পালন কৰাটো বাধ্যতামূলক, শিক্ষানুষ্ঠানসমূহৰ প্ৰতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ
দেশত শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এইলৈ বিশেষ বাধ্যতামূলক নিৰ্দেশিকা জাৰি কৰিছে ন্যায়ালয়ে। কোৱা হৈছে যে, এই সমস্যা ৰোধ কৰাটো জৰুৰী।

প্ৰতীকী ফটোImage Credit source: GettyImage
শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থী আত্মহননৰ খবৰ প্ৰায়ে প্ৰকাশ পাই থাকে। এইলৈ শেহতীয়াকৈ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। লগতে এইধৰণৰ ঘটনা ৰোধ কৰিবৰ বাবে বিশেষ নিৰ্দেশিকা জাৰি কৰিছে ন্যায়ালয়ে। ন্যায়ালয়ৰ মতে, এই ঘটনাৰ মূল কাৰণ হৈছে বিশাল পাঠসূচী আৰু পৰীক্ষাৰ চাপ। এই ঘটনা ৰোধৰ কৰাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে শীৰ্ষ আদালতে।
উল্লেখ্য যে, ২০২৩ চনত জুলাই মাহত এগৰাকী নীট পৰীক্ষাৰ্থীৰ আত্মহননৰ ঘটনা সংঘটিত হৈছিল বিশাখাপট্টমত। ইয়াৰ পাছতে ৰুজু হৈছিল গোচৰ। এই গোচৰৰ শুনানী গ্ৰহণ কৰি ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে এই নিৰ্দেশিকা প্ৰকাশ কৰিছে। সকলো ধৰণৰ শিক্ষানুষ্ঠান আৰু হোষ্টেলক উদ্দেশ্যি প্ৰকাশ কৰা নিৰ্দেশিকা বাধ্যতামূলক কৰিছে উচ্চতম ন্য়ায়ালয়ে।
ন্যায়ালয়ে জাৰি কৰা বাধ্যতামূলক নিৰ্দেশিকাত কি কি উল্লেখ কৰা হৈছে?
- প্ৰতিখন শিক্ষানুষ্ঠানতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগিব। একেদৰে শিক্ষাৰ্থীৰ প্ৰতিটো অভিযোগ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই গ্ৰহণ কৰাৰ লগতে সমাধানৰ ব্যৱস্থা কৰিব লাগিব।
- বিভিন্ন দিশত শিক্ষাৰ্থীসকলৰ পৰামৰ্শ প্ৰদান কৰিবৰ বাবে পৰামৰ্শদাতা নিযুক্তি দিব লাগিব শিক্ষানুষ্ঠানসমূহে। পৰীক্ষা আৰু পাঠক্ৰম কেন্দ্ৰিক বিষয়ত শিক্ষাৰ্থীক সহায় কৰিব তেওঁলোকে।
- ১০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানসমূহত এজনকৈ মনোবিজ্ঞানী, কাউন্সেলৰ নিযুক্তি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ন্যায়ালয়ে।
- শিক্ষানুষ্ঠানসমূহৰ কৰ্মচাৰীসকলৰো মানসিক পৰীক্ষাৰ ওপৰত গুৰুত্ব দিছে ন্যায়ালয়ে। বছৰত দুবাৰকৈ তেওঁলোকৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
- হোষ্টেলসমূহত আত্মহননৰ দৰে ঘটনা ৰোধৰ বাবে হেল্পলাইন নম্বৰ প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। এই হেল্পলাইন নম্বৰ হোষ্টেল, শ্ৰেণীকোঠা, সাধাৰণ ঠাই আৰু ৱেবছাইটত উপলব্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- হোষ্টেলসমূহত টেম্পাৰ-প্ৰুফ চিলিং ফেম স্থাপনৰ বাবে নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। লগতে হোষ্টেলৰ ছাঁদত প্ৰৱেশাধিকাৰ সীমিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
- প্ৰয়োজনীয় সকলো তথ্য ৱেবছাইটত উপলব্ধ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
- ইয়াৰ উপৰিও প্ৰতিষ্ঠানসমূহে নিশ্চিত কৰিব লাগিব যে, কৰ্মচাৰীসকলে দুৰ্বল আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বৈষম্যহীন সম্পৰ্ক বজাই ৰাখিব লাগিব।
- প্ৰতিষ্ঠানসমূহে যৌন নিৰ্যাতন, ৰেগিং আৰু অন্যান্য অভিযোগৰ সৈতে জড়িত অভিযোগসমূহ চম্ভালিবলৈ আভ্যন্তৰীণ সমিতি বা কৰ্তৃপক্ষ গঠন কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলক মানসিক-সামাজিক সহায় আগবঢ়াব লাগিব।