শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৫ বছৰীয়া শচীনৰ পুত্ৰ অৰ্জুনে বছৰি কিমান টকা উপাৰ্জন কৰে? সম্পত্তি কিমান? জানক

২৫ বছৰীয়া এজন পেছাদাৰী ক্ৰিকেটাৰ অৰ্জুন তেণ্ডুলকাৰৰ বাৰ্ষিক আয় কিমান? তেওঁ আইপিএলৰ পৰা কিমান টকা উপাৰ্জন কৰে জানেনে?

২৫ বছৰীয়া শচীনৰ পুত্ৰ অৰ্জুনে বছৰি কিমান টকা উপাৰ্জন কৰে? সম্পত্তি কিমান? জানক
অৰ্জুন তেণ্ডুলকাৰ
manas-borah
Manas Borah | Published: 18 Aug 2025 16:57 PM

বোৱাৰী লাভ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। যোৱা বুধবাৰে অৰ্জুন তেণ্ডুলকাৰ আৰু ছানিয়া চান্দোকৰ বাগদান সম্পন্ন হয়। তেতিয়াৰ পৰাই সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন। পিছে এই চৰ্চাৰ মাজতে সকলোৰে মন আন এটা প্ৰশ্ন উদয় হৈছে। সেয়া হৈছে ২৫ বছৰীয়া এজন পেছাদাৰী ক্ৰিকেটাৰ অৰ্জুন তেণ্ডুলকাৰৰ বাৰ্ষিক আয় কিমান? তেওঁ আইপিএলৰ পৰা কিমান টকা উপাৰ্জন কৰে জানেনে?

বৰ্তমান অৰ্জুনে মুম্বাই ইণ্ডিয়ানছৰ হৈ আইপিএল খেলাৰ সুবিধা লাভ কৰিছে। ২০২৩ চনত অৰ্জুনৰ আই পি এলত অভিষেক ঘটিছিল। ইফালে বাওঁহাতৰ অল ৰাউণ্ডাৰগৰাকীয়ে গোৱাৰ হৈ ঘৰুৱা ক্ৰিকেট যাত্ৰা অব্যাহত ৰাখিছে। জনা মতে, অৰ্জুন তেণ্ডুলকাৰতকৈ ছানিয়া চান্দোক এবছৰৰ ডাঙৰ।

অৰ্জুনে এই পৰ্যন্ত ১৭ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচ খেলিছে আৰু তেওঁ দখল কৰিছে ৩৭টা উইকেট। তেওঁৰ এটা শতক আৰু দুটা অৰ্ধশতককে ধৰি সৰ্বমুঠ ৰান ৫৩২ । ইয়াৰ উপৰিও ১৮ খন ঘৰুৱা ৫০ অভাৰৰ মেচ আৰু ২৪খন টি-২০ মেচ খেলিছে। এই পৰ্যন্ত আই পি এলত ৫ খন মেচ খেলি ৩ টা উইকেট দখল কৰিছে অৰ্জন তেণ্ডুলকাৰে।

সৰুৱে পৰা বিলাসী জীৱন লাভ কৰা অৰ্জুনৰ জীৱনশৈলীৰ সৈতে তেওঁৰ উপাৰ্জন তুলনা কৰাটো ঠিক নহয়। যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, অৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ ২২ কোটি টকা। ইয়াৰ এটা বৃহৎ অংশৰ উৎস হৈছে তেওঁ পৰিয়াল।

প্ৰকাশিত তথ্য অনুসৰি, ২০২১ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অংশ হৈ অৰ্জুনে নিজৰ চুক্তিৰ পৰা ১ কোটি ৪০ লাখ টকা সঞ্চয় কৰিছে। ২০২১ চনত ৫ বাৰৰ চেম্পিয়ন দলটোৱে ২০ লাখ টকাৰ বিনিময়ত তেওঁক ক্ৰয় কৰিছিল। ২০২৩ চনত তেওঁক এম আইয়ে ৩০ লাখ টকাত ক্ৰয় কৰে।

ইয়াৰ উপৰি অৰ্জুনে গোৱাৰ হৈ ৰঞ্জি ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আৰু চৈয়দ মুস্তাক আলী টি-২০ খেলিছে। ঘৰুৱা ক্ৰিকেট খেলি বছৰি প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰে অৰ্জুনে। অৰ্থাৎ ক্ৰিকেটৰ পৰা তেওঁৰ বাৰ্ষিক আয় এতিয়া ৪০ লাখ টকাৰ ওচৰ চাপিছে। অৰ্জুনৰ নিজা ঘৰ নাই। ২০০৭ চনত ক্ৰয় কৰা ৩৯ কোটি টকাৰ মুম্বাইৰ ঘৰটোৰ মালিক শচীন।