আহিছিল চুৰি কৰিব! পিছে বিচনা দেখি পৰিল শুই, পুৱা গৃহস্থই দুৱাৰ খুলি দেখে…
চোৰে নিজৰ কৰ্মৰ পৰা হাত সাৰিবলৈ কি কি নকৰে! কিন্তু কেতিয়াবা চোৰে চুৰি কৰিবলৈ আহি শুই যোৱাৰ কথা শুনিছেনে? শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে।

আপোনালোকে নিশ্চিয় বহু চুৰিকাণ্ডৰ কথা শুনিছে। চোৰে চুৰি কৰাৰ অন্তত একো প্ৰমাণ থৈ যাব নিবিচাৰে। আৰক্ষীৰ ওচৰত যাতে ধৰা নপৰে তাৰবাবে কি কি নকৰে! কিন্তু কেতিয়াবা চুৰি কৰিবলৈ আহি গৃহস্থৰ ঘৰত চোৰে শুই যোৱাৰ কথা শুনিছেনে? এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। শনিবাৰে নিশা মানুহ এঘৰত এটা চোৰ সোমায়। উদ্দেশ্য এটাই, ঘৰৰ সমস্ত চুৰি কৰি নিয়া। পৰিকল্পনা অনুসৰি চুৰি কৰে ঠিকেই কিন্তু চোৰটোৱে ইমানেই সুৰাপান কৰে যে সেই স্থানতে শুই পৰে। চুৰিৰ অন্তত পলাই যোৱাৰ সলনি গৃহস্থৰ বিচনা টোপনি মাৰে চোৰে।
এই চোৰটোৱে দুই ভাতৃৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল। পাছদিনা পুৱা যেতিয়া গৃহস্থই যুৱকক শুই থকা দেখা পাই তেতিয়া আচৰিত হৈ পৰে। ইয়াৰ পাছত স্থানীয় ৰাইজে দুয়োকে মাৰপিট কৰি আৰক্ষীক গতাই দিয়ে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ নাজিৰাবাদ থানা এলেকাৰ মৰিয়মপুৰ ৰে’লৱে লাইনৰ ওচৰত।
জানিব পৰা মতে, বিনোদ কুমাৰ আৰু তেওঁৰ কনিষ্ঠ ভাতৃ অনিল কুমাৰৰ ঘৰত এই কাণ্ড সংঘটিত হৈছে। দুয়োজন ভাতৃ ওচৰা-ওচৰিকৈ বাস কৰে আৰু এটা কাৰখানাতে কাম কৰে। তেওঁলোকৰ ওচৰতে বাস কৰা অৰুণ কুমাৰে মদ্যপান কৰি প্ৰথমে বিনোদৰ ঘৰত প্ৰৱেশ কৰি আলমাৰীৰ লকাৰ ভাঙি নগদ ধন আৰু গহনা চুৰি কৰি লৈ যায়। তাৰ পাছত অনিলৰ ঘৰতো চুৰি কৰে।
অৰুণ মদ্যপান কৰি আছিল। এনে অৱস্থাত তেওঁ চুৰি কৰে যদিও পাছত অনিলৰ ঘৰৰ বিচনাত শুই যায়। বিচনাত পৰাৰ লগে লগে মদৰ নিচাত গভীৰ টোপনি আহে তেওঁক। কিন্তু পুৱা সাৰপাই আচৰিত হৈ পৰে। কিয়নো তেওঁ আছিল এটা অচিনাকী ঘৰত। আনহাতে সেই সময়তে তেওঁক দেখা পাই গৃহস্থই।
লগে লগে অনিলে এলাৰ্ম বজায়। এলাৰ্মৰ শব্দ শুনি বিনোদ আৰু চুবুৰীয়াৰ বাকীসকলে সেই স্থানত উপস্থিত হৈ চোৰটোক মাৰপিট কৰে। এই তথ্য লাভ কৰাৰ লগে লগে নাজিৰাবাদ আৰক্ষী থানা ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীয়ে তেওঁৰ পৰা চুৰি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত অৰুণ কুমাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ মই ইশ্বৰক লগ পাব বিচাৰো…পঞ্চম মহলালৈ উঠি গ’ল মহিলা আৰু পাছত ভয়ংকৰ কাণ্ড…