শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লালকিল্লাৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ গাফিলতিঃ ৭ আৰক্ষীক নিলম্বন, গ্ৰেপ্তাৰ ৫ বাংলাদেশী

স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লালকিল্লাৰ নিৰাপত্তাৰ ব্যৱস্থাত এক বৃহৎ গাফিলতি পোহৰলৈ আহিছে। ইয়াৰ পিছতে লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবল আৰু হেড কনিষ্টবলকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰা হৈছে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লালকিল্লাৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ গাফিলতিঃ ৭ আৰক্ষীক নিলম্বন, গ্ৰেপ্তাৰ ৫ বাংলাদেশী
লাল কিল্লাৰ নিৰাপত্তা ব্যৱস্থাত আসোঁৱাহImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 Aug 2025 06:38 AM

অহা ১৫ আগষ্টত দেশে উদযাপন কৰিব স্বাধীনতা দিৱস। সেই উপলক্ষে দেশৰ সৰ্বস্তৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পৰম্পৰাগতভাৱেই দেশৰ ৰাজধানী দিল্লীস্থিত লালকিল্লাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পিছে স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লালকিল্লাৰ নিৰাপত্তাৰ ব্যৱস্থাত এক বৃহৎ গাফিলতি পোহৰলৈ আহিছে। ইয়াৰ পিছতে লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবল আৰু হেড কনিষ্টবলকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰা হৈছে।

দিল্লী আৰক্ষীয়ে জানিবলৈ মতে, শনিবাৰে স্পেচিয়েল চেলৰ এটা দলে এক বিশেষ অনুশীলন চলাইছিল। এই অনুশীলনীৰ অংশ হিচাপে তেওঁলোকে চিভিল ড্ৰেছত নকল বোমা লৈ লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰিছিল। সেই সময়ত লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে বোমাটো ধৰা পেলাব পৰা নাছিল। এনে কাৰণত তাৎক্ষণিক ব্যৱস্থা হিচাপে তেওঁলোকক নিলম্বিত কৰা হৈছে।

স্পেচিয়েল চেলৰ দলটোৱে নকল বোমা লৈ লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে সেই স্থানত নিয়োজিত নিৰাপত্তা চক্ৰত বহু স্তৰত গাফিলতি প্ৰমাণিত হৈছিল। এই গাফিলতি অত্যন্ত গুৰুতৰ বুলি বিবেচনা কৰি কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে আৰু কৰ্তব্যত নিয়োজিত সাতজন আৰক্ষীক নিলম্বন কৰে।

উপ-আয়ুক্ত ৰাজা বান্থীয়াৰ মতে, ১৫ আগষ্টৰ পূৰ্বে নিৰাপত্তাৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ এই মক ড্ৰিল কৰা হৈছিল। কিন্তু ইমান সহজে লালকিল্লাৰ ভিতৰত প্ৰৱেশ কৰি অনুশীলন দলটোৱে নিৰাপত্তা ব্যৱস্থাৰ আসোঁৱাহ ধৰা পেলায়। এই বিষয়টো পোহৰলৈ অহাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিৰাপত্তাৰ ব্যৱস্থা শীঘ্ৰে পুনৰীক্ষণ কৰি নতুন পৰিকল্পনা ৰচনা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে উপ-আয়ুক্তই। লগতে নিৰাপত্তাৰক্ষী বেষ্টনী কঠোৰ কৰা, কৰ্মচাৰীৰ নিয়োগ পুনৰ নিশ্চিত কৰা আৰু আধুনিক কাৰিকৰী সম্পদ ব্যৱহাৰ কৰাৰো নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে লালকিল্লাত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজধানী অঞ্চল হাই এলাৰ্ট হৈ থাকে। স্বাভাৱিকতেই নিৰাপত্তা ব্যৱস্থাত যিকোনো আসোঁৱাহ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি হ’ব পাৰে। সেয়ে বৰ্তমান নিলম্বনৰ সমান্তৰালকৈ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তও অব্যাহত আছে।

ইফালে লালকিল্লাৰ চৌহদত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক আটক কৰিছে দিল্লী আৰক্ষীয়ে। ধৃত আটাইকেইজন লোকেই অবৈধ অনুপ্ৰৱেশকাৰী বুলি জানিব পৰা গৈছে। সকলোৰে বয়স প্ৰায় ২০-২৫ বছৰ আৰু দিল্লীত শ্ৰমিক হিচাপে কাম কৰে বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা কিছু বাংলাদেশী নথি-পত্ৰ উদ্ধাৰ কৰিছে। সম্প্ৰতি তেওঁলোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।