শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মন্দিৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৬জন…

মন্দিৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা। বাহনখনত যাত্ৰা কৰি থকা ৯ গৰাকী লোকৰ ভিতৰত ৬ জনৰ থিতাতে মৃত্যু হয় আৰু বাকী কেইজন আহত হয়। আহত ৩ জন পিছফালৰ আসনত বহি আছিল। 

মন্দিৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৬জন…
পথ দুৰ্ঘটনা
Barasha Sarma
Barasha Sarma | Published: 15 Sep 2024 09:29 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ক’মেও ৬ জনলোকৰ। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়। ৰাজস্থানৰ বুণ্ডী জিলাত দেওবাৰে পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ইকো গাড়ীত থকা ৬ জনলোকৰ মৃত্যু হোৱাৰ উপৰি ৩ জনলোক আহত হৈছে। আহতসকলক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তাৰ পৰাই তেওঁলোকক কোটালৈ প্ৰেৰণ কৰা হয়। এই আটাইকেইজন মধ্যপ্ৰদেশৰ পৰা আহিছিল আৰু ছিকাৰত থকা খাতু শ্যাম দৰ্শন পূজা কৰিবলৈ গৈ আছিল।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বুণ্ডীৰ হিন্দোলী থানা এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰাকৰ লগত হোৱা সংঘৰ্ষৰ ফলত ইকো বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। বাহনখনত যাত্ৰা কৰি থকা ৯ গৰাকী লোকৰ ভিতৰত ৬ জনৰ থিতাতে মৃত্যু হয় আৰু বাকী কেইজন আহত হয়। আহত ৩ জন পিছফালৰ আসনত বহি আছিল।  দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী বাহিনীৰ সৈতে এছ পি বুণ্ডী, চি অ’ হিন্দোলিয়ে সেই স্থানত উপস্থিত হৈ আটাইকেইজন আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীৰ মতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই উক্ত স্থানৰ পৰা ট্ৰাক চালকে পলায়ন কৰে। তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি তালাচী আৰম্ভ কৰিছে আৰক্ষীয়ে। বুণ্ডীৰ আৰক্ষী অধীক্ষক হনুমান প্ৰসাদ মীনাৰ মতে, ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰৰ ভিত্তিত চালকজনক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে। অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব। আৰক্ষীৰ মতে, ট্ৰাক বা ইকো চালকৰ টোপনিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। তাৰ পাছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব।