গণৰাজ্য দিৱসৰ দিনাই ভয়ংকৰ আক্ৰমণ, নক্সালবাদীৰ ধাৰাবাহিক বিস্ফোৰণত ১১ জন নিৰাপত্তাকৰ্মী আহত
বৰ্তমান বিজাপুৰ উত্তৰ-পশ্চিম সীমান্তত ডিআৰজি, ক’ব্ৰা আৰু এছটিএফৰ এক যুটীয়া দলে তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে। মাওবাদী কমাণ্ডাৰ দিলীপ বেডজা আৰু আন সশস্ত্ৰ কেডাৰৰ উপস্থিতিৰ খবৰ পাই এই অভিযান অধিক জোৰদাৰ কৰা হৈছে।

প্ৰতিনিধিত্বমূলক ছবি
দেশে আজি উদযাপন কৰিছে গণৰাজ্য দিৱস। পিছে এই বিশেষ দিনটোতে এক ভয়ংকৰ নক্সাল আক্ৰমণে জোকাৰিছে ছত্তীশগড়। ৰাজ্যখনৰ বিজাপুৰত নক্সালবাদীৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে এক ভয়ংকৰ কূটাঘাতৰ ঘটনা সংঘটিত হৈছে। বিজাপুৰৰ কাৰ্ৰেগুট্টা পাহাৰীয়া অঞ্চলত নক্সালবাদীয়ে পাতি থোৱা আইইডি (IED)ৰ ধাৰাবাহিক বিস্ফোৰণত ১১ গৰাকী নিৰাপত্তাকৰ্মী গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ ভিতৰত ১০ গৰাকী ৰাজ্যিক আৰক্ষীৰ ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ডৰ (DRG) জোৱান আৰু এজন চিআৰপিএফৰ এলাইট ইউনিট ‘ক’ব্ৰা’ (CoBRA) বাহিনীৰ উপ-পৰিদৰ্শক।
আহত ক’ব্ৰা বিষয়াগৰাকীক উপ-পৰিদৰ্শক ৰুদ্ৰেশ সিং বুলি চিনাক্ত কৰা হৈছে। বিস্ফোৰণৰ তীব্রতা ইমানেই বেছি আছিল যে জোৱানসকলৰ শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ আঘাত লাগে। ৰুদ্ৰেশ সিং আৰু আন দুজন জোৱানৰ ভৰিত গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে তিনিজন জোৱানৰ চকুত বিস্ফোৰণৰ টুকুৰা সোমাই যায়। উন্নত চিকিৎসাৰ বাবে আটাইকেইজনকে ততাতৈয়াকৈ বিমানেৰে ৰায়পুৰলৈ নিয়া হৈছে।
অভিযানৰ আঁৰৰ কাহিনী
যোৱা নৱেম্বৰ মাহত নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ অভয়ৰণ্য হিচাপে পৰিচিত তাৰপালা গাঁৱত এক সামৰিক শিবিৰ স্থাপন কৰিছিল। এয়া আছিল নক্সালবাদীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ পূৰ্বে চলোৱা এক ২১ দিনীয়া অভিযানত নিৰাপত্তা বাহিনীয়ে ৩১ গৰাকী নক্সালবাদীৰ প্ৰাণ লোৱাৰ লগতে ৪৫০ টা আইইডি আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰিছিল।
উক্ত অভিযানৰ প্ৰতিশোধ হিচাপে মাওবাদীয়ে আজিৰ এই আক্ৰমণ চলাইছে বুলি ধাৰণা কৰা হৈছে। বৰ্তমান বিজাপুৰ উত্তৰ-পশ্চিম সীমান্তত ডিআৰজি, ক’ব্ৰা আৰু এছটিএফৰ এক যুটীয়া দলে তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে। মাওবাদী কমাণ্ডাৰ দিলীপ বেডজা আৰু আন সশস্ত্ৰ কেডাৰৰ উপস্থিতিৰ খবৰ পাই এই অভিযান অধিক জোৰদাৰ কৰা হৈছে।
মাওবাদমুক্ত ভাৰতৰ লক্ষ্য
কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা মাওবাদী সমস্যাক শিপাৰে সৈতে উভালিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে চলিত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখটো এক অন্তিম সময়সীমা হিচাপে স্থিৰ কৰা হৈছে। চৰকাৰৰ এই কঠোৰ নীতিৰ ফলত কেইবাটাও উল্লেখযোগ্য সাফল্য লাভ কৰিছে। আটাইতকৈ বেছি নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা ৬ খনৰ পৰা ৩ খনলৈ (বিজাপুৰ, চুকমা আৰু নাৰায়ণপুৰ) হ্ৰাস পাইছে।
কেৱল ২০২৫ চনৰ প্ৰথম ১১ মাহত ৩৩৫ গৰাকী মাওবাদী নিহত হৈছে আৰু ২,১৬৭ গৰাকী কেডাৰে মূল সুঁতিলৈ উভতি আহি আত্মসমৰ্পণ কৰিছে। ইফালে ২০১৪ চনৰ পৰা এতিয়ালৈকে চলোৱা অভিযানত ১৬ হাজাৰৰো অধিক নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।