দৰবাৰত বহিল ৰজা ৰামচন্দ্ৰঃ অযোধ্যাৰ ৰাম মন্দিৰত পুনৰ হ’ল প্ৰাণ প্ৰতিষ্ঠা
ৰাম জন্মভূমি অযোধ্যাত ভক্তৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই বিগত বৰ্ষৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাক বালক ৰূপত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। আজি পুনৰ ৰাম মন্দিৰত কৰা হৈছে প্ৰাণ প্ৰতিষ্ঠা। হিন্দু ধৰ্মত পুৰষোত্তম হিচাপে জ্ঞান কৰা ভগৱান শ্ৰী ৰামক ‘ৰজা ৰাম’ৰ ৰূপত আজি ৰাম মন্দিৰৰ ৰাজদৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে।

বিগত বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৰাম মন্দিৰৰ। ৰাম জন্মভূমি অযোধ্যাত ভক্তৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাক বালক ৰূপত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। উক্ত দিনটোত সমগ্ৰ দেশতে পৰিলক্ষিত হৈছিল এক আনন্দমুখৰ পৰিৱেশ। আজি পুনৰ ৰাম মন্দিৰত কৰা হৈছে প্ৰাণ প্ৰতিষ্ঠা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই অনুষ্ঠানত উপস্থিত থাকে। হিন্দু ধৰ্মত মৰ্যাদা পুৰষোত্তম হিচাপে জ্ঞান কৰা ভগৱান শ্ৰী ৰামক ‘ৰজা ৰাম’ৰ ৰূপত আজি ৰাম মন্দিৰৰ ৰাজদৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে।
অৰ্থাৎ এতিয়া ৰাম মন্দিৰত ভগৱান শ্ৰী ৰাম অকলশৰীয়া নহয়; তেওঁৰ পত্নী সীতা, ভাতৃ লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, ভক্ত হনুমান আৰু গুৰু বশিষ্ঠও তেওঁৰ সৈতে ৰাজদৰবাৰত আসনাধিষ্ঠ হৈছে। এই সমগ্ৰ দৃশ্যৰ দ্বাৰা এতিয়া স্বাভাৱিকতেই ভক্তসকলৰ মানসপটত বেদ-পুৰাণ-ৰামায়নত বাখ্যা কৰা ত্ৰেতাযুগৰ সেই ঐশ্বৰ্যকৰ ৰামৰাজ্যৰ দৃশ্য ভাহি উঠিব। অযোধ্যাত আজিও যেন তেনে একে দৃশ্যই প্ৰাণ পাই উঠিছে!
ধৰ্ম গ্ৰন্থসমূহত বাখ্যা কৰা অনুসৰি, ভগৱান ৰামৰ দৰবাৰ আছিল ন্যায়, কৰুণা আৰু ধৰ্মৰ প্ৰতীক। সিংহাসনত বহি থকা সময়ত তেওঁ নিজৰ প্ৰজাৰ প্ৰতিটো সুখ-দুখক নিজৰ দায়িত্ব বুলি গণ্য কৰিছিল। তেওঁ কেৱল মাত্ৰ ৰজা নাছিল; তেওঁ আছিল তপস্যা, ত্যাগ আৰু সেৱাৰ জীৱন্ত মূৰ্তি। আজি ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰাম দৰবাৰৰ দৃশ্যও তেনে এক ভাৱেৰেই সজাই তোলা হৈছে।
সোণেৰে আবৃত সিংহাসন, আসনৰ দুইফালে সিংহৰ মূৰ্তি আৰু তাৰ চাৰিওফালে থিয় হৈ থকা তেওঁৰ পৰিয়াল আৰু দাস-দাসীৰ সজোৱা হৈছে দৰবাৰ। ভক্তৰ বাবে এয়া যেন কেৱল স্থাপত্য শিল্প নহয়, ই এক বিশ্বাসৰ মূৰ্তি। অযোধ্যাৰ ৰাম মন্দিৰৰ ৰজা ৰামৰ এই ৰাজদৰবাৰৰ দৃশ্যই ভক্তসকলক যেন আশ্বস্ত কৰে, ৰামৰাজ্য কেৱল এক কল্পনা নহয়, বৰঞ্চ এক জীয়া প্ৰেৰণা।
ৰামৰাজ্যৰ অৰ্থ আছিল সত্য আৰু ন্যায়ৰ শাসন, জনসাধাৰণৰ কল্যাণ আৰু ৰজাৰ অহৰহ সেৱাৰ মনোভাৱ এই ৰাজ দৰবাৰে যেন ভক্তসকলক তাৰেই এক আভাস দিছে। ভক্তসকলে যেতিয়া এই ৰাজদৰবাৰত প্ৰৱেশ কৰিব, তেতিয়া যেন তেওঁলোকে ত্ৰেতাযুগৰ সেই সোণালী যুগৰ এক পূৰ্ণ আভাস লাভ কৰিব আৰু সমগ্ৰ পৰিৱেশত ৰাম-নামৰ ধ্বনি প্ৰতিটো দিশতে প্ৰতিধ্বনিত হৈছে।