শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এটা ফোনকলৰ দ্বাৰা ৰহস্যভেদ, পৰ্যটকৰ বেশত ৰাজা-সোনমৰ সৈতেই গৈছিল চুপাৰী কিলাৰ

যোৱা ২২ মে’ত দম্পতীটোৱে এখন স্কুটী ভাৰাত লৈ মাউলাখিয়াট গাঁৱত উপস্থিত হয় আৰু তাৰ পৰা ৩০০০ চিৰি বগাই নংৰিয়াট গাঁৱৰ বিখ্যাত ‘লিভিং ৰুট ব্ৰীজ’ চাবলৈ সক্ষম হয় । ৰাতিটো হোমষ্টেত কটায় দুয়ো । তাৰ পিছত ২৩ মে’ত দুয়োজনেই ৰাতিপুৱা তাৰ পৰা গুচি যায় । ইয়াৰ কেইঘণ্টামান পিছতে দুয়োজন সন্ধানহীন হৈ পৰে ।

এটা ফোনকলৰ দ্বাৰা ৰহস্যভেদ, পৰ্যটকৰ বেশত ৰাজা-সোনমৰ সৈতেই গৈছিল চুপাৰী কিলাৰ
সোনমক গ্ৰেপ্তাৰImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 09 Jun 2025 13:14 PM

এটা ৰহস্যঘন ঘটনা আৰু তাৰ ৰহস্যভেদ । যি ৰহস্যভেদে গাৰ নোম ডাল ডাল কৰিব আপোনাৰ । যোৱা ১১ মে’ত বিয়া আৰু বিয়াৰ এপষেক নৌহওঁতেই নিজ হাতেৰেই শিৰৰ সেন্দূৰ মচিলে এগৰাকী ন-কইনাই । হয়, যোৱা কেইবাদিনো ধৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা-সোনমৰ কথাই কৈছোঁ । আৰম্ভণিৰ পৰা কাহিনীটো জানো আহক-

১১ মে’ ২০২৫, মধ্যপ্ৰদেশৰ ৰাজা ৰঘুবংশী আৰু সোনমৰ বিবাহ সম্পন্ন হয় । দুয়োৰে পৰিয়াল এই বিয়াক লৈ খুবেই সুখী আছিল । বিয়াৰ পাছত আন নৱ দম্পতীৰ দৰেই ৰাজা আৰু সোনমেও হানিমুনৰ পৰিকল্পনা কৰে । প্ৰথমে পৰিকল্পনা হৈছিল যে দুয়ো অসমৰ কামাখ্যা মন্দিৰত সেৱা জনাব আৰু তাৰ পৰা কাশ্মীৰলৈ যাব । ২০ মে’ত দুয়ো কামাখ্যা দৰ্শন কৰে । তাৰ পাছত কাশ্মীৰৰ পৰিৱৰ্তে মেঘালয় যোৱাৰ পৰিকল্পনা কৰে । ২০ মে’তেই দুয়ো উপস্থিত হ’ল মেঘালয়ত । তাৰ পাছত সংঘটিত ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰে ।

আৰক্ষীৰ মতে, যোৱা ২২ মে’ত দম্পতীটোৱে এখন স্কুটী ভাৰাত লৈ মাউলাখিয়াট গাঁৱত উপস্থিত হয় আৰু তাৰ পৰা ৩০০০ চিৰি বগাই নংৰিয়াট গাঁৱৰ বিখ্যাত ‘লিভিং ৰুট ব্ৰীজ’ চাবলৈ সক্ষম হয় । ৰাতিটো হোমষ্টেত কটায় দুয়ো । তাৰ পিছত ২৩ মে’ত দুয়োজনেই ৰাতিপুৱা তাৰ পৰা গুচি যায় । ইয়াৰ কেইঘণ্টামান পিছতে দুয়োজন সন্ধানহীন হৈ পৰে ।

গাইড ভকুপাৰ বাংশায়ে কয়- “মাউলাখাইটৰ পৰা নংৰিয়াট পাবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে । ইয়াৰ লগতে প্ৰায় ৩০০০ চিৰি নামিবলগীয়া হয় । ২২ মে’ত দম্পতীটোৱে মোক ফোন কৰিছিল । আবেলি ৩:৩০ বাজিছিল । মই নাকচ নকৰি সিহঁতক নংগ্ৰিয়াটলৈ লৈ যোৱাৰ সিদ্ধান্ত ললোঁ । শিপৰা হোমষ্টেত থৈ মই গুচি গ’লোঁ ৷ আন এজন গাইড এলবাৰ্ট পেডো তেওঁলোকৰ লগত আছিল ।” বাংশাই আৰু কয়, “আমি পিছদিনা (২৩ মে’)ও আমাৰ সেৱা আগবঢ়াইছিলো । কিন্তু তেওঁলোকে নাকচ কৰিলে । তেওঁলোকে ক’লে যে তেওঁলোকে বাটটো চিনি পায় ।” বাংশায়ে আৰক্ষীক জনোৱা মতে, সোণমে বেছিভাগেই ইংৰাজীত কথা পাতিছিল ।

এই ব্যক্তিজনে তেওঁলোকক শেষবাৰৰ বাবে দেখিছিল

২৩ মে’ৰ পুৱা ৬ বজাত হোমষ্টেৰ পৰা ওলাই আহিছিল ৰাজা-সোনম । এলবাৰ্ট পেডেই আছিল তেওঁলোকক দেখা পোৱা শেষ ব্যক্তি । পুৱা ১০ বজাত মাউলাখাইট গাঁৱৰ অভিমুখে ৩ হাজাৰ চিৰি বগাই যোৱা দম্পতীটোক দেখা পায় এলবাৰ্টে । তেওঁলোকৰ লগত তিনিজন মানুহ আছিল, যাক তেওঁ পৰ্যটক বুলি ভাবিছিল । ইয়াৰ পিছত সোণম আৰু ৰাজা দুয়োজনেই সন্ধানহীন হৈ পৰে । এলবাৰ্টৰ মতে, “যেতিয়া তেওঁ ৰাজা-সোণমক দেখিছিল, চাৰিজন মানুহ আগবাঢ়ি গৈ আছিল, আনহাতে মহিলাগৰাকী পিছফালে আছিল । চাৰিওজনে হিন্দীত কথা পাতি আছিল যদিও মই কেৱল খাচী আৰু ইংৰাজী জানো বাবে তেওঁলোকে কি কৈছে বুজিব পৰা নাছিলো ।” গাইডজনে দাবী কৰে- “মই মাউলাখাইট পোৱাৰ সময়লৈকে তেওঁলোকৰ স্কুটীখন নাছিল ।”

শাহুৱেকৰ লগত কথা পাতিছিল সোণমে

দুয়োৰে সন্ধান চলি আছিল, ইফালে সোণম আৰু শাহুৱেকৰ মাজত হোৱা কথা-বতৰাৰ অডিঅ’ পোহৰলৈ আহিছিল । শাহুৱেকে কিবা খাইছে নেকি বুলি সুধিলে- সোণমে ক’লে- “ইয়াত একো পোৱা নাই । এঠাইত গাখীৰ লৈছিলো, আধা গিলাচ গাখীৰত বহুত পানী মিহলি আছিল । কফি খালোঁ, সেইটোও সোৱাদ লগা নাছিল । মই পেলাই দিলোঁ ।” সোণমে এইটোও ক’লে যে তেওঁলোকে ইয়াত জলপ্ৰপাতটো চাবলৈ ওলাইছে । ইয়াৰ পিছত ফোনটো বিচ্ছিন্ন হৈ পৰিল । সেয়াই আছিল শেষ কথা পতা । তাৰ পাছতেই নিৰুদ্দেশ হৈ পৰে দুয়ো ।

২ জুনত জলপ্ৰপাতৰ ওচৰত উদ্ধাৰ মৃতদেহ

২ জুনত ভেইছাৱডং জলপ্ৰপাতৰ সমীপৰ এটা দ খাৱৈত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয় । ৰাজাৰ ভাতৃ বিপিনে মৃতদেহটো চিনাক্ত কৰে । তাকো মৃতদেহৰ হাতত থকা ‘ৰাজা’ লিখা টেটুৰ পৰা । কিন্তু সোণমক বিচাৰি পোৱা নগ’ল । প্ৰথম অৱস্থাত দুয়োৰে দুৰ্ঘটনা হোৱা বুলি ভবা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ৰাজাক চোকা অস্ত্ৰৰে হত্যা কৰা বুলি জানিব পৰা গৈছে । ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিনৰ মতে এই লোকসকল যোৱা অঞ্চলটো অপৰাধৰ বাবে কুখ্যাত । বাংলাদেশ এই অঞ্চলৰ অতি ওচৰত । ইয়ালৈ অহাৰ পাছত সোনমক অপহৰণ কৰি বাংলাদেশলৈ লৈ লোৱা বুলি ভবা হৈছিল ।

অৱশেষত উদ্ধাৰ সোণমক

আৰক্ষীৰ দলে সোণমক বিচাৰি ফুৰিছিল । তাৰ পিছত ইয়াৰ মাত্ৰ সাত দিনৰ পিছতে এই গোচৰত আৰক্ষীয়ে ডাঙৰ সফলতা অৰ্জন কৰিলে । ৯ জুনত উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা আৰক্ষীয়ে সোণমক গ্ৰেপ্তাৰ কৰে । এই কথা নিশ্চিত কৰিছে গাজীপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ প্ৰসাদে । মেঘালয়ৰ ডিজিপিয়ে কয় – “হত্যাকাণ্ডৰ গোচৰত ৰাজাৰ পত্নী সোণম জড়িত আছিল । ৰাজাক হত্যা কৰিবলৈ তেওঁ ভাড়াতীয়া হত্যাকাৰীক মাতিছিল ।”

মধ্যপ্ৰদেশৰ সেই তিনিজন আক্ৰমণকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । লগতে এজন অভিযুক্তৰ সন্ধান এতিয়াও চলি আছে । গাজীপুৰ আৰক্ষীয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাত উদ্ধাৰ হয় সোণম ৰঘুবংশীক। তেওঁ মানসিকভাৱে অস্থিৰ হৈ আছে । এই ঘটনা সন্দৰ্ভত তেওঁ বৰ্তমান একো কোৱা নাই ।

আচলতে সোণমে ফোনযোগে পৰিয়ালৰ লগত যোগাযোগ কৰিছিল । তাৰ পিছত আৰক্ষীয়ে সোণমক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি সোণমক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । এই ঘটনাৰ তদন্তত প্ৰকাশ পাব কিয়, কিদৰে সোনমে প্ৰাণ ল’লে নিজৰেই স্বামীৰ । পৰকীয়া প্ৰেমৰো সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনা সন্দৰ্ভত ।