পথৰ পৰা আঁতৰ কৰিব লাগিব সকলো কুকুৰ,বিৰোধ কৰিলে লোৱা হ’ব ব্যৱস্থা: সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত!
পদপথৰ কুকুৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। শীঘ্ৰেই ৰাস্তাৰ পৰা কুকুৰ আঁতৰ কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। বিগত সময়চোৱাক কুকুৰৰ আক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।

পদপথৰ কুকুৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰি ন্যায়ালয়ে কয় যে, ৰাস্তাসমূহ কুকুৰ মুক্ত কৰিব লাগিব, যাতে শিশুৰ পৰা বৃদ্ধ সকলোৱে নিৰাপদভাৱে থাকিব পাৰে। ইয়াৰোপৰি এই সিদ্ধান্তৰ কোনোবাই বিৰোধিতা কৰিলে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ন্যায়ালয়ে। সোমবাৰ (১১ আগষ্ট)য়ে ন্যায়াধীশ জেবি পাৰ্দিৱালা আৰু আৰ মাধৱনে এই সিদ্ধান্ত গ্ৰহণ কৰে।
দিল্লী-এনচিআৰৰ বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন সময়ত পদপথৰ কুকুৰৰ আতংকৰ খবৰ পোহৰলৈ আহে। যাৰ বাবে জনতাৰ মাজত পদপথৰ কুকুৰক লৈ এক ভয় সোমাই গৈছে। আনকি বিগত সময়চোৱাক এই কুকুৰসমূহে বহু মানুহক আক্ৰমণো কৰিছে। এনেবোৰ দিশৰ ওপৰত লক্ষ্য ৰাখি এতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশত কৈছে যে, দিল্লী এনচিআৰ অঞ্চলৰ সকলো পদপথৰ কুকুৰক ধৰা হ’ব আৰু পাছত নিৰাপদ স্থানত ৰখা হ’ব। ৫ হাজাৰ কুকুৰৰ বাবে আশ্ৰয় শিবিৰ নিৰ্মাণৰ নিৰ্দেশো দিছে ন্যায়ালয়ে।
দিল্লী-এনচিআৰত বৃদ্ধি পোৱা পদপথৰ কুকুৰৰ সমস্যা সমাধানৰ বাবে ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। লগতে কৈছে যে, অহা ৮ সপ্তাহৰ ভিতৰত সকলো পদপথৰ কুকুৰক আশ্ৰয় শিবিৰত ৰাখিব লাগিব। ন্যায়ালয়ে লগতে এয়াই স্পষ্ট কৰি দিয়ে যে এই কুকুৰসমূহক পুনৰ এৰি দিয়া নহয়।
ন্যায়ালয়ে কয় যে, যিসমূহ বিভাগে পদপথৰ কুকুৰক ধৰাৰ কাম কৰে সেই সকলো প্ৰতিদিনে তথ্য ৰাখিব লাগিব। সেই তথ্যত থাকিব লাগিব যে কোনদিনা কিমান কুকুৰক ধৰা হ’ল। ন্যায়ালয়ে সকলো অঞ্চল পদপথ কুকুৰ মুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। ইয়াৰোপৰি যিসকলে প্ৰতিবাদ কৰিছে সেইসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ কথা কয় ন্যায়ালয়ে। যদি কোনো ব্যক্তি বা সংগঠনে পদপথৰ কুকুৰক ধৰাত বাধা দিয়ে তেন্তে তেনেলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে।
সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, বৰ্তমান আমি দিল্লী-এনচিআৰক অঘৰী কুকুৰৰ পৰা মুক্ত কৰিব লাগিব। শিশু, মহিলা আৰু বৃদ্ধসকল যাতে ৰাজপথত সুৰক্ষিত হৈ থাকে আৰু জলাতংক ৰোগৰ আশংকা নহয় তাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা উচিত। সকলো ৰাস্তা পদপথৰ কুকুৰৰ পৰা মুক্ত কৰিব লাগিব। ইয়াৰোপৰি ন্যায়ালয়ে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী, এমচিডি আৰু নতুন দিল্লী পৌৰ নিগমক তৎকালীনভাৱে কুকুৰৰ বাবে আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি ৮ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। লগতে স্পষ্ট কৰি দিয়ে যে, ইয়াৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে আপোচ কৰা নহয়।
অন্য খবৰ পঢ়কঃ থলুৱা প্ৰযুক্তিৰ বাবে সফল হৈছিল অপাৰেশ্যন সেন্দূৰ! এতিয়া মোদীৰ পুনৰ নতুন পৰিকল্পনা…