TV9 ASSAM
দুলীপ ট্ৰফী ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে ইষ্ট জ’ন দলৰ অধিনায়ক ঈশান কিষাণ প্ৰথমখন মেচৰ পৰা বাহিৰ হৈছে। আনহাতে জিৰণি দিয়া হৈছে আকাশ দীপক।
ইয়াৰ ফলস্বৰূপে ইষ্ট জ’নৰ দলত নেতৃত্বৰো সালসলনি হৈছে। ঈশান কিষানৰ স্থানত অভিমন্যু ইশ্বৰনক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
ইয়াৰ পূৰ্বে অভিমন্যু ইশ্বৰন সহ-অধিনায়কৰ দায়িত্বত আছিল। এনে পৰিস্থিতিত এতিয়া সহ-অধিনায়কৰ দায়িত্ব ৰিয়ান পৰাগৰ হাতত অৰ্পণ কৰা হৈছে।
ৰিয়ান, অভিমন্যুৰ উপৰিও মহম্মদ ছামি আৰু মুকেশ কুমাৰৰ দৰে তাৰকা খেলুৱৈও এই দলৰ অংশ। তেওঁলোকৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব।
সহ-অধিনায়কৰ দায়িত্ব ৰিয়ান পৰাগৰ বাবে এক ডাঙৰ সুযোগ। অৱশ্যে চলিত বৰ্ষৰ আই পি এলত তেওঁ কেইখনমান মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিছিল।
ইষ্ট জ’নে ২৮ আগষ্টৰ শুভমন গিল নেতৃত্বাধীন নৰ্থ জ’নৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলি অভিযান আৰম্ভ কৰিব। সকলো মেচ বেংগালুৰুত অনুষ্ঠিত হ’ব।
ৰিয়ান পৰাগৰ উপৰিও অসমৰ ডেনিছ দাস আৰু মুখতাৰ হুছেইনেও ইষ্ট জ’ন দলত স্থান লাভ কৰিছে।
পঢ়িবলৈ ক্লিক কৰক
কণী নে পনীৰ, কোনবিধত থাকে অধিক প্রটিন?