দিল্লীত আকস্মিক বৈঠকৰ আহ্বান আৰ এছ এছৰঃ মোদীৰ ভাষণৰ সৈতে আছে নেকি সংযোগ!
আৰ এছ এছৰ এই বৈঠক সন্দৰ্ভত ব্যাপক আলোচনা চলিছে। প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ আৰু তাৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ সৈতে আৰ এছ এছৰ এই বৈঠকৰ কোনো সংযোগ আছে নেকি বুলিও চৰ্চা চলিছে।

শুকুৰবাৰে দেশে উদযাপন কৰিলে ৭৯ সংখ্যক স্বাধীনতা দিৱস। পৰম্পৰা অনুসাৰে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ ক্ষণত দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত আন বহু দিশৰ লগতে আৰ এছ এছৰ প্ৰসঙ্গও উল্লেখ কৰিছিল। আৰ এছ এছৰ এক গৌৰৱময় ইতিহাস আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সংগঠনটোক বিশ্বৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা হিচাপে অভিহিত কৰিছিল।
দেশৰ বাবে সেৱা আগবঢ়োৱা সকলো স্বেচ্ছাসেৱকক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে সংঘই ব্যক্তিগত বিকাশৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প লৈ ১০০ বছৰ কাম কৰি আহিছে বুলিও মন্তব্য কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ এনে মন্তব্যৰ পিছতে বহুকেইজন বিৰোধী নেতাই তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হৈছিল।
এনে বাদ বিবাদৰ মাজতে আজি আৰ এছ এছে আকস্মিকভাৱে এক বৃহৎ বৈঠকৰ আহ্বান কৰিছে। এতিয়া আৰ এছ এছৰ এই বৈঠক সন্দৰ্ভত ব্যাপক আলোচনা চলিছে। প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ আৰু তাৰ পিছত সৃষ্টি হোৱা ৰাজনৈতিক বিতৰ্কৰ সৈতে আৰ এছ এছৰ এই বৈঠকৰ কোনো সংযোগ আছে নেকি বুলিও চৰ্চা চলিছে।
অৱশ্যে সূত্ৰ মতে আৰ এছ এছৰ বৈঠকৰ সৈতে এই বিষয়ৰ কোনো সংযোগ নাই। শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ আমদানি শুল্ক ঘোষণা কৰিছিল। আমেৰিকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আপত্তি কৰিছিল ভাৰতে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘেও এই সমগ্ৰ বিষয়ত আপত্তি দাখিল কৰিছিল আৰু আমেৰিকাক সন্ত্ৰাসবাদক প্ৰচাৰ কৰা বুলি অভিযোগ কৰিছিল।
এতিয়া এই সন্দৰ্ভত সংঘই এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠক অহা ১৯ আৰু ২০ আগষ্টত দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত সংঘৰ সকলো শীৰ্ষ বিষয়া উপস্থিত থাকিব।
সংঘৰ এই বৈঠকত আমেৰিকাৰ নতুন শুল্ক নীতিৰ প্ৰভাৱ আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা দেশৰ অৰ্থনীতি কিদৰে ৰক্ষা কৰিব পাৰি, সেই বিষয়সমূহৰ ওপৰত বিশদ আলোচনা আৰু কৌশল গ্ৰহণ কৰা হ’ব। আমেৰিকাই এই শুল্ক আৰোপ কৰাৰ পিছত আৰ এছ এছে নিজৰ অৰ্থনৈতিক গোটৰ বিশেষ বৈঠক আহ্বান কৰিছে।
আৰ এছ এছৰ সকলো শীৰ্ষ বিষয়াৰ উপৰিও অৰ্থনৈতিক খণ্ডৰ সৈতে জড়িত সংঘৰ সকলো সংযুক্ত সংগঠনৰ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ একাংশ বিশিষ্ট ব্যক্তিও উপস্থিত থাকিব পাৰে।