৯০ শতাংশ মুছলমান জনসংখ্যা থকা এই দেশখনত কিয় নিষিদ্ধ বোৰ্খা ?
ইটালীয়ে বোৰ্খা নিষিদ্ধ কৰাৰ সময়তে ৯০% মুছলমান জনসংখ্যা থকা দেশ তাজিকিস্তানে ২০২৪ চনত বোৰ্খা আৰু হিজাব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। হিজাব আৰু বোৰ্খাৰ দৰে ইছলামিক কাপোৰ পৰিধান কৰাটো নিষিদ্ধ। কিন্তু কিয়?

ইটালীত বোৰ্খা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইছলামিক বিচ্ছিন্নতাবাদৰ অন্ত পেলাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেলোনি চৰকাৰে। এই বিষয়ত উত্থাপন কৰাৰ বিধেয়কখন কাৰ্যকৰী হ’লে দেশত বোৰ্খা পৰিধানত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। বিদ্যালয় আৰু দোকানৰ পৰা আৰম্ভ কৰি কাৰ্যালয় আৰু বিশ্ববিদ্যালয়লৈকে ৰাজহুৱা স্থানত যদি যিকোনো ব্যক্তিয়ে বোৰ্খা পৰিধান কৰে, তেন্তে ৩ লাখ টকা জৰিমনা বিহা হ’ব।
ইটালীয়ে বোৰ্খা নিষিদ্ধ কৰাৰ সময়তে ৯০% মুছলমান জনসংখ্যা থকা দেশ তাজিকিস্তানে ২০২৪ চনত বোৰ্খা আৰু হিজাব নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। হিজাব আৰু বোৰ্খাৰ দৰে ইছলামিক কাপোৰ পৰিধান কৰাটো নিষিদ্ধ।
কিয় জাৰি কৰা হ’ল এই নিষেধাজ্ঞা?
২০২৪ চনত তাজিকিস্তান চৰকাৰে আনুষ্ঠানিকভাৱে হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰিছিল। আচলতে এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল কাৰণ হিজাবক বিদেশী কাপোৰ বুলি গণ্য কৰা হৈছিল। তাজিকিস্তানৰ প্ৰায় ৯০ শতাংশ জনসংখ্যা মুছলমান হোৱাৰ পিছতো ৰাষ্ট্ৰপতি ইমোমালি ৰহমনs বিশ্বাস কৰিছিল যে, হিজাব তাজিক সংস্কৃতিৰ অংশ নহয়। এই কাৰণেই ইয়াক নিষিদ্ধ কৰা হৈছিল।
এই বিষয়ৰ আইন সংশোধন কৰা হয় আৰু জাতীয় সংস্কৃতিৰ বাবে বিদেশী বুলি গণ্য কৰা সকলো কাপোৰ আমদানি, বিক্ৰী, প্ৰচাৰ আৰু পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।
আইন উলংঘা কৰাৰ বাবে জৰিমনা
এই আইনত হিজাবৰ লগতে অন্যান্য ইছলামিক সাজ-পোছাক যেনে বোৰ্খা আৰু নিকাবও অন্তৰ্ভুক্ত কৰা হৈছে। এই আইন উলংঘা কৰিলে ৭,৯২০ ছমনি (প্ৰায় ৭৪৭ ডলাৰ)ৰ পৰা ৩৯,৫০০ ছমনি (প্ৰায় ৩,৭২৪ ডলাৰ)লৈকে জৰিমনা ভৰিব লাগিব।
ৰাষ্ট্ৰপতি ৰহমনে তাজিক সংস্কৃতিক প্ৰসাৰিত কৰাৰ লগতে ধৰ্মৰ ৰাজহুৱা প্ৰদৰ্শন হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও ব্যৱস্থাৰ ভিতৰত অন্যতম হ’ল হিজাব নিষেধাজ্ঞা।
২০১৮ চনত চৰকাৰে মহিলাসকলৰ বাবে ৩৭৬ পৃষ্ঠাৰ গাইডবুক প্ৰকাশ কৰিছিল য’ত গ্ৰহণযোগ্য কাপোৰৰ বিশদ বিৱৰণ দিয়া হৈছিল—মূৰৰ পিছফালে বান্ধি থোৱা ৰঙীন স্কাৰ্ফ পৰম্পৰাগতভাৱে গ্ৰহণযোগ্য আছিল যদিও মুখ আৰু ডিঙি ঢাকি ৰখাটো নিষিদ্ধ আছিল। ক’লা কাপোৰ পিন্ধাও নিষিদ্ধ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নীলা কাপোৰ আৰু বগা স্কাৰ্ফ পিন্ধিব লাগে।
ইটালীত নিষেধাজ্ঞাৰ প্ৰস্তুতি
ইটালীত বোৰ্খা নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলি আছে। ইটালীৰ ব্ৰাদাৰ্ছ পাৰ্টিৰ সদস্য গালেয়াজ্জো বিগনামিৰ মতে, এই বিধেয়কখনৰ উদ্দেশ্য হৈছে সকলো ধৰণৰ উগ্ৰবাদ নিৰ্মূল কৰা। দলটোৱে কয় যে, তেওঁলোকে এখন ঐক্যবদ্ধ সমাজ গঢ়ি তুলিব বিচাৰে।
দলটোৰ আন এজন সদস্য আন্দ্ৰেয়া ডেলমাষ্ট্ৰ’ই কয় যে, “আমি ফ্ৰান্সৰ পৰা প্ৰেৰণা লৈছো। ইয়াত সকলোৱে সমানে বাস কৰিব। ধৰ্মীয় স্বাধীনতা গুৰুত্বপূৰ্ণ, কিন্তু ইটালীৰ ৰাষ্ট্ৰপতিৰ নীতিক আওকাণ কৰিব নোৱাৰি।” বিধেয়কখন উত্থাপন কৰা ছাৰা কেলিঅ’নীয়ে কয় যে, শ্বৰীয়ত আইনক ইটালীৰ আইনতকৈ ওপৰত স্থান দিয়া হোৱা নাই।