বিদ্যুৎ চুৰিৰ অপৰাধত কি শাস্তি হ’ব পাৰে জানেনে? ভাৰতীয় আইনত আছে এনে বিধান…
বিদ্যুৎ চুৰি অত্যন্ত এক গুৰুত্বপূর্ণ সমস্যা। সমান্তৰালকৈ ই এক দণ্ডনীয় অপৰাধো। এইধৰণৰ কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতত আইনী বিধি আৰু শাস্তি প্ৰদানৰ ব্যৱস্থা আছে। জানো আহক এই বিষয়ে।

বৰ্তমান সময়ত মানুহৰ মৌলিক প্ৰয়োজন সদৃশ হৈ পৰিছে বিদ্যুৎ। দৈনন্দিন জীৱনত প্ৰায় প্ৰতিটো কামতে এতিয়া বিদ্যুতৰ ব্যৱহাৰ অপৰিহাৰ্য যেন হৈ পৰিছে। পিছে বহু সময়ত আমাৰ সমাজত বিদ্যুৎ চুৰিৰ দৰে ঘটনা দেখা পোৱা যায়। সাধাৰণতে অবৈধভাৱে বিদ্যুৎ ব্যৱহাৰ কৰা, মিটাৰ টেম্পাৰ কৰা, সংযোগ বাইপাছ কৰি বিদ্যুতৰ মূল্য নিদিয়াকৈ ব্যৱহাৰ কৰা আদি ভিন্ন ধৰণে বিদ্যুতৰ চুৰি কৰা দেখা যায়। এইদৰে বিদ্যুৎ চুৰিৰ ফলত বিদ্যুৎ বিতৰণ সংস্থা, চৰকাৰ আৰু উপভোক্তা সকলো প্ৰভাৱিত হয়।
এনেধৰণৰ কাৰ্যই বিদ্যুৎ বিতৰণ সংস্থাসমূহৰ বিপুল আৰ্থিক ক্ষতি সাধন কৰাৰ লগতে বিদ্যুৎ গ্ৰিডৰ স্থায়ীত্বও সংকটত পেলায়। ইয়াৰ ফলত আগ্নিকাণ্ড, পাৱাৰ কাট আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিদ্যুৎ চুৰি অত্যন্ত এক গুৰুত্বপূর্ণ সমস্যা। সমান্তৰালকৈ ই এক দণ্ডনীয় অপৰাধো। এইধৰণৰ কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতত আইনী বিধি আৰু শাস্তি প্ৰদানৰ ব্যৱস্থা আছে। জানো আহক এই বিষয়ে-
বিদ্যুৎ চুৰি ৰোধৰ বাবে আইনগত ব্যৱস্থা
ভাৰতত Electricity Act, 2003 অনুসৰি বিদ্যুৎ চুৰিৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়। এই আইনত কেইটামান ধাৰাত বিদ্যুৎ চুৰিৰ সংজ্ঞা, অপৰাধ আৰু দণ্ড দিয়া হৈছে। সেইসমূহ হৈছে-
১৩৫ নং ধাৰাঃ এই ধাৰাত মিটাৰ টেম্পাৰ, অবৈধ সংযোগ, আৰু মূল্য পৰিশোধ নকৰা সন্দৰ্ভত উল্লেখ কৰা হৈছে।
১৩৮ নং ধাৰাঃ বিদ্যুৎ যোগান প্ৰক্ৰিয়াত হস্তক্ষেপ, যেনে—পাৱাৰ লাইন বা অন্য যন্ত্ৰ-পাতিত টেম্পাৰ কৰা।
১৩৯ নং ধাৰাঃ চুৰি কৰা বিদ্যুৎ জানি-বুজি গ্ৰহণ কৰোতা লোকক দণ্ডিত কৰাৰ ব্যৱস্থা।
আইন অনুসৰি বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত শাস্তিৰ বিধানো আছে। সেই অনুসাৰে-
প্ৰথমবাৰৰ অপৰাধীক ৩ বছৰৰ কাৰাবাস, বা চুৰিৰ জৰিয়তে লাভ কৰা সুবিধাৰ ৩ গুণ পৰ্যন্ত জৰিমনা, বা এই দুয়োটা শাস্তিৰে দণ্ডিত কৰা হ’ব পাৰে।
এই অপৰাধ একাধিকবাৰ কৰিলে ৫ বছৰৰ কাৰাবাস বা বিদ্যুৎ চুৰিৰ জৰিয়তে লাভ কৰা সুবিধাৰ ৫ গুণ পৰ্যন্ত জৰিমনা বা এই দুয়োটা শাস্তিৰে দণ্ডিত কৰা হ’ব পাৰে।
মিটাৰ টেম্পাৰিং কৰি বিদ্যুৎ চুৰি কৰিলে ১০,০০০ টকাৰ পৰা ১,০০,০০০ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে। এই অপৰাধ একাধিকবাৰ কৰিলে অধিক জৰিমনা আৰু কাৰাবাসৰ বিধান আছে।
যদি বিদ্যুৎ চুৰিয়ে জীৱনৰ ক্ষতি, অগ্নিকাণ্ড বা দুৰ্ঘটনাৰ সূত্ৰপাত ঘটায়, তেতিয়া IPC অনুসৰি অধিক কঠোৰ দণ্ড প্ৰযোজ্য হয়।