ভাৰতৰ আকাশত দুখৰ ডাৱৰঃ ভাৰতৰ ইতিহাসত সংঘটিত কেইটামান ভয়ংকৰ বিমান দুৰ্ঘটনা…
গুজৰাটৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই তুলিছে সমগ্ৰ দেশবাসীক। দুৰ্ঘটনাৰ প্ৰতিটো খবৰৰ বাবে উৎসুকতাৰে বাট চাইছে সকলোৱে। এই দুৰ্ঘটনাৰ পূৰ্বেই ভাৰতত কেইবাটাও বিমান দুৰ্ঘটনাই জোকাৰি তুলিছিল। সংক্ষিপ্ত ৰূপত চাওক এই শোকাৱহ ইতিহাস।

গুজৰাটত সংঘটিত ভয়াৱহ বিমান দুৰ্ঘটনাই আজি জোকাৰি গৈছে সমগ্ৰ দেশ। দিনৰ ১.১৭ বজাত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ AI171 বিমান এক ভয়ানক দুৰ্ঘটনাত পতিত হয়। উৰণ আৰম্ভ কৰাৰ ঠিক পিছতে বিমানখনে আহমেদাবাদ হৰ্চ কেম্পৰ আৱাসিক এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয়। এজোপা গছত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ২জন পাইলট, ১০জন ক্ৰু মেম্বাৰ আৰু ২৩০জন যাত্ৰীসহ সৰ্বমুঠ ২৪২ জন লোক থকা বুলি তথ্য প্ৰকাশ পাইছে।
এই দুৰ্ঘটনাৰ ফলত দেশৰ ইতিহাসৰ এক বৃহৎ ট্ৰেজেডীৰ আশংকা কৰা হৈছে। গুজৰাটৰ এই বিমান দুৰ্ঘটনাই কঁপাই তুলিছে সমগ্ৰ দেশবাসীক। দুৰ্ঘটনাৰ প্ৰতিটো খবৰৰ বাবে উৎসুকতাৰে বাট চাইছে সকলোৱে। এই দুৰ্ঘটনাৰ পূৰ্বেই ভাৰতত কেইবাটাও বিমান দুৰ্ঘটনাই জোকাৰি তুলিছিল। সংক্ষিপ্ত ৰূপত চাওক এই শোকাৱহ ইতিহাস-
১) ৭ জুলাই, ১৯৬২– এই দিনটোত মুম্বাইত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এলিটালিয়া এয়াৰলাইন্সৰ এখন বিমান। পাহাৰত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৯৪ জন লোকে প্ৰাণ হেৰুৱাইছিল।
২) ২৮ জুলাই, ১৯৬৩- মুম্বাইতে ইউনাইটেড আৰব এয়াৰলাইন্সৰ এখন বিমান বেয়া বতৰৰ ফলত দুৰ্ঘটনাত পতিত হৈছিল। এই বিমান দুৰ্ঘটনাতো ৬৩ গৰাকী লোকৰ মৃত্যু হৈছিল।
৩) ১৪ জুন, ১৯৭২– বেয়া বতৰৰ পৰিণতিতে দিল্লীত জাপান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ৮২ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল।
৪) ৩১ মে’, ১৯৭৩– প্ৰযুক্তিগত কিছু সমস্যাৰ ফলশ্ৰুতিত দিল্লীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান। এই দুৰ্ঘটনাত ৪৮ গৰাকী লোকৰ মৃত্যু হৈছিল।
৫) ১২ অক্টোবৰ, ১৯৭৬– মাজ আকাশতে জুই লগাৰ ফলত মুম্বাইত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান। এই দুৰ্ঘটনাত ৯৫ গৰাকী লোকৰ মৃত্যু ঘটিছিল।
৬) ১ জানুৱাৰী, ১৯৭৮– এয়াৰ ইণ্ডিয়া এখন বিমান যান্ত্ৰিক বিজুতিৰ বাবে উৰণৰ কিছু ক্ষণ পাছতেই আৰব সাগৰত খহি পৰে। এই দুৰ্ঘটনাত ২১৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।
৭) ১৯ অক্টোবৰ, ১৯৮৮– আহমেদাবাদত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান নিশা অৱতৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ১৩০ গৰাকী লোকৰ মৃত্যু হয়।
৮) ১৪ ফেব্ৰুৱাৰী, ১৯৯০– বাংগালুৰুত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৯২ গৰাকী লোকৰ মৃত্যু হয়।
৯) ১৬ আগষ্ট, ১৯৯১– ইম্ফলত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমানত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ৬৯ গৰাকী লোকৰ মৃত্যু হৈছিল।
১০) ২৬ এপ্ৰিল, ১৯৯৩– ঔৰঙ্গবাদত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান টেকঅফৰ সময়ত ৰানৱে’ত থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৫৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।
১১) ১২ নৱেম্বৰ, ১৯৯৬– ভুল দিশ নিৰ্দেশনা আৰু ৰাডাৰ ব্যৱস্থাৰ অভাৱৰ ফলত দিল্লীৰ আকাশত এখন চৌদি বিমান আৰু কাজাখাস্তানৰ এখন বিমানৰ মাজত সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৩৪৯ জন লোকে শপকাৱহভাৱে প্ৰাণ হেৰুৱায়। এয়া ভাৰত তথা বিশ্বৰ ইতিহাসৰ অন্যতম বৃহৎ বিমান দুৰ্ঘটনা।
১২) ১৭ জুলাই, ২০০০– পাটনা এলায়েন্স এয়াৰৰ এখন বিমান অৱতৰণৰ সময়তো প্ৰযুক্তিগত সমস্যাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।
১৩) ২২ মে’, ২০১০– ডুবাইৰ পৰা মাঙ্গালোৰত উপস্থিত হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫৮ জন লোকৰ শোকাৱহভাৱে মৃত্যু হৈছিল।