শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চিলিণ্ডাৰেৰে মৰিয়াই হত্যা মাতৃক, ডিঙিত সুমোৱাই দিলে…উন্মাদ পুত্ৰৰ বৰ্বৰ কাণ্ড

খবৰ অনুসৰি অনলাইন গেমিঙত হাজাৰ হাজাৰ টকা হেৰুৱাই ঋণৰ হেঁচাত পৰি থকা নিখিল মাতৃৰ গালিত গভীৰভাৱে আঘাত পাইছিল। তেওঁ ইমানেই ক্ষুব্ধ হৈ পৰিছিল যে ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰ আৰু তাৰ পিছত চিলিণ্ডাৰেৰে মাতৃৰ মূৰত কেইবাবাৰো আঘাত কৰিছিল।

চিলিণ্ডাৰেৰে মৰিয়াই হত্যা মাতৃক, ডিঙিত সুমোৱাই দিলে…উন্মাদ পুত্ৰৰ বৰ্বৰ কাণ্ড
মাতৃক হত্যা পুত্ৰৰ
trishna-kalita
Trishna Kalita | Updated On: 07 Oct 2025 14:45 PM

নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰা বহু ঘটনা আমাৰ চৌপাশে সংঘটিত হৈ আহিছে। যিয়ে উদঙাই দিয়ে আমাৰ সমাজখনৰ প্ৰকৃত স্বৰূপ।  লক্ষ্ণৌৰ বাবুখেদা যাদৱ গাঁৱত সংঘটিত হৈছে তেনেই এক নৃশংস ঘটনা। য’ত ৪৫ বছৰীয়া ৰেণু যাদৱক তেওঁৰ পুত্ৰই নিখিলে অতি  নিৰ্মমভাৱে হত্যা কৰে। এই ঘটনাৰ তদন্তক সময়ত কেইবাটাও নতুন তথ্য পোহৰলৈ আহিছে। নিখিলে কিয় নৃশংসভাৱে নিজৰ মাতৃক হত্যা কৰিছিল সেই বিষয়ে সকলো বিৱৰি ক’লে আৰক্ষীক। সম্প্ৰতি কাৰাগাৰত আছে অভিযুক্ত পুত্ৰ নিখিল।

খবৰ অনুসৰি অনলাইন গেমিঙত হাজাৰ হাজাৰ টকা হেৰুৱাই ঋণৰ হেঁচাত পৰি থকা নিখিল মাতৃৰ গালিত গভীৰভাৱে আঘাত পাইছিল। তেওঁ ইমানেই ক্ষুব্ধ হৈ পৰিছিল যে ডিঙিত স্ক্ৰু ড্ৰাইভাৰেৰ আৰু তাৰ পিছত চিলিণ্ডাৰেৰে মাতৃৰ মূৰত কেইবাবাৰো আঘাত কৰিছিল।

ঘটনাৰ ভয়াৱহ দৃশ্য

আৰক্ষীৰ মতে, দুপৰীয়া প্ৰায় ২:৩০ বজাত নিখিলক ঘৰৰ পৰা চুৰি কৰি থকা অৱস্থাত ধৰা পেলাইছিল মাতৃ ৰেণুৱে। ইতিমধ্যে নিখিলে মাকৰ মংগলসূত্ৰ চুৰি কৰি লৈ গৈছিল। ৰেণুৱে গালি পৰা মংগলসূত্ৰডাল  কাঢ়ি লৈ ​​ক’লে, “পাপাক আহিবলৈ দিয়া।” এই কথা শুনি নিখিলে ক্ষোভিত হৈ আলমাৰীৰ পৰা স্ক্ৰু ড্ৰাইভাৰ উলিয়াই মাতৃৰ ডিঙিত আঘাত কৰিলে। ৰেণুৱে চিঞৰি কাতৰ অনুৰোধ কৰিলে, কিন্তু নিখিলে এৰি নিদিলে। তেওঁৰ চিঞৰবোৰ আনে নুশুনিবলৈ টিভিৰ ভলিউম বঢ়াই দিলে। ৰেণু অচেতন হৈ পৰাত নিখিলে ওচৰতে থকা খালী চিলিণ্ডাৰেৰে তেওঁৰ মূৰত তিনিবাৰকৈ আঘাত কৰিলে। পুত্ৰৰ বৰ্বৰ আক্ৰমণত থিতাতে মৃত্যু হ’ল ৰেণুৰ।

অপৰাধ সংঘটিত কৰাৰ পিছত নিখিলে বেগত গহনা আৰু মংগলসূত্ৰ ভৰাই পিতৃ ৰমেশৰ বাইক লৈ পলায়ন কৰে। কিছু সময়ৰ পিছত ৰমেশক তেওঁৰ ভাতৃয়ে খবৰ দিলে। ঘৰলৈ আহি তেজেৰে লুতুৰি-পুতুৰি হৈ থকা পত্নীক দেখি থতমত খালে ৰমেশ । ৰেণুক ততাতৈয়াকৈ হস্পিতাললৈ লৈ যোৱা হ’ল, তাতেই চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

নিখিলক বিচাৰি থকা আৰক্ষীয়ে দেওবাৰে চৰবাগত তেওঁৰ বাইকখন উদ্ধাৰ কৰে। তেওঁ ত্ৰিভেনি এক্সপ্ৰেছ ৰে’লত উঠিছিল। তাৰ পিছত অভিযান চলাই সোমবাৰে ফতেহপুৰত নিখিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জেৰাৰ সময়ত নিখিলে কোনো অনুশোচনা নোহোৱাকৈ অপৰাধ স্বীকাৰ কৰে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, নিখিল অনলাইন গেমিং প্লেটফৰ্ম “এভিয়েটৰ”ৰ প্ৰতি আসক্ত আছিল। য’ত তেওঁ ২৪ হাজাৰ টকা হেৰুৱাইছিল। লোকচান পৰিশোধ কৰিবলৈ বিভিন্ন অনলাইন এপৰ পৰা ২৫,০০০ টকা, ২,৬০০ টকা, ২০০০ টকাৰ ঋণ লৈছিল। এই এপসমূহৰ উচ্চ সুতৰ হাৰ আৰু ইয়াক উদ্ধাৰৰ হেঁচাই তেওঁক আৰু অধিক মানসিক চাপত পেলাইছিল। ইয়াৰ মাজতে মাতৃয়ে গালি পৰা থকা খঙত তেওঁ এই জঘন্য কাণ্ড সংঘটিত কৰে।