এগৰাকী মহিলাও আছিল ৰাজ-সোনমৰ টাৰ্গেটত, ৰাজৰ পৰিকল্পনা মতেই হত্যা, বোৰ্খা পিন্ধি পলাইছিল সোনম
অতি শেহতীয়াভাৱে ৰাজাৰ পত্নী সোনম আৰু প্ৰেমিকক লৈ এক নতুন তথ্য পোহৰলৈ আহিছে। মেঘালয় আৰক্ষীৰ মতে, ৰাজাৰ হত্যাকাণ্ডৰ পিছত সোনম আৰু ৰাজ দুয়োগৰাকীয়ে এগৰাকী মহিলাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, যাতে আৰক্ষীক বিপথে পৰিচালিত কৰিব পৰা যায়।

ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ইটোৰ পিচত সিটো তথ্য পোহৰলৈ আহিছে। হত্যাৰ মূল অভিযুক্ত সোনমৰ পৰিকল্পনা দেখি আৰক্ষীও হৈছে হতবাক। এনেকুৱা এটা ঘটনা য’ত হত্যাৰ অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে, তথাপিও হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ওৰ পৰা নাই। এই গোচৰত অহৰহ চাঞ্চল্যকৰ তথ্য প্ৰকাশ হৈ আছে। অতি জটিল পৰিকল্পনাৰে আগবঢ়িছিল সোনম আৰু প্ৰেমিক ৰাজ।
অতি শেহতীয়াভাৱে ৰাজাৰ পত্নী সোনম আৰু প্ৰেমিকক লৈ এক নতুন তথ্য পোহৰলৈ আহিছে। মেঘালয় আৰক্ষীৰ মতে, ৰাজাৰ হত্যাকাণ্ডৰ পিছত সোনম আৰু ৰাজ দুয়োগৰাকীয়ে এগৰাকী মহিলাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, যাতে আৰক্ষীক বিপথে পৰিচালিত কৰিব পৰা যায়। অৰ্থাৎ যিকোনো এগৰাকী মহিলাক হত্যা কৰি জ্বলাই দিব, যাতে পুলিচে সোণমৰ মৃতদেহ বুলি ভাবি লয়।
মেঘালয় আৰক্ষীয়ে ইতিমধ্যেই বুজিব পাৰিছে যে সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাই হত্যাৰ চক্ৰান্তৰ মাষ্টাৰমাইণ্ড আৰু সোনমে ৰাজক সহযোগ কৰিছিল। সোনমক সোধা-পোছা কৰাৰ প্ৰথম দিনাই প্ৰেমিক ৰাজ আৰু আন তিনিজনেও প্ৰকাশ কৰে যে তেওঁ (সোনম) মেঘালয়ৰ পৰা বোৰ্খা পিন্ধি পলায়ন কৰি টেক্সি, বাছ, ৰেল আদি বিভিন্ন যাতায়ত মাধ্যম ব্যৱহাৰ কৰি মধ্যপ্ৰদেশৰ ইন্দোৰত উপস্থিত হৈছিল।
আচল মাষ্টাৰমাইণ্ড ৰাজ
আৰক্ষী অধীক্ষকে কয়- ৰাজ আৰু সোনমে বিয়াৰ ঠিক পিছতেই ১১ মে’ত মেঘালয়ত ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। পৰিকল্পনা ৰাজৰ আছিল আৰু সোনমে সন্মতি দিছিল। আৰক্ষী অধীক্ষক বিবেক ছায়ামে কয়- বাকী তিনিজন অভিযুক্ত ৰাজৰ বন্ধু। এইটো হত্যাৰ চুক্তি দিয়া গোচৰ নহয়। কিন্তু পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। বন্ধুৱে ৰাজক সহায় কৰিবলৈ এই সকলোবোৰ কৰিছিল।
ৰাজাক হত্যাৰ বাবে দুটা পৰিকল্পনা কৰা হ’ল
আৰক্ষী বিষয়াজনে কয় যে ৰাজে তেওঁলোকক খৰচৰ বাবে ৫০ হাজাৰ টকা দিছিল। ৰাজাক হত্যাৰ বাবে দুটা পৰিকল্পনা কৰা হ’ল। প্ৰথম পৰিকল্পনা আছিল যে চেলফি লোৱাৰ সময়ত ৰাজাক ঠেলি দিয়া হ’ব। যদি এনেকুৱা নহয় তেন্তে প্লেন-বি মানি চলা হ’লহেঁতেন। অৰ্থাৎ প্ৰথমে ৰাজাক হত্যা কৰা হ’ব। তাৰ পিছত তেওঁক খাৱৈত ঠেলি দিয়া হ’ব। প্ৰথম পৰিকল্পনা বিফল হোৱাত অভিযুক্তই প্লেন-বি অনুসৰণ কৰি ৰাজাক হত্যা কৰে।