18 AUG 2025
TV9 ASSAM
চকুৰ তলখিনি ক'লা পৰাৰ সমস্যা বহুতৰে দেখা যায়। পৰ্যাপ্ত টোপনিৰ অভাৱ, অধিক চিন্তাৰ আদিৰ ফলত এনে হয়। ইয়াৰোপৰি ই মানুহৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়।
এই ক'লা দাগ সাধাৰণ বুলি ধৰা হয় যদিও ই কেতিয়াবা কোনো ৰোগৰ কাৰণে হ'ব পাৰে। আপোনাৰ শৰীৰত হৈ থকা সমস্যাৰ ই সংকেত দিব পাৰে।
শৰীৰত কোনো প্ৰকাৰৰ এলাৰ্জি হোৱাৰ ফলত ইমফ্লেমেশ্যন হয়। যাৰ ফলত চকুৰ তল অংশৰ ৰক্ত কণিকাবোৰ প্ৰসাৰিত হয়। এনে অৱস্থাত চকুত ক'লা বৃত্ত গঠন হয়।
কিছুমানৰ চকুৰ ক'লা দাগ জিনেটিক বা বংশগত কাৰণত হয়। এনে লোকসকলৰ ছাল পাতল হয় আৰু হাইপৰপিগমেন্টেড হয়। এনে লোকৰ চকুৰ তল ক'লা হয়।
যেতিয়া শৰীৰত ডিহাইড্ৰেশ্যন হয় তেতিয়া ছাল শেতা পৰিব পাৰে। ইয়াৰ ফলত চকুৰ ত'ল কলা পৰিব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
ভাগৰৰ বাবে আপোনাৰ ছাল শেতা পৰিব পাৰে। এনে অৱস্থাত ক'লা বৃত্ত গঠন হ'ব পাৰে। কেতিয়াবা ৰক্তবাহিকাবোৰ দেখা পোৱা যায়।
বয়স বৃদ্ধি হোৱাও আপোনাৰ চকুৰ তলত ক'লা বৃত্ত গঠন হোৱাৰ কাৰণ হ'ব পাৰে। বয়স বৃদ্ধি হ'লে ছাল পাতল হয় আৰু তেতিয়া এনে সমস্যা হয়।
পঢ়িবলৈ ক্লিক কৰক