শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মই ইশ্বৰক লগ পাব বিচাৰো…পঞ্চম মহলালৈ উঠি গ’ল মহিলা আৰু পাছত ভয়ংকৰ কাণ্ড…

এগৰাকী মহিলাৰ মৃত্যুই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, মহিলাগৰাকীয়ে ইশ্বৰক লগ পোৱাৰ আশাত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ সংসাৰৰ মোহৰ পৰা মুক্তি পাব বিচাৰিছিল।

মই ইশ্বৰক লগ পাব বিচাৰো…পঞ্চম মহলালৈ উঠি গ’ল মহিলা আৰু পাছত ভয়ংকৰ কাণ্ড…
মহিলাগৰাকী
barasha-sarma
Barasha Sarma | Published: 04 Aug 2025 17:22 PM

কোনো ব্যক্তিয়ে ইশ্বৰক লগ কৰাৰ বাবে চৰম পন্থা গ্ৰহণ কৰিব পাৰে নেকি? আচৰিত লাগিলেও এয়াই সত্য। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই পঞ্চম মহলাৰ পৰা জপিয়াই চৰম পন্থা গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদৰ পৰা। মহিলাগৰাকীৰ মৃত্যুৰ পাছত আৰক্ষীয়ে এখন নোট উদ্ধাৰ কৰিছে, য’ত তেওঁ মৃত্যুৰ কাৰণ লিখি গৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ৪৩ বছৰীয়া মহিলাগৰাকীয়ে লিখি থৈ যায় যে, তেওঁ ভগৱানক লগ কৰিব বিচাৰে, গতিকে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে।তথ্য অনুসৰি এই ঘটনা হায়দৰাবাদৰ হিমায়তনগৰ অঞ্চলত সংঘটিত হৈছে। নিহত মহিলাগৰাকীৰ নাম পূজা জৈন বুলি চিনাক্ত হৈছে। তেওঁ পৰিয়ালৰ লগত বাস কৰিছিল। তেওঁৰ স্বামী চাকৰি কৰিছিল। প্ৰতিদিনৰ দিনা ঘটনাৰ দিনাও মহিলাগৰাকীৰ স্বামী পুৱাই অফিচলৈ যায়। কিন্তু তেতিয়াই পূজাই ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰে। পূজাই পঞ্চম মহলাৰ পৰা জপিয়াই নিজৰ প্ৰাণ নাশ কৰে। তাৰ পাছতে সেই স্থানত ওচৰ-চুবুৰীয়াৰ মাজত হাহাকাৰ লাগে আৰু তেওঁৰ স্বামীক খবৰ দিয়ে

পূজাই যি স্থানৰ পৰা এই কাণ্ড সংঘটিত কৰে সেই স্থানত এখন নোট উদ্ধাৰ হয়। সেই নোটখন পঢ়ি আৰক্ষী স্তম্ভিত হৈ পৰে। মহিলাগৰাকীয়ে লিখিছিল যে,তেওঁ ভগৱানক লগ কৰিবলৈ নিজৰ প্ৰাণ ত্যাগ কৰিছে। লগতে লিখিছে, তেওঁ সম্পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যাতে তেওঁ ইশ্বৰৰ কাষত যাব পাৰে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে কৈছে যে যোৱা কেইটামান দিন ধৰি পূজাই আধ্যাত্মিক কামত জড়িত হৈ পৰিছিল আৰু হতাশ আছিল।

মহিলাগৰাকীৰ ওচৰ-চুবুৰীয়াই কয় যে, তেওঁ সংসাৰিক জীৱনৰ পৰা মুক্ত হ’ব বিচাৰিছিল। যোৱা কেইটামান দিনৰ পৰা তেওঁ ধ্যান আৰু প্ৰাৰ্থনা কৰি আছিল। ধৰ্মীয় গ্ৰন্থৰ প্ৰতি তেওঁৰ মনোযোগ বাঢ়িছিল। তেওঁ বহুবাৰ কৈছিল যে, সংসাৰৰ মোহৰ পৰা মুক্ত হৈ তেওঁ ইশ্বৰৰ চৰণত আশ্ৰয় ল’ব বিচাৰে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে কৈছে যে, এতিয়ালৈকে ঘটনাৰ কোনো ষড়যন্ত্ৰ পোহৰলৈ অহা নাই। অৱশ্যে তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব। আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ ১৬ খনকৈ ৰে’ল ভাড়াত লৈছে চৰকাৰে! পুনৰ কিহৰ আয়োজন মহম্মদ ইউনুছৰ…