শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাৰ্যালয়ৰ ভিতৰতে মহিলাৰ সৈতে অপকৰ্ম, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে DGP হ’ল নিলম্বিত

সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পিছতে চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে আৰক্ষী বিষয়াগৰাকীক।

কাৰ্যালয়ৰ ভিতৰতে মহিলাৰ সৈতে অপকৰ্ম, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে DGP হ’ল নিলম্বিত
নিলম্বিত আৰক্ষী বিষয়াগৰাকী
Monjit Dutta
Monjit Dutta | Updated On: 20 Jan 2026 12:17 PM

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এক ভিডিঅ’ই দেশজুৰি তীব্ৰ জোকাৰণি তুলিছিল। ভাইৰেল ভিডিঅ’টোত কাৰ্যালয়ৰ ভিতৰতে এগৰাকী মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত দেখা গৈছিল কৰ্ণাটকৰ ডিজিপি (DGP) পৰ্যায়ৰ জ্যেষ্ঠ আইপিএছ বিষয়া কে. ৰামচন্দ্ৰ ৰাওক। সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পিছতে কৰ্ণাটক চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে আৰক্ষী বিষয়াগৰাকীক।

ঘটনাৰ বিৱৰণ

ভাইৰেল হোৱা ভিডিঅ’টো ডিজিপি কাৰ্যালয়ৰ ভিতৰৰ বুলি জানিব পৰা গৈছে। নিজ চেম্বাৰৰ ভিতৰতে ৰামচন্দ্ৰ ৰাওক এগৰাকী মহিলাৰ সৈতে অশালীন কার্যত লিপ্ত হোৱা দেখা গৈছে। অৱশ্যে, অভিযুক্ত বিষয়াগৰাকীয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁৰ মতে, ভিডিঅ’টো সম্পূৰ্ণৰূপে ভুৱা আৰু সম্পাদনা কৰা হৈছে। তেওঁক ষড়যন্ত্ৰ কৰি ফঁচাবলৈ চেষ্টা কৰা হৈছে বুলিও তেওঁ দাবী কৰে।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

এই সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, “আইনৰ উৰ্ধত কোনো নহয়। আমি এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিম আৰু দোষী প্ৰমাণিত হ’লে যাৱতীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” বৰ্তমান ৰামচন্দ্ৰ ৰাও ডিচিআৰবি (District Crime Record Bureau)-ৰ ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

পূৰ্বৰ সোমাইছিল বিতৰ্কত

কে. ৰামচন্দ্ৰ ৰাওৰ বিৰুদ্ধে বিতৰ্ক এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ২০১৪ চনত মহীশূৰত সংঘটিত এক ডকাইতি কাণ্ডৰ উদ্ধাৰ হোৱা ২ কোটি টকা অপব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে। অৱশ্যে চিআইডি তদন্তত তেওঁ নিৰ্দোষী সাব্যস্ত হয়।

ইয়াৰ পিছত ২০১৭ চনত এজন কুখ্যাত হত্যাকাৰীৰ এনকাউণ্টাৰ আৰু আন এজন ব্যক্তিৰ হত্যাৰ গোচৰতো তেওঁৰ নাম সাঙোৰ খাই পৰিছিল। আনহাতে ২০২৪ চনত তেওঁৰ বিৰুদ্ধে পুত্ৰৰ নামত বিটকইনত বিনিয়োগ কৰা আৰু নিজ কন্যা ৰান্যা ৰাওক সোণৰ সৰবৰাহ কাণ্ডত সহায় কৰাৰ অভিযোগ উঠিছিল। বৰ্তমান তেওঁৰ কন্যা ৰান্যা ৰাও কাৰাগাৰত বন্দী হৈ আছে।