শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হাতত লৈ আছিল এটা টোপোলা, হঠাতে প্ৰচণ্ড শব্দৰে হ’ল বিস্ফোৰণ, ছিগি উফৰি গ’ল সন্ত্ৰাসবাদীৰ হাত-ভৰি

ব্যক্তিজনৰ হাতত এটা বোমা সদৃশ বস্তু আছিল, যিটো হঠাতে বিস্ফোৰণ ঘটে । বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ব্যক্তিজনৰ হাত-ভৰি উফৰি গৈছিল ।

হাতত লৈ আছিল এটা টোপোলা, হঠাতে প্ৰচণ্ড শব্দৰে হ’ল বিস্ফোৰণ, ছিগি উফৰি গ’ল সন্ত্ৰাসবাদীৰ হাত-ভৰি
অমৃতচৰত বিস্ফোৰণImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 27 May 2025 17:00 PM

পঞ্জাৱৰ অমৃতসৰৰ মাজিথা ৰোড বাইপাছত অৱস্থিত ডিচেণ্ট এভিনিউৰ বাহিৰত সংঘটিত হৈছে এক ভয়ংকৰ বোমা বিস্ফোৰণ । এই বিস্ফোৰণত এটা সন্ত্ৰাসবাদী নিহত হৈছে । ঘটনাৰ পিছতে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । এই ঘটনাত আহত এটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গুৰু নানক দেৱ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যদিও তেওঁৰ মৃত্যু ঘটে ।

তদন্তত প্ৰকাশ পাইছে যে এই ব্যক্তিজন এটা সন্ত্ৰাসবাদী সংগঠনৰ শ্লীপাৰ চেলৰ সৈতে জড়িত আছিল আৰু বিস্ফোৰণৰ বাবে প্ৰেৰণ কৰা বিস্ফোৰক সামগ্ৰীৰ ডেলিভাৰী ল’বলৈ আহিছিল। কিন্তু সেই সময়ছোৱাত বিস্ফোৰণ ঘটি ব্যক্তিজনৰ মৃত্যু হয় ।

একে সময়তে ঘটনাস্থলীত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আহত ব্যক্তিজনৰ হাতত এটা বোমা সদৃশ বস্তু আছিল, যিটো হঠাতে বিস্ফোৰণ ঘটে । বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ব্যক্তিজনৰ হাত-ভৰি উফৰি গৈছিল । স্থানীয় লোকে কয় যে তেওঁলোকে নাজানে সেই ব্যক্তিজন তালৈ কিয় আহিছিল বা তেওঁ কি কৰি আছিল? ইয়াৰ পূৰ্বে এগৰাকী আৰক্ষী বিষয়াই কয়, “আমি বিস্ফোৰণৰ তথ্য লাভ কৰি লগে লগে সেই স্থানত উপস্থিত হ’লোঁ, য’ত এজন লোক গুৰুতৰভাৱে আহত হয় । লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।”

তেওঁলোকে ইয়ালৈ চালান সংগ্ৰহ কৰিবলৈ আহে: এছ এছ পি
অমৃতসৰ গ্ৰাম্যৰ এছ এছ পি মণিন্দৰ সিঙে কয়, “আমি ৰাতিপুৱা বিস্ফোৰণ হোৱাৰ তথ্য পাইছো । আমি আৰক্ষী বিষয়া পঠিয়াইছো আৰু গুৰুতৰভাৱে আহত ব্যক্তিজনক গুৰু নানক দেৱ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । সাধাৰণতে এনে নিৰ্জন অঞ্চলত আমি আগতেও দেখিছো যে অপৰাধীয়ে নিজৰ চালান সংগ্ৰহ কৰিবলৈ যায় । হয়তো তেওঁ বিস্ফোৰকটো সঠিকভাৱে চম্ভালিব পৰা নাছিল ।”

নিৰাপত্তা সংস্থাক সতৰ্ক কৰি দিয়া হৈছে
সমগ্ৰ বিষয়টোৰ ওপৰত আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত আৰম্ভ কৰিছে । নিৰাপত্তা সংস্থাকো সতৰ্ক কৰি দিয়া হৈছে। আৰক্ষীয়ে জনোৱা মতে তদন্ত অব্যাহত আছে । এই মানুহজন হয়তো কোনো সন্ত্ৰাসবাদী সংগঠনৰ অংশ হ’ব পাৰে বা কোনো ডাঙৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিব পাৰে । এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত এক শংকাৰ পৰিৱেশে বিৰাজ কৰে । আৰক্ষীয়ে ৰাইজক কোনো সন্দেহজনক কাৰ্যকলাপ দেখা পালে তৎকালীনভাৱে খবৰ দিবলৈ আহ্বান জনাইছে ।