আমি সকলোৰে বছ…ট্ৰাম্পক লক্ষ্য কৰি ৰাজনাথ সিঙে ক’লে-ভাৰতক বৃহৎ শক্তি হোৱাত কোনেও…
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নাম নোলোৱাকৈ ট্ৰাম্পক টাৰ্গেট কৰি কয়, "একাংশই ভাবে যে আমি সকলোৰে বছ, কিছুমানে ভাৰতৰ উন্নয়ন নিবিচাৰে।" তেওঁ কয়, "বিশ্বৰ কোনো শক্তিয়ে ভাৰতক বৃহৎ শক্তি হোৱাত বাধা দিব নোৱাৰে।"

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নাম নোলোৱাকৈ ট্ৰাম্পক লক্ষ্য কৰি লয়। তেওঁ কয়, ” এনে কিছুমান লোক আছে, যিসকল ভাৰতৰ উন্নয়নক লৈ সুখী নহয়। ভাৰতৰ বিকাশ হোৱাটো তেওঁলোকে ভাল নাপায়। তেওঁলোকে অনুভৱ কৰে যে ‘আমি সকলোৰে বছ’, তেন্তে ভাৰত ইমান দ্ৰুতগতিত কেনেকৈ আগবাঢ়িছে?” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “বহু লোকে ভাৰতত নিৰ্মিত বস্তুবোৰ নিজৰ দেশত নিৰ্মিত বস্তুতকৈ অধিক দামী কৰিবলৈ চেষ্টা কৰিছে, যাতে অধিক লোকে সেইবোৰ কিনিব নোৱাৰে।”
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই সম্পূৰ্ণ বিশ্বাসী যে এই সকলোবোৰৰ মাজতো ভাৰত ইমান দ্ৰুতগতিত আগবাঢ়িছে যে এতিয়া বিশ্বৰ কোনো শক্তিয়ে ভাৰতক বিশ্বৰ এক বৃহৎ শক্তি হোৱাৰ পৰা বাধা দিব নোৱাৰে।”
#WATCH Raisen, Madhya Pradesh: Defence Minister Rajnath Singh says, “There are some people who are not happy with the speed at which India is developing. They are not liking it. ‘Sabke boss toh hum hain’, how is India growing at such a fast pace? And many are trying that the… pic.twitter.com/kucYjXnNNX
— ANI (@ANI) August 10, 2025
প্ৰতিৰক্ষা খণ্ডত উত্থান ঘটিছে ভাৰতৰ
ৰাজনাথ সিঙে কয়, “পূৰ্বে প্ৰতিৰক্ষা খণ্ডৰ বেছিভাগ বস্তু বিদেশত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ মূলধনো ব্যৱহাৰ কৰা হৈছিল। যেতিয়াই আমাৰ প্ৰয়োজন হৈছিল তেতিয়াই আমি পৃথিৱীৰ আন দেশৰ পৰা কিনিছিলোঁ। ইয়াৰ ভিতৰত বিমান, অস্ত্ৰ বা প্লেটফৰ্মৰ দৰে বস্তু অন্তৰ্ভুক্ত।” তেওঁ জনতাক কয়, “এতিয়া এইবোৰৰ বেছিভাগ বস্তু কেৱল ভাৰততে নহয় ভাৰতীয়ই নিজ হাতেৰে তৈয়াৰ কৰি আছে আৰু সেই সামগ্ৰীসমূহ এতিয়া আন দেশলৈ ৰপ্তানি কৰা হৈছে।”
প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি বহুগুণে বৃদ্ধি পাইছে
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া প্ৰধানমন্ত্ৰী মোদী প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া সেই সময়ত বিশ্বলৈ ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি আছিল মাত্ৰ ৬০০ কোটি টকা। বৰ্তমান আমি ২৪ হাজাৰ কোটিতকৈ অধিক মূল্যৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰি আছো।” তেওঁ কয়, “এয়াই ভাৰতৰ শক্তি আৰু এয়া নতুন ভাৰতৰ নতুন প্ৰতিৰক্ষা খণ্ড। ইয়াৰ ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু বৃদ্ধি পাব।”
কাৰিকৰী ক্ষেত্ৰতো ভাৰতৰ উন্মেষ ঘটিছে
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আকৌ কয় যে পূৰ্বে যি প্ৰযুক্তি বিশ্বৰ আন যুৱক-যুৱতীসকলে নিৰ্মাণ কৰিছিল, কিন্তু এতিয়া সেই প্ৰযুক্তি আমাৰ দেশৰ যুৱক-যুৱতীসকলেও নিৰ্মাণ কৰি আছে আৰু এই প্ৰযুক্তিৰ সহায়ত তেওঁলোকে ইয়াক প্ৰতিৰক্ষা খণ্ডত ব্যৱহৃত বহু সামগ্ৰী যেনে অস্ত্ৰ-শস্ত্ৰ, বোমা, কামান, গোলা আৰু ক্ষেপণাস্ত্ৰ আদিত ব্যৱহাৰ কৰি আছে, যিটো দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ অৱদান।”
অপাৰেশ্যন সেন্দূৰে দিয়া ইংগিত
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “পহলগাম কাণ্ডৰ পিছত শত্ৰু দেশে ভাৰত নিৰৱে বহিব বুলি ধৰি লৈছিল যদিও প্ৰধানমন্ত্ৰী দৃঢ়প্ৰতিজ্ঞ আছিল যে আমি ইয়াৰ উপযুক্ত উত্তৰ দিম। ধৰ্মৰ কথা সুধি যে হত্যা কৰিব সেয়াও কল্পনাও কৰিব পৰা নাছিল।” প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “আমি সিদ্ধান্ত লৈছিলো যে আমি ধৰ্মৰ কথা সুধি হত্যা নকৰো, তেওঁলোকৰ কৰ্ম দেখি হত্যা কৰিম আৰু তেওঁলোকৰ কৰ্ম দেখাৰ পিছত আমি হত্যা কৰিলোঁ। অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে আমি বিশ্ববাসীক এই বাৰ্তা দিলোঁ যে আমি কাকো জোকাই নলও, কিন্তু কোনোবাই যদি আমাক জোকাইছে তেন্তে আমিও তেওঁক ৰেহাই নিদিওঁ।”
লগতে পঢ়ক: শুনা নাছিল কথা, খঙতে নিচাযুক্ত ঔষধ খুৱাই পত্নীয়ে কাটিলে স্বামীৰ গোপন অংগ, কেইবাবাৰো ছুৰীৰে…