শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাজ সাগৰত মুম্বাই অভিমুখী জাহাজত অগ্নিকাণ্ড, ৫ গৰাকী কৰ্মচাৰী নিৰুদ্দেশ

কোজিকোডৰ বেপুৰ উপকূলত এখন মালবাহী জাহাজত বিস্ফোৰণ সংঘটিত হৈছে। ছিংগাপুৰৰ পতাকা থকা মালবাহী জাহাজখনৰ দৈৰ্ঘ্য ২৭০ মিটাৰ আৰু ড্ৰাফ্ট ১২.৫ মিটাৰ । এনপিচি মুম্বাইৰ সৈতে ৭ জুনত জাহাজখনে কলম্বোৰ পৰা ৰাওনা হয় ।

মাজ সাগৰত মুম্বাই অভিমুখী জাহাজত অগ্নিকাণ্ড, ৫ গৰাকী কৰ্মচাৰী নিৰুদ্দেশ
জাহাজত অগ্নিকাণ্ডImage Credit source: ANI
raj-saikia
Raj Saikia | Published: 09 Jun 2025 16:24 PM

কেৰালাৰ উপকূলত সংঘটিত হৈছে এক দুৰ্ঘটনা । কলম্বোৰ পৰা নাভা শ্বেভালৈ যোৱা মালবাহী জাহাজ MV WAN HAI 503 ত সাগৰৰ মাজতে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণটো কোচিৰ পৰা প্ৰায় ৩১৫ কিলোমিটাৰ পশ্চিমে জাহাজখনৰ আণ্ডাৰ ডেক (তলৰ অংশ)ত সংঘটিত হৈছিল । দুৰ্ঘটনাৰ পিছৰে পৰা জাহাজখনৰ ৪ জন ক্ৰু নিৰুদ্দেশ হোৱাৰ বিপৰীতে ৫ জন লোক আহত হৈছে । জাহাজখনত মুঠ ২২ জন ক্ৰু মেম্বাৰ আছিল । জাহাজখনত কণ্টেইনাৰ ভৰ্তি হৈ আছে ।

ক্ৰু সদস্যসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । জানিব পৰা মতে জাহাজখনত ৰখা ৫০টা কণ্টেইনাৰ সাগৰত পৰি যায় । জাহাজখনত ৬০০ৰো অধিক কণ্টেইনাৰ আছিল । নৌসেনা আৰু উপকূলৰক্ষী বাহিনীৰ জাহাজ সেই স্থানলৈ ৰাওনা হৈছে । একে সময়তে বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও কোনো পাত্ৰৰ ভিতৰৰ পৰা বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে ।

ভাৰতীয় নৌসেনাৰ পি আৰ অ’ই কয়, ‘কোজিকোডৰ বেপুৰ উপকূলত এখন মালবাহী জাহাজত বিস্ফোৰণ সংঘটিত হৈছে। ছিংগাপুৰৰ পতাকা থকা মালবাহী জাহাজখনৰ দৈৰ্ঘ্য ২৭০ মিটাৰ আৰু ড্ৰাফ্ট ১২.৫ মিটাৰ । এনপিচি মুম্বাইৰ সৈতে ৭ জুনত জাহাজখনে কলম্বোৰ পৰা ৰাওনা হয় ।’

উদ্ধাৰ অভিযান আৰম্ভ

ইফালে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰিছে । পৰিস্থিতিৰ বুজ ল’বলৈ পঠিওৱা হৈছে উপকূলৰক্ষী বাহিনীৰ ডৰ্নিয়াৰ বিমান । ইয়াৰ লগতে তিনিখন উপকূলক্ষী জাহাজ আইচিজিএছ ৰাজদূত (নিউ মাংগালুৰৰ পৰা), আইচিজিএছ অৰ্ণৱেশ (কোচিৰ পৰা), আইচিজিএছ সচেট (আগট্টিৰ পৰা)কো ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে ।

জাহাজখনৰ বাকী ক্ৰু সদস্যসকল নিৰাপদ

নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱা আৰু আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে দ্ৰুতগতিত কাম কৰা হৈছে বুলি উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰিছে । বৰ্তমান জাহাজখনৰ বাকী ক্ৰু সদস্যসকল সুৰক্ষিত বুলি জানিব পৰা গৈছে । পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে উপকূলৰক্ষী বাহিনীয়ে । ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে সাহায্য জাহাজ আৰু বিমান । সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে ।