গণৰাজ্য দিৱসত দিল্লীৰ নিৰাপত্তাৰ দায়িত্বত ১২৭০ কিলো কুকুৰা মঙহ! পিছে কিদৰে সম্ভৱ এয়া?
কুকুৰাৰ মাংসই দিব দিল্লীত নিৰাপত্তা! আৰু সেয়াও দুই-চাৰি কিলোগ্ৰাম নহয়, ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংসই দিল্লীত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিব। পিছে এই মাংস কিয় ব্যৱহাৰ কৰা হ’ব? ইয়াৰ আঁৰৰ কাৰণে আপোনাক আচৰিত কৰি তুলিব।
সমগ্ৰ দেশজুৰি এতিয়া ভাৰতীয় গণতন্ত্ৰৰ মহান উৎসৱ গণৰাজ্য দিৱসৰ প্ৰস্তুতি। আৰু মাত্ৰ কিছুদিনৰ পাছতে এই গণৰাজ্য দিৱস পালন কৰা হ’ব। ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া পেৰেডৰ বাবে সম্প্ৰতি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ বিভিন্ন বাহিনীয়ে এই পেৰেডত অংশগ্ৰহণ কৰিব। ইতিমধ্যে গণৰাজ্য দিৱসৰ নিৰাপত্তাৰ বাবে ৰাজধানী দিল্লী নিৰাপত্তাৰক্ষীৰ তীক্ষ্ণ নজৰত। গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব ৫০ হাজাৰ দিল্লী আৰক্ষী জোৱান।
দিল্লী আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ ৬৫টা কোম্পানীও মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও চোৰাংচোৱা সংস্থাৰ কঠোৰ চোৰাংচোৱাগিৰি থাকিব ৰাজধানী চহৰখনত। কিন্তু আপুনি জানেনে যে দিল্লীত গণৰাজ্য দিৱসৰ এই ক্ষণত নিৰাপত্তা বাহিনীৰ লগতে কুকুৰায়ো বিশেষ নিৰাপত্তা প্ৰদান কৰিব?
অধিক সহজভাৱে ক’বলৈ গ’লে কুকুৰাৰ মাংসই দিব দিল্লীত নিৰাপত্তা! আৰু সেয়াও দুই-চাৰি কিলোগ্ৰাম নহয়, ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংসই দিল্লীত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিব। পিছে এই মাংস কিয় ব্যৱহাৰ কৰা হ’ব? ইয়াৰ আঁৰৰ কাৰণে আপোনাক আচৰিত কৰি তুলিব।
কিয় ব্যৱহাৰ কৰা হ’ব এই মাংস
প্ৰতিবছৰৰ দৰে দিল্লীৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত এইবাৰো বায়ুসেনাৰ বিমানৰ চমকপ্ৰদ প্ৰদৰ্শনী দৰ্শকে উপভোগ কৰিব পাৰিব। দিল্লীৰ আকাশত বায়ুসেনাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংসৰ সহায় লোৱা হ’ব। আকাশত চিল আৰু অন্যান্য চৰাইৰ সংখ্যা অতি বেছি।
বায়ুসেনাৰ ৰাফেল বা চুখয়ৰ দৰে শক্তিশালী বিমানে যেতিয়া প্ৰদৰ্শনী দেখুৱায়, তেতিয়া চৰাইৰ সৈতে সংঘৰ্ষ হোৱাৰ এক ভয়ংকৰ সম্ভাৱনা থাকে। এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ দিল্লীৰ ২০ টা নিৰ্দিষ্ট স্থানত ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংস ছটিয়াই দিয়া হ’ব, যাতে চৰাইবোৰে মাংস খাবলৈ তললৈ নামি আহে আৰু বায়ুসেনাৰ বিমান চলাচলৰ পথটো সুৰক্ষিত হৈ থাকে।
এইবাৰৰ নিয়মত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
বিগত বছৰবোৰত চৰাইক আকৰ্ষিত কৰিবলৈ মহৰ মাংস দিয়া হৈছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে হাড় নোহোৱা (Boneless) কুকুৰাৰ মাংস দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ১৫ জানুৱাৰীৰ পৰাই বায়ুসেনাৰ অনুশীলনীৰ সমান্তৰালকৈ ২০ ৰ পৰা ৩০ গ্ৰামৰ সৰু সৰু মাংসৰ টুকুৰা নিৰ্দিষ্ট স্থানবোৰত ছটিয়াই থকা হৈছে।
অহা ২২ জানুৱাৰীৰ পৰা এই খাদ্য যোগানৰ পৰিমাণ অধিক বৃদ্ধি কৰা হ’ব। বিশেষকৈ উৰণৰ সময়ত সৰ্বাধিক চৰাইক ব্যস্ত কৰি ৰাখিবলৈ প্ৰায় ২৫৫ কেজি মাংস ব্যৱহাৰ কৰা হ’ব। বায়ুসেনাৰ বিমান চলাচলৰ ক’ৰিডৰৰ পৰা বহু নিলগত ২০ টা স্থান চিনাক্ত কৰা হৈছে। যিবোৰ অঞ্চলত চৰাইৰ সংখ্যা বেছি, যেনে— লালকিল্লা, জামা মছজিদ, মাণ্ডি হাউচ আৰু দিল্লী গেটৰ ওচৰৰ এলেকাবোৰত বিশেষভাৱে এই মাংস ছটিয়াই দিয়া হ’ব।
নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা
গণতন্ত্ৰ দিৱস উপলক্ষে দিল্লীক নিৰাপত্তাৰ দুৰ্ভেদ্য দুৰ্গত পৰিণত কৰা হৈছে। দিল্লী আৰক্ষীৰ ৫০ হাজাৰ জোৱানৰ লগতে অৰ্ধসামৰিক বাহিনীৰ ৬৫ টা কোম্পানী মোতায়েন কৰা হৈছে। উদ্যোগ ভৱন, নিৰ্মাণ ভৱন, বায়ুসেনা ভৱনসহ ৭০ টাতকৈও অধিক গুৰুত্বপূৰ্ণ ভৱনত তীক্ষ্ণ নজৰ ৰখা হৈছে। যিকোনো সন্দেহজনক ব্যক্তি বা বস্তু দেখিলে হেল্পলাইন নম্বৰ ১১২ বা ১০৯০ ত জনাবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।