইউৰোৰ বিনিয়োগ হ’ব।

ৰে’ল খণ্ডৰ নিৰন্তৰ উন্নয়নৰ কথা মনত ৰাখি এই চুক্তি কৰা হৈছে। ইতিমধ্যে টাটা অটো-কম্পে বৈদ্যুতিক বাহনৰ বাবে যন্ত্ৰ নিৰ্মাণৰ কামত ব্যস্ত হৈছে। এতিয়া টাটাই ৰে’লৱে খণ্ডত প্ৰৱেশ কৰিছে।

নতুন কোম্পানীটোৱে মেট্ৰ’, মধ্যমীয়াৰ পৰা তীব্ৰবেগী ৰে’লৰ ড্ৰাইভ, কনভাৰ্টাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় বৈদ্যুতিক উপাদান নিৰ্মাণ কৰিব। সকলো উৎপাদন ভাৰতত কৰা হ’ব বুলি জানিব পৰা গৈছে।

এই চুক্তিয়ে ভাৰতৰ স্মাৰ্ট পৰিবহণৰ লক্ষ্য আৰু অধিক শক্তিশালী কৰিব। টাটা অটো-কম্পে কয় যে, বিশেষকৈ ভাৰতীয় ৰে’লৱেৰ প্ৰতি লক্ষ্য ৰাখি কম খৰচত উন্নত আৰু বহনক্ষম প্ৰযুক্তি আনিবলৈ চেষ্টা চলাইছে। টাটা অটো-কম্পৰ ভাইচ চেয়াৰমেন অৰবিন্দ গোৱালে কয় যে, স্কোডাৰ সৈতে আমাৰ চুক্তিয়ে ভাৰতীয় ৰে’লৱে আৰু মেট্ৰ’ৰ কামক আৰু অধিক আগুৱাই নিব।