শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নৃশংস! মাতৃক মৰিয়াই মৰিয়াই হাত-ভৰি ভাঙিলে পুত্ৰই, তাৰ পাছত…

ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো নাছিল। নিশা যেতিয়া পৰিয়ালৰলোক ঘৰলৈ আহিছিল তেতিয়া বাহিৰৰ পৰা শুনা পাইছিল যে ভিতৰত কোনোৱে কথা পাতি আছিল।

নৃশংস! মাতৃক মৰিয়াই মৰিয়াই হাত-ভৰি ভাঙিলে পুত্ৰই, তাৰ পাছত…
ঘটনাস্থলী
barasha-sarma
Barasha Sarma | Published: 03 Oct 2024 09:46 AM

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। যিমানেই সমাজ আধুনিকতাৰ পিনে গতি কৰিছে সিমানেই যেন একাংশ নৃশংস হৈ পৰিছে। নিজৰ আপোনজনকো হত্যা কৰিবলৈ একাংশই কুণ্ঠাবোধ নকৰে। আনকি জন্মদাত্ৰী মাতৃ, পিতৃক হত্যা দৰে ঘটনাও এই সমাজতে সংঘটিত হয়। এনে ধৰণৰ এক ঘটনাই পোহৰলৈ আহিছে য’ত এজন যুৱকে নিজ মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰে। প্ৰথমে পুত্ৰই মাতৃক মৰিয়াই মৰিয়াই হাত- ভৰি ভাঙি দিয়ে আৰু পাছত প্ৰকাণ্ড লাঠিৰে মূৰত কেইবাবাৰো আঘাত কৰে। এই আক্ৰমণত মাতৃৰ মৃত্যু হয়।

জানিব পৰা মতে যেতিয়ালৈকে মাতৃৰ মৃত্যু হোৱা নাছিল তেতিয়ালৈকে পুত্ৰই তেওঁক প্ৰহাৰ কৰি থাকে। মাতৃৰ মৃত্যুৰ পাছত মৃতদেহৰ ওচৰত বহি কেইবাঘন্টা কথাও পাতে যুৱকজনে। পুত্ৰৰ আক্ৰমণত মাতৃৰ দুই হাত- ভৰি ভাঙি যায়।  এই জঘন্য ঘটনা সংঘটিত হৈছে বিহাৰৰ পুৰ্নিয়াৰ সদৰ থানা এলেকাৰ হান্সদা মুনশীবাৰীৰ ৩৫ নং ৱাৰ্ডত।

ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো নাছিল। নিশা যেতিয়া পৰিয়ালৰলোক ঘৰলৈ আহিছিল তেতিয়া বাহিৰৰ পৰা শুনা পাইছিল যে ভিতৰত কোনোৱে কথা পাতি আছিল। যেতিয়া পৰিয়ালৰলোক ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া আচৰিত হৈ পৰে। দেখিলে ড্ৰাগছ আসক্ত পুত্ৰই মাতৃৰ মৃতদেহৰ কাষত বহি কথা পাতি আছে। লগে লগে ঘটনা সন্দৰ্ভত পৰিয়ালৰলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। নিহত মহিলাগৰাকী হন্সদা মুংশীবাৰীৰ ৩৫ নং ৱাৰ্ডৰ বাসিন্দা ভোকতা ওৰাওঁৰ পত্নী মুছমত ভাদো দেৱী বুলি জানিব পৰা গৈছে। নিহত মহিলাগৰাকীৰ বয়স আছিল ৬২ বছৰ।

ঘটনা সন্দৰ্ভত মৃতকৰ পুত্ৰ জিতেন্দ্ৰ মিঞ্জে কয় যে তেওঁৰ ভাতৃ হৰিশচন্দ্ৰ মিঞ্জ ড্ৰাগছ আসক্ত আছিল। প্ৰতিদিনেই ঘৰৰ সকলোৰে লগত তেওঁ কাজিয়া কৰিছিল। দুবছৰ আগতে পৰিয়ালৰলোকে তেওঁক বিয়া কৰাই দিছিল যদিও পত্নীকো মাৰপিট কৰা আৰম্ভ কৰিছিল। এই কাৰণতে পত্নীয়ে সন্তানৰ সৈতে পিতৃৰ ঘৰত থাকে।

পৰিয়ালৰলোকে কয় যে, কিছুদিন পূৰ্বে তেওঁৰ ভাতৃয়ে গাঁৱৰ মাটি বিক্ৰী কৰি মদ খাবলৈ আৰম্ভ কৰিছিল। এই কথাক লৈ মাতৃ- পুত্ৰৰ মাজত বিগত কেইটামান দিন ধৰি কাজিয়া লাগি আছিল। কিন্তু প্ৰায় ২ দিন পূৰ্বে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। যেতিয়া পৰিয়ালৰলোক কোনো কামত বাহিৰলৈ যায় তেতিয়া মাতৃ আৰু পুত্ৰ ঘৰত একেলগে আছিল।  সেই সময়তে পুত্ৰ আৰু মাতৃৰ মাজত সংঘাত হয় আৰু সেই সংঘাতৰ পৰিণতিতে মাতৃৰ মৃত্যু হয়।

Latest News