শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেজৰিৱালৰ জামিনৰ পিছতে আপে দিলে ‘সত্যৰ জয়’ ধ্বনিঃ বিজেপিৰ দাবী, মুখ্যমন্ত্ৰী হোৱাৰ নাই অধিকাৰ!

সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত চিবিআইৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। শীৰ্ষ আদালতৰ এই ৰায়ৰ পিছতে আম আদমী পাৰ্টিৰ নেতাসকলে কেজৰিৱালৰ জামিনক সত্যৰ জয় হোৱা বুলি অভিহিত কৰিছে৷

কেজৰিৱালৰ জামিনৰ পিছতে আপে দিলে ‘সত্যৰ জয়’ ধ্বনিঃ বিজেপিৰ দাবী, মুখ্যমন্ত্ৰী হোৱাৰ নাই অধিকাৰ!
কেজৰিৱালক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ
monjit-dutta
Monjit Dutta | Published: 13 Sep 2024 12:48 PM

সুৰা নীতিৰ কেলেংকাৰী গোচৰত দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকাৰ পিছত আজি মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। আজি চিবিআইৰ গোচৰত উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে কেজৰিৱালক। ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ উজ্জল ভূঞাৰ বিচাৰপীঠে ১০ লাখ টকাৰ বণ্ডত অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। ইতিপূৰ্বে যোৱা ১২ জুলাইত ইডিৰ গোচৰত জামিন লাভ কৰিছিল যদিও চিবিআইৰ গোচৰৰ বাবে তেওঁ তিহাৰ কাৰাগাৰতে আৱদ্ধ হৈ থাকিব লগা হৈছিল।

দলৰ মুৰব্বী কেজৰিৱালৰ জামিন লাভৰ পিছতে আম আদমী পাৰ্টিৰ নেতাসকলে তেওঁৰ জামিনক সত্যৰ জয় হোৱা বুলি অভিহিত কৰিছে৷ একেটা গোচৰতে শেহতীয়াকৈ জামিন লাভ কৰা আপৰ আন এগৰাকী শীৰ্ষস্থানীয় নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক তুইট যোগে মিথ্যা আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে এয়া সত্যৰ জয় বুলি উল্লেখ কৰে। চিছ’দিয়াই পৰোক্ষভাৱে শাসকীয় মোদী চৰকাৰক একনায়কত্ববাদী বুলি অভিহিত কৰে।

আপৰ আন এগৰাকী আগশাৰীৰ নেতা সাংসদ ৰাঘৱ চাদ্ধাই কেজৰিৱালৰ জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লগতে এক টুইটত লিখিছে, “সত্যক অশান্তি দিব পাৰি, কিন্তু পৰাজিত কৰিব নোৱাৰি। অৱশেষত উচ্চতম ন্যায়ালয়ে দিল্লীৰ পুত্ৰ অৰবিন্দ কেজৰিৱালক কাৰাগাৰৰ শিকলিৰ পৰা মুক্ত কৰাৰ ৰায় দিলে।” দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়েও আদালতৰ ৰায়ৰ পিছতে এক টুইট যোগে সত্যমেৱ জয়তে লিখি সুখ প্ৰকাশ কৰিছে।

কেজৰিৱালে জামিন লাভ কৰাৰ পিছতে আপৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হৰভজন সিঙে কয় যে কেজৰিৱালৰ মুক্তিয়ে আম আদমী পাৰ্টিক একত্ৰিত আৰু শক্তিশালী কৰাত সহায় কৰিব। লগতে তেওঁৰ মুক্তিয়ে হাৰিয়ানাৰ দলীয় কৰ্মীসকলকো শক্তিশালী কৰিব বুলি মন্তব্য কৰে হৰভজন সিঙে। ইফালে কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কেজৰিৱালৰ জামিনক মোদী চৰকাৰৰ বাবে এক শক্তিশালী চৰ বুলি অভিহিত কৰিছে।

শীৰ্ষ আদালতৰ পৰা কেজৰিৱালে জামিন লাভ কৰাৰ পিছতে আপৰ এনে উছাহৰ পৰিৱৰ্তে বিজেপিয়ে কেজৰিৱাল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত থকাক লৈ আপত্তি প্ৰকাশ কৰিছে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কয় যে কেজৰিৱালে জামিন লাভ কৰিলেও মুখ্যমন্ত্ৰী পদত অব্যাহত থকাৰ কোনো অধিকাৰ নাই। তেওঁৰ প্ৰশ্ন, কেজৰিৱালে যেতিয়া মুখ্যমন্ত্ৰীৰ কাম কৰিব নোৱাৰে, তেতিয়াহ’লে তেওঁ কিয় মুখ্যমন্ত্ৰী হৈ আছে! চৰ্তসহ জামিন পোৱাটো কোনো কৃতিত্ব নহয় বুলিও মন্তব্য কৰে সচদেৱে।

দিল্লী বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয় যে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো বৈধ বুলি স্পষ্ট আৰু তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব। তেওঁৰ দাবী,কেজৰিৱালে এতিয়া জয়াললিতা, লালু যাদৱ, মধু কোডাৰ দৰে মুখ্যমন্ত্ৰীৰ তালিকাত যোগদান কৰিছে। জামিন লাভ কৰিছে যদিও শাস্তি পোৱাৰ পিছত অতি সোনকালে কেজৰিৱাল জেললৈ যাব বুলি দাবী কৰে দিল্লী বিজেপিৰ সভাপতি সচদেৱে।