শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ, এইসমূহত দিশত দিয়া হ’ব বিশেষ গুৰুত্ব…

১৯২৫ত প্ৰতিষ্ঠা হোৱা RSSৰ এই এশবছৰীয়া যাত্ৰা ব্যাপক সংঘৰ্ষময় আছিল ৷ বিতৰ্ক, বাৰে বাৰে নিষিদ্ধ ঘোষিত হোৱাৰ পাছতো সমাজৰ বিভিন্ন স্তৰত ব্যক্তি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে RSS।  সংঘৰ কাম কাজক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ, এইসমূহত দিশত দিয়া হ’ব বিশেষ গুৰুত্ব…
অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ প্ৰদীপ যোশীৰ সংবাদমেল
trishna-kalita
Trishna Kalita | Updated On: 16 Aug 2025 19:47 PM

শতবৰ্ষ উদযাপনৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (RSS)-ই ৷ অহা বিজয়া দশমীত শতবৰ্ষ সম্পূৰ্ণ কৰিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৷ শতবৰ্ষৰ এই বিশেষ সময়ত RSS-এ দেশজুৰি ব্যাপকভাবে ৮০ৰ পৰা ৯০হাজাৰ হিন্দু সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ৷ RSSৰ শতবৰ্ষত পঞ্চ পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰা হ’ব৷

১৯২৫ৰ বিজয়া দশমীত প্ৰতিষ্ঠা হৈছিল সংগঠনটো।  ৰাষ্ট্ৰহিতৰ উদ্দেশ্যৰে ড৹ বলিৰাম হেডগেৱাৰে ১৯২৫ চনৰ বিজয়া দশমীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল। এই দিনটোত দেশজুৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই অনুষ্ঠিত কৰিব ৮০ৰ পৰা ৯০হাজাৰ হিন্দু সমাৱেশ। বহু মণ্ডল, চুবুৰীত আন সকলো জাতি ধৰ্মক যাতে একত্ৰিত কৰিব পাৰি তাৰ বাবে বিভিন্ন নামেৰে নামাকৰণ কৰা হ’ব সন্মিলনসমূহ।

১৯২৫ত প্ৰতিষ্ঠা হোৱা RSSৰ এই এশবছৰীয়া যাত্ৰা ব্যাপক সংঘৰ্ষময় আছিল ৷ বিতৰ্ক, বাৰে বাৰে নিষিদ্ধ ঘোষিত হোৱাৰ পাছতো সমাজৰ বিভিন্ন স্তৰত ব্যক্তি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে RSS।  সংঘৰ কাম কাজক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ অসম তথা উত্তৰপূবতো ১৯৪৬চন মানৰ পৰাই সংগঠনৰ বিকাশ কৰিছে RSS-এ।

শতবৰ্ষৰ এই সময়ছোৱাত ধৰ্মান্তৰকৰণ, ব্যাপক অনুপ্ৰৱেশ আদিৰ দৰে গম্ভীৰ সমস্যা সমূহক লৈ উদ্বেগৰ সমান্তৰালভাৱে ইয়াৰ প্ৰতিকাৰৰ বাবে বিভিন্ন কাম কাজ চলোৱাৰ কথা প্ৰকাশ কৰিছে অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ প্ৰদীপ যোশী আৰু ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ড৹ সুনীল মহান্তীয়ে ৷ এইবাৰ বিজয়া দশমীত গণৱেশত কাৰ্যক্ৰম কৰিব সংঘই। ইয়াৰ উপৰিও শতবৰ্ষৰ সময়ত কি কি দিশত মূলত কাম কৰিব সেয়া ক’লে প্ৰচাৰ প্ৰমুখ প্ৰদীপ যোশীয়ে।

সংবাদমেলত তেওঁ কয়, “সমাজৰ শেষৰখন ঘৰ শেষৰজন ব্যক্তিলৈ স্বধৰ্ম, স্ববোধ আদিৰ বাৰ্তা নিবলৈ ঘৰে ঘৰে যাব RSSৰ কাৰ্যকৰ্তা।  সমাজৰ বিভিন্ন দিশত নেতৃত্ব দিয়া লোকসকলৰ সমান্তৰালকৈ ৪০ বছৰৰ তলৰ যুৱ চামক আজিৰ প্ৰযুক্তিৰ পৃথিৱীখনৰ সৈতে ফেৰ মাৰিব পৰাকৈ ব্যক্তি নিৰ্মাণৰ লক্ষ্য ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৷ আনে যি কওক তাৰ প্ৰতি কাণ নিদি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই সমাজৰ পৰা আঁতৰাব বিচাৰিছে উচ্চ-নীচ, স্পৃশ্য-অস্পৃশ্যৰ ভাঙোন লগতে কৈছে, এখন নতুন ভাৰতৰ কথা ৷”

তেওঁ লগতে কয়, “একে সময়তে সংঘই কৈছে দেশৰ বাবে নৰেটিভ নিৰ্মাণৰ কথা।   পিছে সমাজ ব্যৱস্থাৰ যি পৰ্যায়ত ভাঙোন আহিছে সেয়া RSSএ যে সহজে শেষ কৰিব পাৰিব তাত সন্দেহ আছে, কিয়নো বছৰ বছৰ ধৰি RSSৰ বিৰুদ্ধে আন ধৰ্মৰ প্ৰতি বিদ্বেষ থকা বুলি অভিযোগ এতিয়াও কমা নাই ৷”