শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শোকাৱহ! বাছৰ ওপৰত বাগৰিল শিলভৰ্তি ট্ৰাক, ২০ জনৰ মৃত্যু, আহত বহু লোক..

নিহতসকলৰ ভিতৰত আছে ১৮ জন যাত্ৰী, দুজন বাছ আৰু ট্ৰাক চালক। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত এবছৰীয়া শিশুসহ ১১ গৰাকী মহিলা আৰু ৯ গৰাকী পুৰুষৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত ২৪ জন লোক আহত হোৱাৰ বিপৰীতে ৫জনৰ অৱস্থা সংকটজনক ।

শোকাৱহ! বাছৰ ওপৰত বাগৰিল শিলভৰ্তি ট্ৰাক, ২০ জনৰ মৃত্যু, আহত বহু লোক..
তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনা
trishna-kalita
Trishna Kalita | Updated On: 03 Nov 2025 10:43 AM

সোমবাৰে পুৱাই সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনা।  শোকাৱহ দুৰ্ঘটনাটোত ২০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। খবৰ অনুসৰি হায়দৰাবাদ-বিজাপুৰ ঘাইপথত এখন বেগী টিপাৰ ট্ৰাকে যাত্ৰীবাহী বাছৰ সৈতে খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, বাছখনৰ ওপৰত শিলভৰ্তি ট্ৰাকখন বাগৰি পৰে। ফলত ট্ৰাকখনত থকা শিলগুটিৰ তলত আবদ্ধ হৈ পৰে কেইবাজনো যাত্ৰী।

নিহতসকলৰ ভিতৰত আছে ১৮ জন যাত্ৰী, দুজন বাছ আৰু ট্ৰাক চালক। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত এবছৰীয়া শিশুসহ ১১ গৰাকী মহিলা আৰু ৯ গৰাকী পুৰুষৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত ২৪ জন লোক আহত হোৱাৰ বিপৰীতে ৫জনৰ অৱস্থা সংকটজনক । তেলেংগানাৰ ৰংগাৰেড্ডী  জিলাৰ চেভেলা মণ্ডলৰ মিৰ্জাগুডাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ওচৰৰ লোকসকলে ঘটনাস্থলীত উপস্থিত হৈ আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰাত সহায় কৰে। আৰক্ষীও ততাতৈয়াকৈ উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰাথমিক তদন্তত ট্ৰাকখন তীব্ৰ বেগেৰে গতি কৰা বুলি জানিব পৰা গৈছে। হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰে চালকজনে। দুৰ্ঘটনাটোত জড়িত বাছখন তাণ্ডুৰ ডিপোৰ আছিল। বাছখনে ৪০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই আনিছিল। ইফালে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে বিষয়াসকলে।

ট্ৰাকখনত শিলগুটি আৰু বালিৰে ভৰ্তি হৈ আছিল।  খুন্দা মৰাৰ পিছতে বাছখনৰ ওপৰতে ট্ৰাকখন বাগৰি পৰে। ফলত ট্ৰাকখনত থকা শিলগুটি আৰু বালিয়ে যাত্ৰীসকলক পুতি পেলায়। যাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ এক চেকেণ্ডৰ সুযোগো নাছিল। আহতসকলক চেভেলাৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়।

ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ৰেবন্তে বিষয়াসকলক দুৰ্ঘটনাস্থলীলৈ ততাতৈয়াকৈ যাবলৈ নিৰ্দেশ দিয়ে। বাছ দুৰ্ঘটনাত আহত হোৱা সকলোকে শীঘ্ৰে হায়দৰাবাদলৈ লৈ যোৱাৰ লগতে তেওঁলোকৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্য সচিব আৰু ডিজিপিক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উপলব্ধ মন্ত্ৰীসকলক শীঘ্ৰে  দুৰ্ঘটনাস্থলীত উপস্থিত হ’বলৈ কয়। উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰাৰ লগতে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।