শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুঁজিপতিক ৰেহাই দি সাধাৰণ লোকৰ ওপৰত জাপি দিব বিচাৰিছে কৰৰ বোজা ! কেন্দ্ৰীয় চৰকাৰৰ কৰ নীতিক সমালোচনা ৰাহুলৰ

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে যে, মোদী চৰকাৰে দেশৰ সাধাৰণ জনতাৰ ওপৰত কৰ বোজা বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে পুঁজিপতিসকলক কৰ ৰেহাই দিয়াৰ ব্য়ৱস্থা কৰিছে ।

পুঁজিপতিক ৰেহাই দি সাধাৰণ লোকৰ ওপৰত জাপি দিব বিচাৰিছে কৰৰ বোজা ! কেন্দ্ৰীয় চৰকাৰৰ কৰ নীতিক সমালোচনা ৰাহুলৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধী
manas-borah
Manas Borah | Updated On: 07 Dec 2024 19:14 PM

কৰ নীতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে যে, মোদী চৰকাৰে দেশৰ সাধাৰণ জনতাৰ ওপৰত কৰ বোজা বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে পুঁজিপতিসকলক কৰ ৰেহাই দিয়াৰ ব্য়ৱস্থা কৰিছে ।

তেওঁ কয়,পুঁজিপতিক কৰ ৰেহাই দি সাধাৰণ জনতাক লুটপাত কৰাৰ আন এটা উদাহৰণ চাওক। এফালে কৰ্পৰেট কৰৰ তুলনাত আয়কৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আনহাতে মোদী চৰকাৰে ‘গব্বৰ সিং টেক্স’ৰ নামত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কষ্টোপাৰ্জিত ধনক লক্ষ্য কৰি লৈছে। ৰাহুল গান্ধীয়ে দাবী কৰিছে যে, চৰকাৰে জি এছ টি (সামগ্ৰী আৰু সেৱা কৰ) সংগ্ৰহ বৃদ্ধিৰ বাবে নতুন কৰ স্লেব প্ৰৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে।

সাধাৰণ ৰাইজৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত জি এছ টিৰ হাৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ দাবী কৰিছে । চৰকাৰে বিশেষকৈ ১৫০০ টকাতকৈ অধিক মূল্যৰ কাপোৰৰ জি এছ টি ১২%ৰ পৰা ১৮%লৈ বৃদ্ধি কৰিবলৈ ওলাইছে বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে । ইয়াক ‘গব্বৰ সিং কৰ’ আখ্যা দি ৰাহুল গান্ধীয়ে কয় যে, চৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কষ্টোপাৰ্জিত ধনক লক্ষ্য কৰি লৈছে।

ৰাহুল গান্ধীয়ে দাবী কৰে যে, কোটিপতিসকলক কৰ ৰেহাই দিয়া হৈছে আৰু তেওঁলোকৰ বিশাল ঋণ ৰেহাই দিয়া হৈছে। ইয়াক জনসাধাৰণৰ প্ৰতি এক ভয়াৱহ অন্যায় বুলি অভিহিত কৰে কংগ্ৰেছ নেতা গৰাকীয়ে । কংগ্ৰেছ দলে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব বুলিও আশ্বাস দিছে কংগ্ৰেছ নেতা গৰাকীয়ে ।

কংগ্ৰেছ নেতাগৰাকীয়ে আশ্বাস দি কয় যে, দলে চৰকাৰক হেঁচা প্ৰয়োগ কৰি সাধাৰণ জনতাৰ ওপৰত কৰ বোজা হ্ৰাস কৰাৰ লগতে এই লুণ্ঠন বন্ধ কৰিব। ৰাহুল গান্ধীয়েও জনসাধাৰণক আশ্বাস দিয়ে যে, কংগ্ৰেছ দলে এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিব। এই যুঁজখন দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ স্বাৰ্থ ৰক্ষাৰ বাবে বুলি মন্তব্য প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।

Latest News