ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান, কলেজত নামভৰ্তি কৰাৰ ৩ দিন পাছতে প্ৰাণ হেৰুৱালে অভিষেকে
তিনিগৰাকী ভগ্নীৰ ভিতৰত অভিষেক আছিল একমাত্ৰ পুত্ৰ সন্তান। অভিষেকক ইঞ্জিনিয়াৰ কৰিব বিচাৰিছিল পৰিয়ালে। কিন্তু ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰাৰ ৩ দিন পাছতেই উদ্ধাৰ হয় অভিষেকৰ মৃতদেহ।

জীৱনক লৈ মানুহৰ বহু সপোন থাকে। সেই সপোন পূৰণ কৰাৰ বাবে দিন ৰাতি কষ্ট কৰি উন্নতিৰ শিখৰত উপনীত হয়। ১৯ বছৰীয়া অভিষেক ৰবি নামৰ যুৱকজনেও সপোন দেখিছিল ইঞ্জিনিয়াৰ হোৱাৰ। যাৰ বাবে অশেষ কষ্ট কৰি অভিষেকে ইঞ্জিনিয়াৰিং কলেজত নাম ভৰ্তিৰ সুযোগ লাভ কৰিছিল। কিন্তু ইঞ্জিনিয়াৰ হোৱাৰ সপোন পূৰণ নহ’ল অভিষেকৰ। ৰেগিঙৰ নামত অকালতে প্ৰাণ হেৰুৱালে অভিষেকে। যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ পৰিয়ালৰ মাজত এতিয়া শোকৰ ছা পেলাইছে।
ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ দোৰাণ্ডাৰ ৰবিদাস মহল্লাৰ বাসিন্দা অনুপ চান্দ ৰামৰ পুত্ৰ আছিল অভিষেক। ওড়িশা কাৰিকৰী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান ((ITER )ত তেওঁৰ নামভৰ্তি হৈছিল। ১০ ছেপ্টেম্বৰত অভিষেক ৰবিয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু ১২ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন আছিল। জন্মদিনৰ দিনা পৰিয়ালৰলোক আৰু বন্ধু- বৰ্গই বাৰে বাৰে ফোন মেছেজ কৰি তেওঁক শুভেচ্ছ দিব বিচাৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল। পৰিয়ালৰলোকে ভাবিছিল যে, নতুন নতুন কলেজ গতিকে অভিষেক অধ্যয়নত ব্যস্ত হৈ আছে। কিন্তু পৰিয়ালে ভবা ধৰণে নাছিল কথাবোৰ।
জন্মদিনৰ পিছদিনা অৰ্থাৎ ১৩ ছেপ্টেম্বৰত অভিষেকৰ পিতৃ অনুপ চান্দ ৰামলৈ কলেজ কৰ্তৃপক্ষই ফোন কৰি কয় যে তেওঁৰ পুত্ৰৰ লগত এক দুৰ্ঘটনাত সংঘটিত হৈছে। কলেজ কৰ্তৃপক্ষই কৈছিল যে অভিষেক ছিৰিৰ পৰা বাগৰি পৰিছে। অভিষেকক চাবলৈ পৰিয়ালৰলোক কলেজত উপস্থিত হোৱাৰ আগতেই পিতৃলৈ আন খবৰ আহিছিল যে অভিষেক আৰু এই পৃথিৱীত নাই। মৃত্যু হৈছে অভিষেকৰ।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত অভিষেকৰ পিতৃ আৰু ভগ্নী উপস্থিত হয়। অভিষেকৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি অভিষেকক হত্যা কৰা হৈছে। ৰেগিঙৰ নামত একাংশই অভিষেকক হত্যা কৰিছে আৰু কলেজ কৰ্তৃপক্ষই ইয়াক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰি এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰিছে।
জানিব পৰা মতে অনুপ চন্দ্ৰ ৰাম আৰু মঞ্জু দেৱীৰ চাৰিটা সন্তানৰ ভিতৰত অভিষেক আছিল কনিষ্ঠ। তেওঁৰ তিনিগৰাকী ভগ্নীৰ ভিতৰত অভিষেক আছিল একমাত্ৰ পুত্ৰ সন্তান। অভিষেকক ইঞ্জিনিয়াৰ কৰিব বিচাৰিছিল পৰিয়ালে। কিন্তু ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰাৰ ৩ দিন পাছতেই উদ্ধাৰ হয় অভিষেকৰ মৃতদেহ।
এই ঘটনাৰ পাছতেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়ে। লগতে দোষীক কঠোৰতম শাস্তি দিবলৈ তেওঁ কয়।
অভিষেকৰ জন্ম হৈছিল ২০০৫ চনৰ ১২ ছেপ্টেম্বৰত। অভিযন্তা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ওড়িশাৰ ইনষ্টিটিউট অৱ টেকনিকেল এডুকেচন এণ্ড ৰিচাৰ্চত কম্পিউটাৰ বিজ্ঞানত নামভৰ্তি কৰিছিল তেওঁ। দলিত সম্প্ৰদায়ৰ যুৱক হোৱা বাবে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালে অভিযোগ কৰা অনুসৰি তেওঁলোকক পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দিয়া হোৱা নাছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ। তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।