জ্যেষ্ঠ নাগৰিকৰ মানসিক অৱনতি ৰোধৰ বাবে আৰম্ভ ‘ছিনিয়ৰ সাথী’ শীৰ্ষক বিশেষ কাৰ্যসূচী…
নিসংগতাৰ সৈতে যুঁজ দিয়াটো বৃদ্ধ সকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই সমস্যাৰে মোকাবিলা কৰিবৰ বাবে "ছিনিয়ৰ সাথী" শীৰ্ষক এক কাৰ্যসূচী হায়দৰাবাদৰ পৰা আৰম্ভ কৰা হৈছে।
বৰ্তমান সময়ত বৃদ্ধ লোকসকল সামাজিক বিচ্ছিন্নতাৰ বলি হৈছে। ইয়াৰ লগে লগে নিসংগতাৰ সৈতে যুঁজ দিয়াটো তেওঁলোকেৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই সমস্যাৰে মোকাবিলা কৰিবৰ বাবে “ছিনিয়ৰ সাথী” শীৰ্ষক এক কাৰ্যসূচী হায়দৰাবাদৰ পৰা আৰম্ভ কৰা হৈছে। আই এ এছ, জিলা উপায়ুক্ত হৰি চন্দনাৰ পৰিকল্পনা অনুসৰি আৰু ইয়ংগিষ্টান ফাউণ্ডেশ্যনৰ সহযোগত কাৰ্যকৰী কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে, স্বাধীনভাৱে বসবাস কৰা জ্যেষ্ঠ নাগৰিকসকলৰ মাজত মানসিক অৱনতি ৰোধ কৰা।
ভাৰতৰ সাংস্কৃতিয়ে সংহতিক উদযাপন কৰাৰ বিপৰীতে বাস্তৱতাই বৃদ্ধসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা হতাশা, জ্ঞানশক্তিৰ অৱনতি আৰু অনলাইন জালিয়াতিৰ আশংকা আদি সংকট সৃষ্টি কৰে। শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে অধিক শিশু ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, যাৰ ফলত অভিভাৱকসকল আৱেগিকভাৱে অসহায় হৈ পৰিছে।
এক বিশেষ ডিজাইনৰ দ্বাৰা এই সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত থিয় দিছে ছিনিয়ৰ সাথী। প্ৰতিজন স্বেচ্ছাসেৱকে মানসিক আৰু আচৰণৰ মূল্যায়ন, আৰক্ষী আৰু পটভূমি পৰীক্ষা,মনোবিজ্ঞানীৰ দ্বাৰা পেছাদাৰী প্ৰশিক্ষণ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
আন্তঃৰাষ্ট্ৰীয় প্ৰমাণৰ ওপৰত ভিত্তি কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাৰ্ভাৰ্ডৰ সৈতে জড়িত গৱেষণাৰ পৰা দেখা গৈছে যে,প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলা কাৰ্যসূচীয়ে আত্মসন্মান বৃদ্ধি কৰে, উদ্বেগ হ্ৰাস কৰে, ভাৰসাম্য উন্নত কৰে আৰু নিসংগতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। বিশ্বজুৰি বিশেষজ্ঞসকলে, এনে কাৰ্যসূচীক বৃদ্ধ সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে স্বীকৃতি দিয়ে। আমেৰিকাৰ চাৰ্জন জেনেৰেলৰ মতে, নিসংগতাই অকাল মৃত্যুৰ সম্ভাৱনা ২৬-২৯% বৃদ্ধি কৰে।
ছিনিয়ৰ সাথী আৰম্ভ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ সময়ত। হায়দৰাবাদত গ্ল’বেল কেপেবিলিটি চেণ্টাৰ, এআই ইকোচিষ্টেম আৰু সামগ্ৰিকভাৱে নগৰীয়া ৰূপান্তৰৰ অভূতপূৰ্ব বৃদ্ধিৰ সাক্ষী হৈ আছে। তথাপিও এই ধৰণৰ পদক্ষেপৰ জৰিয়তে প্ৰশাসনে নিশ্চিত কৰিছে যে, অৰ্থনৈতিক প্ৰগতিৰ শক্তিশালী সামাজিক সমৰ্থন দ্বাৰাহে হয়। হায়দৰাবাদ চহৰখনে কেৱল প্ৰযুক্তিগত শক্তি কেন্দ্ৰ হিচাপেই নহয়, সামাজিক দায়বদ্ধতাৰে নগৰীয়া উন্নয়নৰ আৰ্হি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।