শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৱসৰ বিনোদনৰ মাজতে হঠাৎ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, চিকিৎসালয়ত ভৰ্তি

হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত আই জি এম চি হাস্পতালত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক। প্ৰাথমিক তদন্তৰ অন্তত তাইৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। চিকিৎসকৰ তত্বাৱধানত চলি আছে ছোনিয়া গান্ধীৰ চিকিৎসা। ছুটী কটাবলৈ সোমবাৰে শিমলাত উপস্থিত হৈছিল ছোনিয়া গান্ধী।

অৱসৰ বিনোদনৰ মাজতে হঠাৎ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, চিকিৎসালয়ত ভৰ্তি
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী
trishna-kalita
Trishna Kalita | Published: 07 Jun 2025 19:27 PM

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি। শনিবাৰে ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (IGMC) ত ভৰ্তি কৰোৱা হয়, য’ত নিয়মীয়া স্বাস্থ্য পৰীক্ষা চলি আছে কংগ্ৰেছ নেত্ৰীগৰাকীৰ। চিকিৎসকে তেওংৰ ইচিজি আৰু এমআৰআইৰ দৰে পৰীক্ষা সম্পন্ন কৰিছে। বৰ্তমান কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

ছুটী কটাবলৈ সোমবাৰে শিমলাত উপস্থিত হৈছিল ছোনিয়া গান্ধী। কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ ছাৰবৰাস্থিত ব্যক্তিগত বাসগৃহত থকা সময়তে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক IGMCলৈ নিয়া হয়। IGMCৰ এটা বিশেষ ৱাৰ্ডত ভৰ্তি কৰো হৈছে ছোনিয়া গান্ধীক। তেওঁৰ এম আৰ আই ৰেডিঅ’লজি বিভাগত কৰা হৈছিল। চিকিৎসালয় কর্তৃপক্ষই প্ৰতি মুহূৰ্ততে নিৰীক্ষণ কৰি আছে তেওঁৰ অৱস্থা।

মুখ্যমন্ত্ৰীৰ প্ৰধান পৰামৰ্শদাতা (সংবাদ মাধ্যম) নৰেশ চৌহানে কয়, “কিছু সামান্য স্বাস্থ্যজনিত সমস্যাৰ বাবে ছোনিয়া গান্ধীক নিয়মীয়া চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল। চিন্তাৰ কোনো কথা নাই, তেওঁৰ অৱস্থা সুস্থিৰ।”

এই ঘটনাৰ পিছত শিমলাত ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰে। হিমাচল প্ৰদেশৰ মুখ্য সচিব প্ৰবোধ সাক্সেনাই নিজেই আই জি এম চিত উপস্থিত হৈ ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ উপৰিও ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীগৰাকীও চিকিৎসালয়ত উপস্থিত হৈ পোনে পোনে ৰেডিঅ’লজি বিভাগলৈ যায়।

ইফালে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱেও দুদিনীয়া উনা ভ্ৰমণৰ মাজভাগতে বাতিল কৰি শিমলালৈ ৰাওনা হয়। চিকিৎসালয় আৰু প্ৰশাসনিক সূত্ৰ অনুসৰি ছোনিয়া গান্ধীৰ যত্নৰ বাবে প্ৰয়োজনীয় প্ৰতিটো চিকিৎসা সুবিধা নিশ্চিত কৰা হৈছে। চিকিৎসালয়ৰ চৌহদত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে ভিভিআইপিৰ চলাচলৰ বাবে সাধাৰণ জনতাৰ চলাচলত বাধা আৰোপ কৰা হৈছে। সম্প্ৰতি কংগ্ৰেছৰ নেতা-সমৰ্থকৰ চকু ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ ওপৰত নিবদ্ধ হৈ আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আই জি এম চি কর্তৃপক্ষ আৰু চিকিৎসকৰ বিশেষ দলে ছোনিয়া গান্ধীক অহৰহ নিৰীক্ষণ কৰি আছে। শীঘ্ৰে তেওঁৰ স্বাস্থ্য প্ৰতিবেদন অহাৰ সম্ভাৱনা আছে।