শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰতিশোধৰ জ্বালা! বেগত ব’ম লৈ বিদ্যালয়লৈ আহিল ছাত্ৰ, কৰিলে এনে কাণ্ড

অপমান বা ক্ষতিৰ পোতক তুলিবলৈ বহুসময়ত ব্যক্তিয়ে আশ্ৰয় লয় হিংসাৰ। সংঘটিত কৰে অপৰাধমূলক কাৰ্যকলাপ। পিছে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰই শেহতীয়াকৈ যি কাণ্ড ঘটালে, সেয়া আছিল সকলোৰে বাবে কল্পনাতীত। বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ বিৰুদ্ধে অপমানৰ পোতক তুলিবলৈ ছাত্ৰগৰাকীয়ে বিদ্যালয়লৈ যোৱা বেগত সোমোৱাই নিলে বোমা।

প্ৰতিশোধৰ জ্বালা! বেগত ব’ম লৈ বিদ্যালয়লৈ আহিল ছাত্ৰ, কৰিলে এনে কাণ্ড
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: AI Image
monjit-dutta
Monjit Dutta | Published: 24 Jan 2025 15:48 PM

প্ৰতিশোধৰ তাগিদাত মানুহে কি নকৰে! অপমান বা ক্ষতিৰ পোতক তুলিবলৈ বহুসময়ত ব্যক্তিয়ে আশ্ৰয় লয় হিংসাৰ। সংঘটিত কৰে অপৰাধমূলক কাৰ্যকলাপ। পিছে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰই শেহতীয়াকৈ যি কাণ্ড ঘটালে, সেয়া আছিল সকলোৰে বাবে কল্পনাতীত। বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ বিৰুদ্ধে অপমানৰ পোতক তুলিবলৈ ছাত্ৰগৰাকীয়ে বিদ্যালয়লৈ যোৱা বেগত সোমোৱাই নিলে বোমা। কেৱল সিমানেই নহয়, হাতত ছুৰী লৈ ছাত্ৰজনে চলালে ভয়ংকৰ আক্ৰমণো। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পুডুচেৰীত।

পুডুচেৰীৰ পলায়াম থানা এলেকাৰ অন্তৰ্গত এখন ব্যক্তিগত বিদ্যালয়ত একাদশ শ্ৰেণীৰ এজন ছাত্ৰই হাতত ছুৰী লৈ আন এজন ছাত্ৰক আক্ৰমণ কৰে। এনে ঘটনা দেখি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু আন ছাত্ৰ-ছাত্ৰীসকলে আক্ৰমণকাৰী ছাত্ৰজনক আঁতৰাই আনে। অভিযুক্ত ছাত্ৰজনৰ বেগটো বিদ্যালয়ৰ কৰ্মচাৰীয়ে পৰীক্ষা কৰাৰ সময়ত বেগটোত ৬টা দেশীয় নিৰ্মিত বোমা উদ্ধাৰ হয়। এনে কথাই স্বাভাৱিকতেই সকলোকে আতংকিত কৰি তোলে।

বিদ্যালয় কৰ্তৃপক্ষই লগে লগে এই বিষয়ে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযুক্ত ছাত্ৰজনক আটক কৰি থানালৈ লৈ যায়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰাথমিক জেৰাৰ সময়ত অভিযুক্ত ছাত্ৰজনে উল্লেখ কৰা মতে আন এজন ছাত্ৰই তেওঁক অপমান কৰিবলৈ ছ’চিয়েল মিডিয়াত কোনো কথাৰে পোষ্ট কৰিছিল আৰু এই অপমানৰ পোতক তুলিবলৈয়ে তেওঁ এনে কাণ্ড সংঘটিত কৰে.

ইতিমধ্যে অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জুভেনাইনলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত আতংকৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিদ্যালয়খনত বিভিন্ন অঞ্চলৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰে। বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত হঠাৎ হাতত ছুৰী লৈ একাদশ শ্ৰেণীৰ ছাত্ৰ এজনে আন এজন ছাত্ৰক আক্ৰমণ কৰে। আকস্মিক এই ঘটনাই বিদ্যালয়ত আতংকৰ সৃষ্টি কৰে।

আন ছাত্ৰ-ছাত্ৰীসকলে লগে লগে আক্ৰমণকাৰী ছাত্ৰজনক ধৰি সেই স্থানৰ পৰা আঁতৰাই নিয়ে আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে শিক্ষকসকলে ছাত্ৰজনৰ পৰা ছুৰীখন কাঢ়ি নিয়ে আৰু আহত ছাত্ৰজনক লগে লগে বিদ্যালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। পিছত শিক্ষকসকলে দুয়োৰে অভিভাৱকক খবৰ দিয়ে। ইফালে আক্ৰমণকাৰী ছাত্ৰজনৰ বেগ পৰীক্ষা কৰি হতভম্ব হৈ পৰে বিদ্যালয় কৰ্তৃপক্ষ।

বেগটোত পৰীক্ষাৰ সময়ত ৬টাকৈ দেশীয় নিৰ্মিত বোমা উদ্ধাৰ কৰি বিদ্যালয় কৰ্তৃপক্ষই ৰেড্ডাৰপলাম আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বিস্ফোৰক সামগ্ৰীসমূহ জব্দ কৰি নিষ্ক্ৰিয় কৰি পেলায় আৰু অভিযুক্ত ছাত্ৰজনক আটক কৰে। অভিযুক্ত ছাত্ৰজনে জেৰাৰ সময়ৰ ছ’চিয়েল মিডিয়াত দিয়া অপমানজনক পোষ্টৰ বাবে মানসিক কষ্ট ভুগি থকা বুলি আৰক্ষীক জানিবলৈ দি ইয়াৰ বাবেই প্ৰতিশোধৰ পৰিকল্পনা কৰিছিল বুলি উল্লেখ কৰে।

এই পৰিকল্পনা মৰ্মেই তেওঁ বোমা কেইটা প্ৰস্তুত কৰাৰ সমান্তৰালকৈ এখন ছুৰীও ক্ৰয় কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্ত ছাত্ৰগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে। আনহাতে আৰক্ষীয়ে দুটা ধাৰাত গোচৰ ৰুজু কৰি ছাত্ৰজনক নাবালক গৃহ অৰ্থাৎ জুভেনাইললৈ প্ৰেৰণ কৰিছে। ইফালে আহত ছাত্ৰজনৰ অভিভাৱকে কোনো এজাহাৰ দাখিল কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।