শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পথ দুৰ্ঘটনাত আহত লোকক উদ্ধাৰ কৰিলে পাব পুৰস্কাৰ, চৰকাৰে আগবঢ়াব বিপুল ধন!

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ইতিমধ্যে এই প্ৰকল্পত অনুমোদন জনাইছে আৰু অতি সোনকালে ইয়াৰ চৰকাৰী জাননী জাৰী কৰা হ’ব। সূত্ৰ অনুসৰি, অহা ১ মাৰ্চ অথবা ফাকুৱাৰ ঠিক আগে আগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই আঁচনিখনৰ শুভাৰম্ভ কৰিব।

পথ দুৰ্ঘটনাত আহত লোকক উদ্ধাৰ কৰিলে পাব পুৰস্কাৰ, চৰকাৰে আগবঢ়াব বিপুল ধন!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 12 Jan 2026 13:45 PM

পথ দুৰ্ঘটনাত আহত আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিব কেন্দ্ৰীয় চৰকাৰ। এনে লোকৰ সহায়ৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে এক বিশেষ অভিলাষী আঁচনি। এই নতুন আঁচনিখনৰ জৰিয়তে দুৰ্ঘটনাত পতিত লোকৰ বাবে নগদবিহীন বা কেচলেছ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। এই আঁচনিখনৰ চৰকাৰী নাম দিয়া হৈছে ‘পিএম-ৰাহত’। এই প্ৰকল্পৰ অধীনত দুৰ্ঘটনাত আহত এজন ব্যক্তি হাস্পতালত ভৰ্তি হোৱাৰ প্ৰথম ৭ দিনলৈকে চিকিৎসাৰ নামত এটকাও খৰচ কৰিব নালাগে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ইতিমধ্যে এই প্ৰকল্পত অনুমোদন জনাইছে আৰু অতি সোনকালে ইয়াৰ চৰকাৰী জাননী জাৰী কৰা হ’ব। সূত্ৰ অনুসৰি, অহা ১ মাৰ্চ অথবা ফাকুৱাৰ ঠিক আগে আগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই ‘পিএম-ৰাহত’ আঁচনিখনৰ শুভাৰম্ভ কৰিব।

ভাৰতত পথ দুৰ্ঘটনাৰ ছবিখন অত্যন্ত ভয়াৱহ। পৰিসংখ্যা অনুসৰি দেশৰ ৰাজপথত প্ৰতি তিনি মিনিটত এজন লোকৰ মৃত্যু হয়। বিশ্বৰ ভিতৰতে ভাৰততে আটাইতকৈ বেছি পথ দুৰ্ঘটনা সংঘটিত হয় বুলি পৰিসংখ্যাই কয়। বিশেষকৈ শেহতীয়া বছৰবোৰত চাৰিচকীয়া বাহনৰ তুলনাত বাইক দুৰ্ঘটনাত মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে।

লক্ষণীয়ভাৱে বাইক দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ অধিকাংশই ১৮ ৰ পৰা ২৪ বছৰীয়া যুৱক-যুৱতী। তীব্ৰ গতিৰে বাইক চলোৱাৰ ফলতে এনে যুৱক-যুৱতীসকল দুৰ্ঘটনাৰ সন্মুখীন হয়। বহু সময়ত আৰক্ষীৰ জেৰা বা হাস্পতালৰ খৰচ বহন কৰিবলগীয়া হোৱাৰ ভয়ত সাধাৰণ ৰাইজে দুৰ্ঘটনাত পতিত লোকক সহায় কৰিবলৈ আগবাঢ়ি নাহে।

এই মানসিকতা সলনি কৰিবলৈ চৰকাৰে ‘পিএম-ৰাহত’ আঁচনিত উদ্ধাৰকাৰীৰ বাবে বিশেষ পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। যিজন ব্যক্তিয়ে দুৰ্ঘটনাগ্ৰস্ত লোকক উদ্ধাৰ কৰি দ্ৰুতগতিত হাস্পতালত ভৰ্তি কৰাব, তেওঁক ২৫ হাজাৰ টকাৰ নগদ ধনৰ লগতে এক সন্মানীয় পদক প্ৰদান কৰা হ’ব।

অৱশ্যে এই পুৰস্কাৰৰ বাবে এটা চৰ্ত দিয়া হৈছে। উদ্ধাৰকাৰীয়ে হাস্পতালত ভৰ্তি কৰোৱা আহত লোকজনৰ প্ৰাণ ৰক্ষা পৰিব লাগিব। এই আঁচনিৰ ফলত দুৰ্ঘটনাৰ পিছত ৰাজপথত পৰি থাকি অকালতে মৃত্যু হোৱা লোকৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাব বুলি কেন্দ্ৰই আশা কৰিছে।