শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উত্তৰ পূৰ্বৰ নিৰাপত্তা এটা চিন্তাৰ বিষয়, ভাৰতক বাংলাদেশৰ ক্ষমতাত থকা সকলৰ সৈতে জড়িত হ’বলৈ SHARE ৰ পৰামৰ্শ

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ প্ৰত্যক্ষ প্ৰভাৱ উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা আৰু উন্নয়ন ক্ষেত্ৰ দুয়োটাতে পৰিছে বুলি দাবী কৰিছে শ্বেয়াৰ(SHARE)ৰ সদস্য হিচাপে থকা নিৰাপত্তা আৰু প্ৰতিৰক্ষা বিশেষজ্ঞসকলে । শ্বেয়াৰৰ সদস্যসকলে পৰামৰ্শ দিছে যে,বাংলাদেশৰ ক্ষমতাত থকা বা ক্ষমতাৰ আঁৰত থকাসকলৰ সৈতে ভাৰত চৰকাৰ জড়িত হ’ব লাগিব ।

উত্তৰ পূৰ্বৰ নিৰাপত্তা এটা চিন্তাৰ বিষয়, ভাৰতক বাংলাদেশৰ ক্ষমতাত থকা সকলৰ সৈতে জড়িত হ’বলৈ SHARE ৰ পৰামৰ্শ
উত্তৰ-পূবত বাংলাদেশৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে !
manas-borah
Manas Borah | Published: 19 Aug 2024 19:32 PM

চুবুৰীয়া বাংলাদেশৰ অস্থিৰতাই ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে ! শেহতীয়াকৈ এই বিষয়টোৰ ওপৰত মন্তব্য় প্ৰকাশ কৰিছে প্ৰাক্তন বৈদেশিক সচিব হৰ্ষৱৰ্ধন শ্ৰীংলাই। প্ৰাক্তন বৈদেশিক সচিব শ্ৰীংলাই ভাৰত চৰকাৰে বৰ্তমানে বাংলাদেশৰ ক্ষমতাত থকা সকলৰ সৈতে যোগাযোগ স্থাপন কৰাটো অতি প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰিছে ।

বর্তমান বাংলাদেশৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ বাবে নীতিগত বিকল্পৰ প্রতিবেদন প্রকাশ কৰা এক কার্যসূচীত শ্রীংলাই এই মন্তব্য প্ৰকাশ কৰে । কেন্দ্ৰত দাখিল কৰিবলগীয়া এই প্ৰতিবেদন প্ৰস্তুত কৰিছে Society to Harmonise Aspirations for Responsible Engagement (SHARE) নামৰ এটা থিংক টেংকে।

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ প্ৰত্যক্ষ প্ৰভাৱ উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা আৰু উন্নয়ন ক্ষেত্ৰ দুয়োটাতে পৰিছে বুলি দাবী কৰিছে শ্বেয়াৰ(SHARE)ৰ সদস্য হিচাপে থকা নিৰাপত্তা আৰু প্ৰতিৰক্ষা বিশেষজ্ঞসকলে । শ্বেয়াৰৰ সদস্যসকলে পৰামৰ্শ দিছে যে,বাংলাদেশৰ ক্ষমতাত থকা বা ক্ষমতাৰ আঁৰত থকাসকলৰ সৈতে ভাৰত চৰকাৰ জড়িত হ’ব লাগিব । বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰদূত শ্ৰীংলাই কয়,‘আমাৰ দুটা মূল চিন্তাৰ বিষয় হৈছে – বাংলাদেশৰ ভূখণ্ডক ভাৰতৰ স্বাৰ্থত শত্ৰুতাপূৰ্ণ কোনো ধৰণে ব্যৱহাৰ নকৰা আৰু চুবুৰীয়া দেশখনৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰা।’

শ্ৰীংলাই লগতে কয় যে, বৰ্তমান বাংলাদেশৰ নীতি নিৰ্ধাৰণৰ বাবে কোন দায়বদ্ধ সেই বিষয়ত আলোকপাত কৰা হৈছে । তদুপৰি চুবুৰীয়া দেশখনত থকা ভাৰত বিৰোধী আৱেগ আৰু অৰ্থনৈতিক স্থিতিশীলতা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত দেশখনত দেখা দিয়া অনিশ্চিয়তা আদি বিষয়সমূহ আলোকপাত কৰি এই প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছে বুলি কয় শ্ৰীংলাই ।

উল্লেখ্য যে,ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন জিঅ’চি-ইন-চি লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই (অৱসৰপ্ৰাপ্ত) এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক দাখিল কৰা হ’ব বুলি জানিবলৈ দিছে । লাডাখৰ প্ৰাক্তন উপ-ৰাজ্যপাল আৰ কে মাথুৰে কয় যে, চুবুৰীয়া দেশখনৰ অস্থিৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি পৰামৰ্শসমূহ “সকলো শ্ৰেণী আৰু মতাদৰ্শৰ বাবে কাৰ্যকৰী আৰু গ্ৰহণযোগ্য” হোৱাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰি কয় যে, এই পৰিস্থিতিত বাংলাদেশৰ সৈতে ১৮৮৫ কিলোমিটাৰ সীমাৰেখা থকা উত্তৰ-পূবত সম্ভাৱ্য শৰণাৰ্থী সংকট মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে আলোচনা কৰা প্ৰয়োজন । ইফালে বাংলাদেশৰ শ্বেৰপুৰৰ উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰ ভাঙি যোৱা ৬ আগষ্টত সশস্ত্ৰ গোটে ৫০০ৰো অধিক কয়দীক মুকলি কৰি দিয়াৰ বিপৰীতে গাজীপুৰত আন এখন জেল ভাঙি ২০৯ জন কয়দী পলায়ন কৰা ঘটনা উত্তৰ-পূব ভাৰতৰ বাবে উদ্বেগজনক বিষয় বুলি কয় মহন্তই ।

উল্লেখ্য যে,মুক্ত হোৱাসকলৰ ভিতৰত আনছাৰুল বাংলা টিম (এবিটি) আৰু বাংলাদেশৰ জামাত-উল-মুজাহিদীন (জেএমবি)ৰ জেষ্ঠ সদস্যও আছে বুলি অসমৰ প্ৰাক্তন ডিজিপিগৰাকীয়ে জানিবলৈ দিয়ে। বিশেষকৈ অসম আৰু ত্ৰিপুৰাৰ বাবে এয়া এক উদ্বেগজনক পৰিস্থিতি বুলি উল্লেখ কৰি মহন্তই কয়, ২০২২-২৩ চনত এই ৰাজ্যসমূহৰ পৰা এই সংগঠনসমূহৰ ৬০ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াৰে ৩০ জনতকৈ অধিক বাংলাদেশৰ বুলি উল্লেখ কৰে ভাস্কৰজ্যোতি মহন্তই ।

এই বিষয়ত আয়োজন কৰা অনুষ্ঠানৰ আঁত ধৰে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ সমুদ্ৰগুপ্ত কাশ্যপ আৰু চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ সুবিমল ভট্টাচাৰ্যীয়ে । চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ পিছত ৫ আগষ্টত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰে। ইয়াৰ পিছতে ৮৪ বছৰীয়া নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে ৮ আগষ্টত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে।

INPUT-PTI