ৰাজ্যসভা নিৰ্বাচনঃ ৯খন ৰাজ্যৰ ১১ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীৰ জয়
বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত ১১ গৰাকী প্ৰাৰ্থীৰ জয়লাভ। ইয়াৰে ৯ গৰাকী প্ৰাৰ্থী বিজেপিৰ, এগৰাকী কংগ্ৰেছ, এগৰাকী এন চি পি আৰু এখন আসন ৰাষ্ট্ৰীয় লোক মৰ্চাৰ। এতিয়া কেৱল ১খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব।
নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজ্যসভা নিৰ্বাচনৰ ১১ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ। নিৰ্বাচনৰ পূৰ্বে স্পষ্ট হৈ পৰিল যে ৰাজ্যসভাত এনডিএ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। কিয়নো ৯ খন ৰাজ্যৰ ১২ খন আসনৰ বাবে ৰাজ্যসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু এই ১২ খন আসনৰ ৯ খন আসনত বিজেপি, ১ খন কংগ্ৰেছ, ১ খন এন চি পি (অজিত পাৱাৰ) আৰু এখন আসনত ৰাষ্ট্ৰীয় লোক মৰ্চাই জয়লাভ কৰে। এই সকল প্ৰাৰ্থী- অসম, বিহাৰ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, মধ্য প্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, তেলেংগনা আৰু উৰিষ্যাৰ।
ইতিমধ্যে নিৰ্বাচন আয়োগে জয়ী হোৱা প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে। উল্লেখ্য কৰা প্ৰয়োজন যে, অসমত সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, বিহাৰত মীছা ভাৰতী আৰু বিবেক ঠাকুৰ, হাৰিয়ানাত দীপেন্দ্ৰ হুডা, মধ্য প্ৰদেশত জ্যোতিৰাদিত্য মাধৱৰাৱ সিন্ধিয়াকে ধৰি ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভাৰ আসন খালী হৈ আছিল। এই ১২ খন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। কিন্তু নিৰ্বাচনৰ পূৰ্বে ১১ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী জয়ী হয়। এতিয়া কেৱল এখন আসনৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হ’ব।
এই নিৰ্বাচনী ফলাফলৰ পাছতেই ৰাজ্যসভাত বিজেপিৰ মুঠ আসনৰ সংখ্যা হ’লগৈ ৯৬খন। ইয়াৰ লগতে এন ডি এৰ সংখ্যা বৃদ্ধি হৈ হ’লগৈ ১১২ খন। ২৪৫ জন সদস্যৰ ৰাজ্যসভাত এতিয়াও ৮ খন আসন খালী হৈ আছে। ইয়াৰে ৪ খন জম্মু- কাশ্মীৰ আৰু ৪ খন মনোনীত সদস্যৰ। এনে পৰিস্থিতিত ৰাজ্যসভাত সংখ্যা গৰিষ্ঠতা পাবলৈ প্ৰয়োজন ১১৯ খন আসন। এন ডি এৰ ওচৰত ৬খন মনোনীত আসন আৰু এখন নিৰ্দলীয়া আসনৰ সমৰ্থন আছে। গতিকে মুঠ আসন মিলালে এন ডি এ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰাতো স্পষ্ট হৈ পৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাই ২৭ হয়গৈ। বিৰোধিৰ বাবে ২৫ খন আসন হোৱাতো প্ৰয়োজনীয়।
উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যসভাত মুঠ সদস্যৰ সংখ্যা ২৫০ জন। ইয়াৰে ২৩৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় আৰু বাকী ১২ খন আসনৰ বাবে প্ৰাৰ্থী ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। কোনখন ৰাজ্যত কিমানখন ৰাজ্যসভা আসন থাকিব সেয়া ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। অসমৰ ৰাজ্যসভা আসনৰ সংখ্যা ১৪ খন। ইয়াৰে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্য প্ৰসাদ তাছাৰ খালী হৈ থকা আসনৰ বাবে নিৰ্বাচিত হয় ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস।