সঁচাকৈ ৱাকফৰ মাটিত নিৰ্মাণ কৰা হৈছিল নেকি মুকেশ আম্বানীৰ এন্টিলিয়া? অৱশেষত ৰায় দিলে আদালতে …
মুকেশ আৰু নীতা আম্বানীয়ে ১৫ হাজাৰ কোটি টকা ব্যয় কৰি এই ঘৰটো নিৰ্মাণ কৰিছিল। কিন্তু এন্টিলিয়া নিৰ্মাণ কৰা মাটিখিনি ৱাকফৰ সম্পত্তি আছিল নেকি?

এন্টিলিয়া হৈছে আম্বানীৰ এটা বহুমূলীয়া অট্টালিকা। মুকেশ আৰু নীতা আম্বানীয়ে ১৫ হাজাৰ কোটি টকা ব্যয় কৰি এই ঘৰটো নিৰ্মাণ কৰিছিল। কিন্তু এন্টিলিয়া নিৰ্মাণ কৰা মাটিখিনি ৱাকফৰ সম্পত্তি আছিল নেকি? ইয়াক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল আম্বানী পৰিয়াল। একে সময়তে ৰুজু হৈছিল জনস্বাৰ্থৰ গোচৰ।
শেহতীয়া এই গোচৰৰ পৰা মুক্ত হৈছে আম্বানী পৰিয়াল। ইতিমধ্যে এই জনস্বাৰ্থৰ গোচৰ খাৰিজ কৰিলে বম্বে উচ্চ ন্যায়ালয়ে। উদ্যোগপতি মুকেশ আম্বানীয়ে ২০০৩ চনত মুম্বাইৰ আলটামাউণ্ট ৰোডত অৱস্থিত এই মাটি ক্ৰয় কৰিছিল। সেই মাটিতে এন্টিলিয়া নিৰ্মাণ কৰা হৈছিল। কিন্তু পিছত এই মাটি ৱাকফ সম্পত্তি হোৱাৰ বাবে বিক্ৰী অবৈধ বুলি দাবী কৰা হয়। ইয়াৰ ফলত বিবাদৰ সৃষ্টি হয়, আনকি আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হয় আম্বানী পৰিয়াল। এই মাটি বিক্ৰীক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হয়।
২৮ জুলাইত বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ সন্দীপ ভি মাৰাণৰ বিচাৰপীঠে জনস্বাৰ্থৰ গোচৰ খাৰিজ কৰে। আদালতে কয় যে, প্ৰশ্ন কৰা ভূমিৰ চৰিত্ৰ ইতিমধ্যে পৰীক্ষা কৰা হৈছে। গতিকে হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।
এই ভূমিক লৈ দীৰ্ঘদিন ধৰি বিতৰ্কৰ সন্মুখীন হৈ আহিছে আম্বানী পৰিয়াল। ঘৰটোৰ মাটিখিনিকলৈ ২০০৭ চনত প্ৰথম গোচৰ ৰুজু হৈছিল। আব্দুল মাটিন নামৰ এজন ব্যক্তিয়ে এই মাটিৰ বিক্ৰী বাতিল কৰিবলৈ দাবী জনাইছিল, কাৰণ মাটিখিনি মহাৰাষ্ট্ৰ ৱাকফ ব’ৰ্ডৰ আছিল বুলি দাবী কৰা হৈছিল। আনহাতে, ৪৫৩২.৩৯ বৰ্গমিটাৰ মাটিৰ ওপৰত মহাৰাষ্ট্ৰ ৱাকফ ব’ৰ্ডৰ দাবী সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে।
আম্বানীৰ লিগেল টীমে কয় যে, এই মাটিখিনি খোজা সম্প্ৰদায়ৰ এখন অনাথ আশ্ৰমৰ আছিল, যিটো বম্বে পাব্লিক ট্ৰাষ্ট আইন অধীনত পঞ্জীয়ন কৰা হৈছিল। পিছত এন্টিলিয়া কমাৰ্চিয়েলে ক্ৰয় কৰে। মাটি হস্তান্তৰ কৰাৰ আগতে চেৰিটি কমিছনাৰৰ পৰা মাটিৰ লগত জড়িত সকলোৰে পৰা অনুমতি লোৱা হৈছিল। তথাপিও ৱাকফ ব’ৰ্ডে ইয়াক তেওঁলোকৰ সম্পত্তি বুলি দাবী কৰে, যিটো কেতিয়াও ৱাকফৰ নামত পঞ্জীয়ন কৰা হোৱা নাছিল।