ৰেস্তোঁৰাত চিকেন বিৰিয়ানীত ওলাল জেঠী, আচল কাহিনী দেখি হতবাক আৰক্ষীও
ৰেষ্টুৰেণ্টখনলৈ আহিছিল চাৰিজন যুৱক । অৰ্ডাৰ দিলে বিৰিয়ানী । হঠাতে তেওঁলোকে চিকেন গ্ৰেভীত জেঠী আছে বুলি চিঞৰি উঠিল । তাৰ পাছতেই তেওঁলোকে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয় ।

ৰেস্তোঁৰাত সুস্বাদু খাদ্যৰ জুতি ল’বলৈ আহিছিল চাৰিজন যুৱক, অৰ্ডাৰ কৰিলে বিৰিয়ানী । সময়ত ৱেইটাৰে বিৰিয়ানী পৰিৱেশন কৰিলে যুৱক কেইজনক । কিন্তু সেই বিৰিয়ানী খাবলৈ লৈ হতভম্ব হৈ পৰিল যুৱক কেইজন । হঠাতে ৰেস্তোঁৰাখনত সৃষ্টি হ’ল হুলস্থুলীয়া পৰিবেশৰ । কিয়নো যুৱক কেইজনক খাবলৈ দিয়া বিৰিয়ানীত ওলাল এটা জেঠী । লগে লগে ৰেস্তোঁৰাত হাহাকাৰ লাগে । তামিলনাডুৰ কইম্বাটুৰৰ আৰ এছ পুৰম অঞ্চলত সংঘটিত হৈছে এই ঘটনা । অৱশ্যে শেষত আন এক সত্য পোহৰলৈ আহে ।
যোৱা ২৭ মে’ত সংঘটিত এই ঘটনা । আৰক্ষীয়ে জনোৱা মতে, সেইদিনা ৰেষ্টুৰেণ্টখনলৈ আহিছিল চাৰিজন যুৱক । অৰ্ডাৰ দিলে বিৰিয়ানী । হঠাতে তেওঁলোকে চিকেন গ্ৰেভীত জেঠী আছে বুলি চিঞৰি উঠিল । তাৰ পাছতেই তেওঁলোকে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয় । ইয়াৰ ফলত আন গ্ৰাহকৰ মাজতো আতংকৰ সৃষ্টি হয় । এই ভিডিঅ’টো ছচিয়েল মিডিয়াত পোষ্ট কৰে চাৰিজন যুৱকে ।
ঘটনাৰ পিছতে ৰেষ্টুৰেণ্টখন সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । তেতিয়া ৰেষ্টুৰেণ্টৰ মালিকে অভিযোগ কৰিলে যে তেওঁৰ ৰেষ্টুৰেণ্টখনৰ বদনাম কৰাৰ ষড়যন্ত্ৰ চলিছে । তেওঁ চিচিটিভিৰ ফুটেজ আৰক্ষীক জমা দিয়ে । চিচিটিভিৰ ফুটেজত দেখা গ’ল যে এই জেঠীটো সঁচা নহয় । এইটো এটা ৰবৰৰ জেঠী আছিল । চাৰিজন যুৱকে চিকেন গ্ৰেভিত জেঠীটো পেলাই দিছিল । ৰেষ্টুৰেণ্টৰ মালিকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন যুৱকক ।
ইয়াৰ পূৰ্বে গান্ধীপুৰম অঞ্চলত এনে ঘটনা সংঘটিত হৈছিল । খাদ্যত পোক-পৰুৱা ওলোৱাৰ ভিডিঅ’ক লৈ এজন লোকে হুলস্থুলৰ সৃষ্টি কৰিছিল । পিছত সেয়া ভুৱা বুলি প্ৰমাণিত হ’ল । কিছুদিন পূৰ্বে গুজৰাটৰ ৰাজকোটৰ এখন ৰেষ্টুৰেণ্টত খাদ্যত চুলি ওলোৱাক লৈ তিনিজন যুৱকে হুলস্থুল কৰিছিল । পিছত চিচিটিভিত দেখা গ’ল যে তেওঁলোকে খাদ্যত চুলি মিহলাই দিছিল যাতে তেওঁলোকে খাদ্যৰ বাবে ধন দিব নালাগে ।