স্কুলৰ পৰা উভতিছিল ছাত্ৰী! সতীৰ্থই লৈ গ’ল নিৰ্জন ঘৰ এটালৈ আৰু পাছত ভয়ংকৰ কাণ্ড…
পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে তেওঁৰ সতীৰ্থই। তাৰ পাছতে বৰ্তমান ছাত্ৰীগৰাকী হাস্পাতালত ভৰ্তি হৈ আছে।

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰথমে অপহৰণ আৰু পাছত ধৰ্ষণ কৰে তেওঁৰেই সতীৰ্থই। এই কাণ্ড ইমানেই ভয়ংকৰ আছিল যে ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংগৰ লগতে অন্য অংগ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাঞ্চবাৰা জিলাৰ ঘাটোলা থানাৰ অন্তৰ্গত এটা অঞ্চলত।
ঘটনাৰ পাছতে ছাত্ৰীগৰাকীক উদয়পুৰৰ মহাৰানা ভূপাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। যোৱা ২০ আগষ্টত এই ঘটনা সংঘটিত হৈছিল যদিও আজি পৰ্যন্ত মূল অভিযুক্ত পলাতক অৱস্থাত আছে। অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।
কি হৈছিল
ঘটনাৰ বিৱৰণী অনুসৰি, ২০ আগষ্টৰ দিনা ছাত্ৰীগৰাকী ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাইছিল। বহু সময় অটোৰ বাবে অপেক্ষা কৰাৰ পাছতো তেওঁ অটো পোৱা নাছিল। তাৰ পাছতে ছাত্ৰীগৰাকী ঘৰলৈ উভতি অহাৰ সিদ্ধান্ত লয়। কিন্তু তেতিয়াই সেই স্থানত বাইকেৰে উপস্থিত হয় ছাত্ৰীগৰাকীৰ স্কুলীৰ বন্ধু এজন আৰু তেওঁৰ সৈতে অন্য় কেইজনমান। লগে লগে তেওঁলোকে ছাত্ৰীগৰাকীক এটা নিৰ্জন ঘৰলৈ লৈ যায় আৰু ধৰ্ষণ কৰে। ইমানেই নহয়, এই কাণ্ডৰ বিৰোধিতা কৰাৰ বাবে ছাত্ৰীগৰাকীৰ মাৰপিট কৰে আটাইয়ে।
চিকিৎসকৰ ভয়ংকৰ বিৱৰণ
ঘটনাৰ পাছদিনা পুৱা সংকটজনক অৱস্থাত ৰাস্তাৰ কাষত ছাত্ৰীগৰাকীক পেলাই থৈ অভিযুক্তই পলায়ন কৰে। ৰাস্তাত এনেদৰে পৰি থকা দেখি স্থানীয় লোকে ছাত্ৰীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যায়। কিন্তু অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁক উদয়পুৰলৈ প্ৰেৰণ কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে, ছাত্ৰীগৰাকীয়ে ব্যক্তিগত অংশ, মলদ্বাৰ, জৰায়ু আৰু মেৰুদণ্ডত যথেষ্ঠ আঘাত পাইছে।
চিকিৎসকে সন্দেহ কৰিছে যে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছত ৰড বা বটলৰ দৰে কিবা বস্তু ব্যৱহাৰ কৰিছিল অভিযুক্তই। যাৰ বাবে ইমান বেছি আঘাত পাইছে ছাত্ৰীগৰাকীয়ে। ভুক্তভোগীৰ অভ্যান্তৰীণ অংগত চিলাই কৰিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে শৌচৰ বাবে পেটেৰে নলী সুমুয়াই দিবলগীয়া হৈছে। এতিয়াও অতি সংকটজনক ছাত্ৰীগৰাকীৰ অৱস্থা।
এই জঘন্য কাণ্ডই সমগ্ৰ অঞ্চল জোকাৰি গৈছে। অপহৰণ, ধৰ্ষণৰ অভিযোগত ভুক্তোভোগীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ছাত্ৰীগৰাকীৰ মাতৃয়ে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৈছে যে, ভুক্তভোগীয় অভিযুক্তক আগৰ পৰা চিনি পাইছিল। আটাইকেইজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তক বিচাৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ ৩ ৰাষ্ট্ৰৰ মহামিলন! ইফালে সুৰ সলনি কৰি আমেৰিকাই ক’লে ভাৰত সম্পৰ্কীয় বিশেষ কথা…