শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেজৰিৱালক জামিন প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ বেঞ্চত অসম সন্তানঃ জানেনে তেওঁৰ বিষয়ে?

আজি উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। কেজৰিৱালক জামিন প্ৰদান কৰা শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠত আছিল অসম সন্তান ন্যায়াধীশ উজ্জল ভূঞা। ন্যায়াধীশ ভূঞাই কেজৰিৱালৰ জামিনৰ ৰায় ঘোষণা কৰাৰ সময়ত চিবিআইক তীক্ষ্ণ সমালোচনা কৰে।

কেজৰিৱালক জামিন প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ বেঞ্চত অসম সন্তানঃ জানেনে তেওঁৰ বিষয়ে?
ন্যায়াধীশ উজ্জ্বল ভূঞা
Monjit Dutta
Monjit Dutta | Updated On: 13 Sep 2024 20:13 PM

সুৰা কেলেংকাৰীৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে আজি চিবিআইৰ গোচৰত কেজৰিৱালক জামিন প্ৰদান কৰে। কেজৰিৱালৰ জামিন আবেদনৰ সন্দৰ্ভত ৰায় ঘোষণা কৰাৰ সময়ত  ন্যায়াধীশ সূৰ্য কান্তই চিবিআইৰ দ্বাৰা কেজৰিৱালৰ গ্ৰেপ্তাৰক ন্যায্যতা প্ৰদান কৰাৰ বিপৰীতে ন্যায়াধীশ ভূঞাই কেজৰিৱালৰ গ্ৰেপ্তাৰক অন্যায় বুলি অভিহিত কৰে। কেজৰিৱালক জামিন মঞ্জুৰ কৰাৰ সময়ত ন্যায়াধীশ ভূঞাই লগতে চিবিআইৰ উদ্দেশ্যক লৈয়ো প্ৰশ্ন উত্থাপন কৰে।

ন্যায়াধীশ উজ্জল ভূঞাই ৰায় ঘোষণা কৰাৰ সময়ত কয় যে চিবিআইৰ ভাবমূৰ্তি পিঞ্জৰাবদ্ধ ভাটৌৰ দৰে হ’ব নালাগে, বৰঞ্চ চিবিআইৰ ভাবমূৰ্তি মুক্ত ভাটৌৰ দৰে হ’ব লাগে। ন্যায়াধীশগৰাকীয়ে লগতে কয় যে চিবিআই দেশৰ এক বৃ্হৎ তদন্তকাৰী সংস্থা। এটা তদন্তকাৰী সংস্থা সৎ আৰু ন্যায়পৰায়ণ হ’ব লাগে বুলি উল্লেখ কৰি ন্যায়াধীশ ভূঞাই লগতে সংস্থাটো পক্ষপাতিত্বৰ পৰা আঁতৰি থাকিব লাগে বুলিও মন্তব্য কৰে।

গ্ৰেপ্তাৰৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ স্বেচ্ছাচাৰী আচৰণ নহয়, তাৰ বাবে প্ৰচেষ্টা চলাব লাগে বুলিও তেওঁ লগতে কয়। ন্যায়াধীশ ভূঞাৰ মন্তব্য, চিবিআই সন্দেহৰ বাহিৰত হ’ব লাগে। সংস্থাটোৱে পিঞ্জৰাবদ্ধ ভাটৌৰ মানসিকতাৰ অন্ত পেলাব লাগিব বুলি উল্লেখ কৰি তদন্ত যাতে নিৰপেক্ষভাৱে চলোৱা হয় তাৰ বাবে চিবিআইয়ে সকলো প্ৰচেষ্টা চলাব লাগে বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে।

ন্যায্য তদন্ত যিকোনো ব্যক্তিৰ মৌলিক অধিকাৰ আৰু তদন্ত কেৱল নিৰপেক্ষ হোৱাই নহয়, দৃশ্যমান হ’ব লাগে বুলি উল্লেখ কৰে ন্যায়াধীশ উজ্জল ভূঞাই। উল্লেখ্য যে কেজৰিৱালৰ জামিনৰ ৰায় ঘোষণা কৰাৰ সময়ত চিবিআইক এইদৰে তীক্ষ্ণ সমালোচনা কৰা ন্যায়াধীশ উজ্জ্বল ভূঞা হৈছে অসমৰে সন্তান। ১৯৬৪ চনৰ ২ আগষ্টত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ ভূঞাই। তেওঁৰ পিতৃ সুচেন্দ্ৰ নাথ ভূঞা আছিল অসমৰ প্ৰাক্তন মহাধিবক্তা।

উজ্জল ভূঞাই গুৱাহাটীৰ ডন বস্কো হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত কটন কলেজৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যায়। দিল্লীৰ কিৰোদমল কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহি চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা এল.এল.বি কৰে আৰু পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.এম. ডিগ্ৰী লাভ কৰে।

আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৯১ চনত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলত যোগ দিয়ে। ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূল বিচাৰপীঠত অনুশীলন আৰম্ভ কৰে। ন্যায়াধীশ উজ্জ্বল ভূঞা ১৬ বছৰ ধৰি আয়কৰ বিভাগৰ স্থায়ী অধিবক্তা আছিল। ইয়াৰ পিছত তেওঁ বিভিন্ন ঠাইত কাম কৰিছিল। ২০১০ চনৰ ৩ মাৰ্চত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰে।

২০১১ চনৰ ১৭ অক্টোবৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত ২০১৩ চনৰ মাৰ্চ মাহত ন্যায়াধীশ উজ্জ্বল ভূঞাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ২০১৯ চনত ন্যায়াধীশ ভূঞাক ব’ম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ইয়াৰ পিছত তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হয়। এই সময়ত তেওঁ তেলেংগানা ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বও পালন কৰে। ২০২৩ চনৰ ১৪ আগষ্টত ন্যায়াধীশ উজ্জ্বল ভূঞাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।